Type Here to Get Search Results !

উফাইদাং

 নবীন চন্দ্ৰ মেধি


 

দোকানৰ ভিতৰতে সোমাই বিচনাখনতে বহি হোৱাটছএপত কবিতা এটা লিখিবলৈ আৰম্ভ কৰিছিলো ।  এনেতে আহিল দুটা ল'ৰা । এটাই ক'লে - 

: নবীনদা , চানা দুভাগ বনাওকচোন ।  

তাৰে এটাই কলেজত পঢ়ি আছে আৰু আনটোৱে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে । তাৰে এটা মস্ত উফাইদাং । নতুনকৈ কিনা চুপাৰ স্প্লেণ্ডাৰ এক্স টেকখন দোকানৰ সন্মুখতে ৰখাই থোৱা আছিল । দুয়ো আলোচনা কৰাত লাগিল । 

: মই ল'লে ৰয়েল এনফিল্ড এখনহে ল'ম । এইবোৰ গাড়ী বৰ ভাল নহয় । ৰয়েল এনফিল্ড কেটিএম আদিবোৰহে ভাল । 

: নহয় এইবোৰ গাড়ীহে ভাল । ওজনো কম । নবীনদা স্কুটিখন কি কৰিলে? বেচিলে নেকি ? 

Maestro Edge 125 cc  স্কুটিখন বিক্ৰী কৰি এইখন নতুনকৈ লোৱা চাৰি মাহ হ'ল । একেবাৰেই বেমাৰী গাড়ী । প্ৰথমতে এজনে ল'বলৈ মানা কৰিছিল যদিও পৰিবাৰেও চলাব পাৰিব বুলি ভাৱি সেইখনকে লৈছিলোঁ । পাঁচ বছৰ সম্পূৰ্ণ নহ'লেই তিনিবাৰকৈ ব্লক বদলি কৰিলো আৰু অৱশেষত আকৌ যেতিয়া ব্লক বেয়া হ'ল , এই কথাই কথা নহয় ইয়াক বেচি দিয়া যাওক বুলি ডিলাৰত কথাষাৰ সুধি চালো । 
উত্তৰ আহিল - 

২২,০০০ টকা দিব পৰা হ'ব । 

২২,০০০ কিলোমিটাৰ চলোৱা হৈছিল । মানে এই পাঁচ বছৰত দুই লাখ টকাৰ ওপৰত গাড়ীখনে খালে । এতিয়া গাড়ীখনৰ মূল্য মাত্ৰ ২২,০০০ টকা । হওক দিয়া গাড়ীখন বিক্ৰী কৰি দিম । 

: হেৰি কৰক আপুনি গাড়ীখন একচেঞ্জ কৰক । মানে বদলি কৰি আন এখন লৈ যাওক । অফাৰ চলি আছে । 

: নাই নাই এতিয়া নহয় কেইদিনমান পিছত ল'ম । 

: নহয় দাদা আজিয়েই লৈ যাওক । খৰচ বেছি নপৰে নহয় । 

বহু সময় হা না একো নকৰি তলমুৱাকৈ ৰ'লো । 

মৌনং সন্মতি লক্ষণং বুলি ভাবি ডিলাৰৰ মানুহকেইজনে ধৰি বান্ধি দিয়াদি দাদা আপোনাৰ কাৰণে এইখনেই ভাল ( চুটি চাপৰ মানুহ ) হ'ব বুলি কৈ কাগজ পত্ৰ উলিয়াই আনি লিখা মেলা কৰি দি পঠিয়াইছিল । 

এতিয়া আকৌ এই গাড়ীখন ভাল নহয় অমুকখনহে ভাল বুলি কৈ অমুকখন ল'ম বুলি যহ ফুটনি মাৰি মোকেই শুনাই থকা যেন অনুভৱ কৰি দাং খাই উঠিলো - 

: হেৰৌ বাপেৰৰ ধনেৰে অমুক ল'ম ভুচুক ল'ম কৰি থকাতকৈ নিজে উপাৰ্জন কৰি নতুন চাইকেল এখনকে লৈ চা চোন । তেতিয়া অনুভৱ কৰিব পাৰিবি গাড়ী কোনখন ভাল আৰু দাম কিমান ? বুজিছ , আনে কিনা গাড়ীখনৰ ওপৰত মন্তব্য আগবঢ়ায় থাকি লাভ নাই । বাপেৰে লোকৰ ঘৰত চপনীয়া খাটি দিন পাৰ কৰিছে । নিজৰ মাটি বাৰী নাই । হাজিৰা কাম নকৰিলে চলিবলৈ উপায় নাই । গতিকে ফুটনি মাৰি দিন পাৰ কৰাতকৈ ভালকৈ পঢ়া শুনা কৰ । পাৰ যদি চাকৰি এটা যোগাৰ কৰি লৈ তোৰ সপোনৰ বাইকখন কিনি চলাই থাকিবি । 

অলপ উষ্মাৰেই কথাষাৰ কৈ জ্বলাচানা বনাবলৈ লৈছিলোঁ ।  তাৰ পিছত অলপ নৰম হৈ ক'লো - 

: দেখিছ নহয় আজি ২০ বছৰে , বি এ পাছ কৰিও চাকৰি নাপাই কেনেকৈ চলিব লগা হৈছে । টেট , ডি এল এড কৰাৰ পিছতো চৰকাৰে চাকৰি দিব পৰা নাই । আমাৰ জীৱনটো এনেকৈয়ে পাৰ হ'ব । তহঁতে কিমান পাৰ চেষ্টা কৰ । চাকৰি পালে নিচিন্ত মনে জীৱন পাৰ কৰিব পাৰিবি । নহ'লে ব্যৱসায় কৰিব লাগিব , হাজিৰা কাম কৰিব লাগিব , বেপাৰ বাণিজ্য তথা কৃষি কৰ্ম কৰি চলিব লাগিব । খেতি কৰিবলৈ মাটি ক'ত ? গতিকে কোম্পানীৰ কাম কৰিবলৈ অসমৰ বাহিৰলৈ ওলাই যাব লাগিব । দৰমহা দিব দহ হাজাৰ বা পোন্ধৰ হাজাৰ টকা । তাৰে নিজেও খাব লাগিব ,  ঘৰলৈও পঠিয়াব লাগিব আৰু নিজৰ বাবে সঞ্চয় কৰিব লাগিব । তোৰ সপোনৰ বাইকখন কিনিবলৈ কিমান দিন লাগিব ভাবি চা চোন । 

সিহঁতৰ লগত লেকচাৰ মাৰি থাকোঁতে চানা বনাই হৈছিল । সিহঁতে চানা খাই খাই হয় বাৰু কথাষাৰ , বুলি কৈ ঘৰলৈ ৰাওনা হৈছিল । 

দোকানত থাকি থাকি মানুহবোৰৰ সতে ইটো সিটো কথা বতৰা পাতি থাকোঁতেই মোৰ মুখখনো অকনমান বেছিকৈ চলা নাইতো ? এনেকৈ হ'লে দোকানত লালবাতি জ্বলাতো খাটাং ।