এছ ইছলাম, শিক্ষক পঃ মইনবৰী,বৰপেটা
 শীতৰ অন্তত
 বসন্তৰ আগমন
 কুলি-কেতেকীৰ সুৰীয়া মাত
 ফাগুন ফাগুন লাগিছে গাত ।
 গছে গছে মেলিছে 
 নতুন নতুন কুঁহিপাত 
 উতলা ফাগুনে কঁপাইছে
 গোটেই সেউজী জগত।
 আমে মলিয়ালে
 কঠালে পেলালে মুচি 
 আই বসুন্ধৰা ৰজঃস্বলা এৰি
 হৈ পৰিল একেবাৰে শুচি ।
 বাটে-ঘাটে সৰাপাত 
 শিমলুৱে সলালে পাত 
 বা-মাৰুলিয়ে ধুঁৱলি-কুঁৱলী 
 কৰিছে গোটেই জগত ।
 উতলা ফাগুনৰ বতৰত
 ফাকুৱাৰ ঐ উছৱত
 শিহঁৰণ উঠে মোৰ গাত
 বলিয়া বলিয়া ভাৱ মনত।
পছোৱা বতাহত 
মন মোৰ হৰষিত
এজাক বৰষুণ পৰিল
ধৰণী সজীৱ হৈ উঠিল।

 
 
 
 
