Type Here to Get Search Results !

ভাৰতী, আহা আমি মৰতত সৰগ ৰচোঁ

 দ্ৰোণা চাৰ্য্য হাজৰিকা

 



কুলৰ বিৰ্ভেদ নিৰ্মূলি
     ভাৰতী, আহা আমি
  সখী পাতো

ৰ`দৰ ৰঙত গা টঙি
       ভাৰতী, আহা আমি
আলিঙ্গণ কৰোঁ
হৃদয়

ফুল যেন কোমল
মৰমৰ ৰং
উভূৰি খাই পৰক চ`ৰাঘৰৰ
চোকে কোণে

সন্ধিয়াৰ বুকুত আচল পাৰি
      ভাৰতী, আহা আমি
আলাপ কৰোঁ
জীৱনৰ

পৃথিৱীৰ দৰে বিশাল
পোহৰৰ মায়া
জীপাল হৈ থাকক প্ৰতিশ্ৰুতিৰ
দেহে হাড়ে

খিয়ালৰ বিপৰিতে
       ভাৰতী, আহা আমি
ঘৰ সাঁজো
সপোনৰ

জোন যেন জ্যোতি
শব্দৰ কাকলিত
থমকি ৰব
বাটৰ পথিক

চৰাই লগত মিলি
     ভাৰতী, আহা আমি
উৰি যাওঁ
দিগন্তলে

শেৱালিৰ দৰে সোৱাস
প্ৰিতিৰ এনাজৰী
বুটলি আনিম
দুয়োকুলৰ কাৰণে

দুটি মন এটি কৰি
      ভাৰতী, আহা আমি
   মৰতত সৰগ ৰচোঁ

         তালাপ , ককৰাতল ৰে'ল পাৰা
          ডাকঘৰ-তালাপ
          তিনিচুকীয়া   
           ফোন-৬০০১৯৪৬২৪৩