Type Here to Get Search Results !

মোৰ স্বপ্নৰ বাটত

 দীপালী শইকীয়া গগৈ


প্ৰভাতৰ আগমনে আনে জাগৰণ
বিশ্বব্ৰক্ষ্মাণ্ডৰ সকলো প্ৰাণীৰ বাবে
বতাহত ভাঁহি আহে জীৱন জোনাক
পানীৰ সোঁতৰ দৰেই আগবাঢ়ে সময় প্ৰবাহ
সাগৰৰ তীৰে তীৰে ভ্ৰমি ফুৰোঁতে
মলয়াই বিচি যোৱা মোৰ হৃদয়  কুঞ্জবন হৈছে অতিকৈ শান্ত
নবপ্ৰভাতৰ সোণালী কিৰণে
জন্ম দিছে হাজাৰ হাজাৰ আকাঙ্ক্ষাক
প্ৰতিপালন কৰি সপোন ৰচোঁ
মোৰ স্বপ্নৰ বাটত
শুনি ৰওঁ মোৰ আদৰ্শ ব্যক্তিৰ
সুকোমল পদধ্বনি
মোৰ খোজে খোজে যেন তেওঁৰ খোজৰ কম্পন
মোৰ চৌপাশত ভাল লগা শব্দৰ অনন্ত উন্মেষ
সেউজীয়া মুগ্ধ বনভূমিয়ে
মোৰ প্ৰাণত সঞ্চাৰ কৰে
মিঠা মিঠা অনুভৱৰাশি ৷

আমগুৰি