Type Here to Get Search Results !

নোবেল বঁটা অন্তৰালৰ ব্যক্তিজন

 ৰঞ্জিত চুতীয়া


নোবেল বঁটাটোক বিশ্বৰ সকলোতকৈ শ্ৰেষ্ঠ বঁটা বুলি অভিহিত কৰা হয়। এই  বঁটাই বিশ্ববিখ্যাত বিজ্ঞানী, সাহিত্যিক আৰু অৰ্থনীতিবিদৰ দৃষ্টি সন্মোহিত কৰি তোলে। ব্যক্তি বিশেষলৈ আগবঢ়োৱা বিশ্বৰ আটাইতকৈ বেছি লোভনীয় বঁটা এইটো। এই বঁটা ছয় টা বিভাগত প্ৰদান কৰা হয়। সেই কেইটা হ'ল - পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ঔষধ, সাহিত্য, অৰ্থবিজ্ঞান আৰু শান্তি।
                    এই মহৎ বঁটাটোৰ অন্তৰালৰ ব্যক্তিজন হ'ল আলফ্ৰেড বাৰ্নাহাৰ্ড নোবেল। তেওঁ জন্ম হৈছিল ১৮৩৩ চনৰ ২১ অক্টোবৰত ছুইডেনৰ ষ্টকহ'মত। পিতৃৰ নাম আছিল ইমানুৱেল নোবেল আৰু মাতৃৰ নাম আছিল কেৰ'লিনা এণ্ড্ৰিয়েটা আলছেল। পিতৃ এজন উদ্ভাৱক উদ্যোগপতি আৰু কোনেও পদক্ষেপ নিদিয়া ক্ষেত্ৰবিলাকলৈ সোমাই পৰিবলৈ যথেষ্ট সাহসীলোক আছিল। তেওঁ বিশেষকৈ নিৰ্মাণ কৰিছিল অস্ত্ৰ-শস্ত্ৰৰ লগতে বন্ধুক আৰু বিস্ফোৰক। তেওঁৰ ব্যৱসায়ক 'মৃত্যুৰ বণিজ' বুলি ক্ষুদ্ধ শান্তিকামীসকলে নামাকৰণ কৰিছিল। নোবেলৰ প্ৰপিতামহ আছিল ১৭ শ শতিকাৰ ছুইডেনৰ এজন অসাধাৰণ বিজ্ঞানী। আলফ্ৰেডৰ জীৱনৰ লেখডালত স্পষ্ট হৈ পৰা সামৰ্থ্য আৰু উদ্যোগী মনোভাৱ সমগ্ৰ পৰিয়ালটোতে প্ৰবাহিত হৈ আহিছিল পূৰ্বৰ পৰাই।
                          আলফ্ৰেডে ছুইডেনত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। পিছত তেওঁৰ পিতৃয়ে জীৱিকাৰ সন্ধানত ৰাছিয়ালৈ যায়। তাত আলফ্ৰেডক ১৮৪৩ চনৰ পৰা ১৮৫০ চনলৈ ঘৰুৱা শিক্ষকৰ তত্বাৱধানত পঢ়িবলৈ দিয়া হৈছিল। জীৱনৰ প্ৰথম বছৰবোৰত আলফ্ৰেডৰ মেৰুদণ্ড খুব দুৰ্বল হোৱা বাবে তেওঁ বিচনাতে কেইবাদিনলৈ জিৰণি লৈ থাকিব লগা হৈছিল। তেওঁৰ অৱস্থাই আনি দিয়া নিঃসংগতা আৰু বিমৰ্ষতাই তেওঁক অন্য দিশত আমোদ বিচাৰিবলৈ দৃঢ় প্ৰতিজ্ঞ কৰালে। তেওঁৰ মানসিক দক্ষতাৰ উৎকৰ্ষ সাধন কৰাত লাগিল। তেওঁ বিজ্ঞান, সাহিত্য, বুৰঞ্জী আৰু দৰ্শনৰ সকলো বিষয়ৰে কিতাপ অধ্যয়ন কৰিবলৈ ল'লে। তেওঁ খুব কম দিনতে ৰুছ, ফৰাচী,জাৰ্মান আৰু ইংৰাজী চাৰিটা বিদেশী ভাষা আয়ত্ব কৰিলে।
                     আলফ্ৰেডৰ দেউতাকে তেওঁক ব্যৱসায় সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ আৰু উপযুক্ত মানুহক লগ পাব পৰাকৈ বিশ্বৰ নানা ঠাই ফুৰিবলৈ পঠালে। ১৮৫০ চনত এটা দুবছৰীয়া যাত্ৰাৰ বাবে আলফ্ৰেডে ঘৰৰ পৰা ওলাল। তেওঁ হামৰ্বাগ, কোপেনহেগেন, পেৰিচ, লণ্ডন আৰু যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিলে। ১৮৫২ চনৰ জুলাই মাহত তেওঁ দেউতাকৰ ব্যৱসায়ত যোগ দিলে আৰু খাৰ-বাৰুদ উৎপাদনৰ ক্ষেত্ৰত দেউতাকক সহায় কৰিবলৈ ল'লে।
                         ১৮৪৭ চনত আছকানো ছোব্ৰেৰোৱে নাইট্ৰ'গ্লিছাৰিণ আৱিস্কাৰ কৰিছিল। এই পদাৰ্থবিধ ভয়ংকৰ ভাবে বিস্ফোৰিত হয়। কোঠাৰ সাধাৰণ উষ্ণতাতে জুলীয়া অৱস্থাত থকা এই পদাৰ্থবিধ চুই মেলি থকাটো বিপদজনক আছিল। কিন্তু আলফ্ৰেড আৰু ভায়ক এমিলৰ লগত বিস্ফোৰক তৰল পদাৰ্থ নাইট্ৰ'গ্লিছাৰিণৰ বিষয়ে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে। ১৮৬২ চনত তেওঁলোকে নাইট্ৰ'গ্লিছাৰিণৰ প্ৰথমটো নিয়ন্ত্ৰিত বিস্ফোৰণ ঘটাবলৈ সক্ষম হ'ল। ১৮৬৩ চনত আলফ্ৰেডে ইয়াৰ বাবে এটা ডিটোনেটৰ পেটেন্ট কৰে। মাৰ্কাৰি ফুলমিনেট নামৰ পদাৰ্থৰ সহায়ত প্ৰথম ডিটোনেটৰটোৱে এটা প্ৰাথমিক বিস্ফোৰণ ঘটায়। এই প্ৰাথমিক বিস্ফোৰণে দ্বিতীয়বাৰ মূল বিস্ফোৰকখিনি জ্বলাই দিয়ে। কিন্তু দুভাগ্যজনক ভাবে ১৮৬৪ চনৰ চেপ্তেম্বৰত নাইট্ৰ'গ্লিছাৰিণৰ বিস্ফোৰণ ঘটি ভায়েক এমিলৰ লগতে চাৰিজন শ্ৰমিকৰ মৃত্যু হয়। ছুইডেনৰ চৰকাৰে নাইট্ৰ'গ্লিছাৰিণৰ উৎপাদনৰ অনুজ্ঞাপত্ৰ তৎক্ষণাত বাতিল কৰি দিলে। কিন্তু আলফ্ৰেড হতাশ নহৈ কম দিনৰ ভিতৰতে পুনৰ আলাৰেণ হ্ৰদৰ দাঁতিত পৰীক্ষা আৰম্ভ কৰিলে। ১৮৭২ চনত তেখেতৰ পিতৃ ষ্ট্ৰকত আক্ৰান্ত হৈ মৃত্যু হয়। দুখৰ মাজতো ভাগি নপৰি তেওঁ বিপদমুক্ত বিস্ফোৰক নিৰ্মাণত মনোনিৱেশ কৰে। অক্লান্ত পৰিশ্ৰমৰ অন্তত ডিনামাইট আৰু ডিটোনেটৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ল। তেওঁ জাৰ্মান চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰও লাভ কৰিলে। এই আৱিষ্কাৰে শিল ভাঙিবলৈ সুৰংগ সৃষ্টি কৰিবলৈ সহজ কৰি দিলে। আলফ্ৰেড নোবেলে বিশ্বৰ বিশখন দেশৰ প্ৰায় নব্বৈটা অঞ্চলত কাৰখানা আৰু বিজ্ঞানাগাৰ স্থাপন কৰি সফল আৱিষ্কাৰক আৰু ব্যৱসায়ী হৈ পৰিল।
                      নোবেলৰ যশস্যা কেৱল বিস্ফোৰকৰ নিৰ্মাণৰ বাবেই হোৱা নাছিল। তেওঁ আছিল সুদক্ষ উদ্ভাৱক আৰু সকলোতে নিপুণ। বিদ্যুৎ ৰসায়ন, আলোক বিজ্ঞান, জীৱ বিজ্ঞান, শাৰীৰিক বিজ্ঞানকে আদি কৰি বহুবোৰ ক্ষেত্ৰতে তেওঁ নিপুণ আছিল। মৃত্যুৰ আগমুহুূৰ্তলৈকে তেওঁ ৩৫৫ টা সামগ্ৰী পেটেন্ট আছিল।
                      বিৰ্তকমূলক বৈশিষ্ট্যৰ অধিকাৰী আলফ্ৰেড শাৰীৰিক ভাবে লেখত ল'ব লগা নাছিল আৰু দুৰ্বল স্বাস্থ্যৰ বাবে দীৰ্ঘ দিন অসুস্থতাত ভূগিছিল। তেওঁ লাজুকীয়া, নিঃসংগ আছিল আৰু তেওঁৰ জীৱনত বিয়াই কৰোৱা নাছিল। জনসাধাৰণৰ তেওঁৰ প্ৰতি ধাৰণা আছিল যে তেওঁ এজন সমৰ্থবান ব্যৱসায়ী কিন্তু ব্যৱসায়ত নিৰ্দয় আছিল। এই বিৰ্তকিত স্বভাৱে তেওঁৰ বৃত্তি আৰু মৰণোত্তৰ ভাবমুৰ্ত্তি দুয়োটাকে প্ৰভাৱিত কৰিছিল। তেওঁৰ জীৱন কালত তেওঁক ঘৃণাৰ চকুৰে চোৱা হৈছিল। এদিন এটা সৰু ঘটনাই তেওঁক প্ৰভাৱ পেলাইছিল, যেতিয়া এখন বাতৰি কাকতে তেওঁ জীয়াই থাকোঁতেই ভূলক্ৰমে তেওঁৰ এটি মৰণোত্তৰ স্মৃতি লেখা প্ৰকাশ কৰি পেলাইছিল। ইয়াত তেওঁক 'মৃত্যুৰ বণিক' বুলি বৰ্ণনা কৰা হৈছিল। এই তিৰ্যক মন্তৱ্যক তেওঁ আগতে হোৱা হ'লে গুৰুত্ব নিদিলেহেঁতেন - তেওঁ দুখ পাইছিল কাৰণ তেওঁ লাহে লাহে মৃত্যুৰ কাষ চাপিছিল। তেওঁ উপলব্ধি কৰিছিল যে এনেদৰেই উত্তৰ পুৰুষে তেওঁক মনত ৰাখিব।
                       ১৮৯৫ চনৰ ২৭ নৱেম্বৰ তাৰিখে আলফ্ৰেড নোবেলে পেৰিছৰ ছুইডিছ নৰৱেন ক্লাৱত তেওঁৰ ইচ্ছাপত্ৰ লিখি চহী কৰে। তাত কোৱা হৈছিল যে তেওঁৰ জমা ধনৰাশিৰে এটা ফাণ্ড খুলিব লাগিব। তাৰ পৰা আহৰণ কৰা সুদৰ ধনেৰে পূৰ্ব বৰ্ষত মানৱ জাতিৰ কল্যাণৰ বাবে কৰা কৰ্মৰ বাবে বঁটা ঘোষণা কৰা হ'ব। এই ধন পাঁচটা সমান অংশত ভাগ হ'ব। এই অংশকেইটা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু বিশ্বশান্তিৰ ক্ষেত্ৰত সফল অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হ'ব। পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ বঁটাসমূহৰ প্ৰদান কৰিব ষ্টকহ'মত থকা কেল'নিস্কা ইনষ্টিটিউটে, সাহিত্যৰ বঁটাসমূহ প্ৰদান কৰিব ষ্টকহ'মত থকা একাডেমীয়ে আৰু বিশ্বশান্তিৰ বঁটাসমূহ প্ৰদান নৰৱেন ষ্টাৰটিঙে গঠন কৰা পাঁচজনীয়া কমিটিয়ে। বঁটা প্ৰাপ্তি গৰাকী বিশ্বৰ যিকোনো ৰাষ্ট্ৰৰ হ'ব পাৰে। নৰৱেন ষ্টাৰটিঙে গঠন কৰা পাঁচজনীয়া কমিটিয়ে অৰ্থনীতিৰ বাবে অন্য এটা বঁটা যোগ দিয়ে।
                        আলফ্ৰেড নোবেলে বঁটা বাছনি কমিটিও গঠন কৰি দিছিল। এই কমিটিত তেওঁৰ বন্ধু ৰাগনৰ ছলমানক এক্সিকিউটৰ আৰু ট্ৰাষ্টি হিচাপে ভতিজাক ইমানুল নোবেলক সহায়কাৰী  হিচাপে মনোনীত কৰিছিল। নোবেলৰ মৃত্যুৰ পাছত বাছনি কমিটিয়ে বঁটাৰ নাম নোবেল বঁটা বুলি ঘোষণা কৰে। ১৯০১ চনৰ ১০ ডিচেম্বৰত নোবেলৰ পঞ্চম মৃত্যুবাৰ্ষিকী তিথিত প্ৰথম নোবেল বঁটা ঘোষণা কৰে।
                     নোবেলে জীৱনৰ শেষ দিনবোৰ ইটালীৰ ৰেমো নামৰ ঠাইত কটায়। ১৮৯৬ চনৰ ১০ ডিচেম্বৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ নামেৰে সৃষ্টি কৰা প্ৰখ্যাত বঁটাটোৰ যোগেদি বিজ্ঞান আৰু মানৱ কল্যাণৰ উৎকৰ্ষ সাধনৰ ভূমিকাৰ বাবেই প্ৰধানতঃ আজিও তেওঁক মনত পেলোৱা হয়।

                                    ৰজাধাপ, সোণাৰি
                                     ডাকঃ- সোণাৰি
                                    জিলাঃ- চৰাইদেউ
                                    পিন -৭৮৫৬৯০
                               মোবাইল নং-৬০০০৫৭১৪৫২