Type Here to Get Search Results !

মৌন দুটি ওঁঠ (অণুগল্প)

 ছৈয়দা চায়ৰা বেগম , নাজিৰা নগৰ 


বুমনে বৰকৈ কিবা এটা ভাবি মনমাৰি থাকে ৷বুমনৰ মাক-দেউতাক দুয়ো চাকৰিয়াল ৷ বুমনৰ ককাক এজন অৱসৰ প্ৰাপ্ত শিক্ষক ৷বুমনৰ মাকে সদায়ে বুমনক ককাকৰ কাষৰ পৰা আঁতৰাই ৰুমৰ ভিতৰতে ৰাখে ৷স্কুল চুটিৰ পিছত একেবাৰে অফিচৰ পৰা লগতে বুমনক আনি ৰুমতে ৰাখে ৷
    নাতিয়েকৰ সেই মৌন ওঁঠ দুটিয়ে ককাকক বৰকৈ চিন্তাত পেলালে ৷ বুমনৰ মাক আৰু দেউতাকে বুমনক এজন ভাল মনোৰোগ বিশেষজ্ঞ এজনক দেখুৱাবৰ বাবে কথা পাতি থকা শুনি ককাকৰ সহ্য নহ’ল আৰু একপ্ৰকাৰ জোৰকৈ বুমনক ৰুমৰ পৰা উলিয়াই আনিবলৈ ক’লে ৷ পুতেকে বুমনক আনি ককাকৰ কাষত দিলে ৷ককাকে বুমনক কাষতে বহোৱাই লৈ 'ঔকুঁৱৰীৰ সাধু, 'মাখিয়ে মিঠাই খোৱা'সাধু এফালৰ পৰা ক’বলৈহে পালে বুমনে সাধু শুনি হাঁহিবলৈ ধৰিলে আৰু ককাকক নানা প্ৰশ্ন সুধিবলৈ ধৰিলে ৷এইদৰে বুমনে প্ৰাণখুলি ককাকৰ লগত কথা পাতিবলৈ ল’লে ৷