Type Here to Get Search Results !

ফাগুন যেন

 সুৰভি বৰ পাত্ৰ গোহাঁই 


এছাটি বতাহে চুই গ'ল
শুকান পাতবোৰ 
উৰি গ'ল, 
গাভৰু বুকুৰ আঁচল
নিলাজ নিলাজ তই
ৰিঙা ৰিঙা মন  ।

এজাক ৰুণজুন 
নূপুৰে বাজে
মধ্য নিশা, 
কোনেবা বজাই
মাদল? 
লঠঙা বৃক্ষই
নমিত নমস্কাৰে
সেউজী কিশলয় পিন্ধাৰ
আকুল আহ্বান ।

খৰধৰ খোজে 
মহতিয়াই যায়
দুখীয়াৰ উৰুখা পঁজা
মাকৰ ঘৰত
এসাঁজ খোৱাৰ
অদম্য হেঁপাহ । 
আউলি বাউলি
কেশবিন্যাস,
নাই আহৰি  সজাই তুলিবলে
নেঘেৰী খোপাটি।

 শিৱসাগৰ