Type Here to Get Search Results !

নাৰী মই সৰ্বকালৰ

 সবিতা বৰুৱা ফুকন


কম্ব মুনিৰ আশ্ৰমৰ
শকুন্তলা  মই ,
পাণ্ডুৰ  বোৱাৰী
পঞ্চ পাণ্ডৱৰ পত্নী
দ্ৰৌপদী   মই,
 মই য়ে কুন্তী
পাণ্ডুৰ   পত্নী   !

চ্যুকাফা দেশৰ ময়েই
মহাসতী জয়মতী,
মই য়ে বীৰাঙ্গনা
মূলাগাভৰু আৰু কনকলতা  !

অন্ধবিশ্বাসৰ  যন্ত্ৰণাৰে 
আবৃত্ত পৃথিৱীৰ
সাহসী কল্পনা চাওলা মই
ভাল পোৱাৰ অৰ্থ
হেৰুৱা ‌ পৃথিৱীৰ
দীপালী বৰঠাকুৰ মই  !
নাৰী  মই সৰ্বকালৰ   ।