Type Here to Get Search Results !

সকলো কবিয়েই শিলৰ প্ৰেমিক

 সঞ্জীৱ বাইলুং

শিল কঠিন

শিলত আছে ৰং
শিলে শিলে ঠেকা খালেও
শিলে কোনো কাহানিও
নকৰেযে খং ৷

শিলবোৰ আপোন ভোলা
শিল শুই থাকে 
পাহাৰে -ভৈয়ামে
নদ-নদী , জান-জুৰি
বাট-পথ সকলোতে ৷

শিল নিস্বাৰ্থ প্ৰেমিক 
শিলক পদাঘাত কৰিলেও
শিল নিমাত-নিস্তব্ধ 
নিজৰ বিশ্বাসতেই
অচল-অটল ৷

সকলো কবিয়েই
শিলৰ প্ৰেমীক ৷
কবিয়ে —
শিলত ৰচিব পাৰে
জীৱনৰ গান
শিলত খোদিত কৰি
কবিতা লিখি
কোমল হৃদয়েৰে
ৰসৰ সমাৱেশ ঘটাই
সুধা কৰিব পাৰে পান ৷

লাকুৱা
ভ্ৰাম্যভাষঃ ৭০৮৬৬৯৬২০১