Type Here to Get Search Results !

ফাগুনৰ ফুল

 ধীৰেন কুমাৰ বৰঠাকুৰ


ফাগুন মাহ আহিলে
    প্ৰতি গছে-গছে
কি কি ফুল ফুলি উঠে
     জানা তোমালোকে?

মদাৰ আৰু পলাশ
      ডালভৰি ফুলে
ফুলেৰে শিমলুজোপা 
      ৰঙা কৰি তোলে।

ৰঙা-বগা-গুলপীয়া
      কাঞ্চন ফুলেৰে
ফাগুনক সজাইহি
     অতি উলাহেৰে।

বাগানভিলা জোপাও 
      ফুলেৰে ওপচে
তিতাফুল ফুলি উঠে
      বাৰি ঢাপে-ঢাপে।

নেমু ফুলৰ সুগন্ধি
      বতাহত ভাহে
প্ৰতি জোপা টেঙাগছ
     ফাগুনতে ফুলে।

আমগছজোপা চোঁৱা
      মলিয়াব ধৰে
ভোমোৰা মৌ-মাখি আহি
      মধুপাণ কৰে।

শাকনিত লাই-মূলা
      সকলোৱে ফুলে
তাৰ মাজে পখিলাই
      নাচি-নাচি ফুৰে।

ফাগুন হয় ফুলেৰে
      ৰমক-জমক
ধূলি য়ে ঢৌৱাই কৰে
       জলক্-তবক্।


ধিতাই পুখুৰী,শিৱসাগৰ।