ৰেখামণি চাৰিঙীয়া
ছশ বছৰীয়া আহোমৰ ৰাজত্বকালৰ বিষয়ববীয়া বৰগোহাঞি বংশৰ লাইথেপেনা বৰগোহাঞি আৰু চন্দ্ৰদাৰু বৰগোহাঞিৰ জীয়ৰী জয়মতী কুঁৱৰী।
জয়মতীৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে অসমৰ ইতিহাসত।শিৱসাগৰ জিলাৰ পৰা ৯ কিলোমিটাৰ নিলগত অৱস্থিত মাদুৰী গাওঁত জন্ম হৈছিল জয়মতীৰ। জয়মতী আছিল লাইথেপেনা বৰগোহাঞিৰ বৰ জীয়ৰী।সাতোটা লৰা'ৰ পাছত জয়মতীৰ জন্ম হৈছিল আৰু তেওঁৰ তলত আছিল আঠ গৰাকী ভগ্নী।সকলোৱে যথেষ্ট আব্দাৰ কৰিছিল যদিও জয়মতী যথেষ্ট সাহসী,দৃঢ়মনা আৰু সকলো কামতে আগ্ৰহী আছিল।দেউতাকৰ মুখৰ পৰা জয়মতীয়ে বিভিন্ন ৰণ আৰু তাৰ বীৰত্বৰ কথাবোৰ শুনিছিল।তেতিয়াৰ দিনত বিশ্বাস কৰা হৈছিল কৱচ কাপোৰ পৰিধান কৰিলে ৰণত জয়লাভ হয় বুলি।মাহীমাকৰ মুখেৰে কথাবোৰ শুনি জয়মতীয়েও কাপোৰ ববলৈ শিকিছিল।এই কথাবোৰে জয়মতীৰ মনত যথেষ্ট সাঁচ বহুৱাই গৈছিল।
এদিন জয়মতীয়ে ভায়েক-ভনীয়েকে খেলা নাওখেল চাই আছিল।আৰু তেনেতে টিংখাঙৰ পৰা গেলেকী বৰবিললৈ অহা গোবৰ ৰজাৰ পুত্ৰ গদাপাণি কোঁৱৰৰ ভোক আৰু পিয়াহ লগাত জয়মতীৰ ঘৰত সোমাল।জয়মতীৰ ঘৰত সকলোৰে অপ্যায়ণত মুগ্ধিত হৈ গদাপাণি উভতিল।কিছু দিনৰ পাছত গদাপানিয়ে জয়মতীক বিয়া কৰাই নিব বিচাৰে,সেই খবৰ পথিয়াই। লাইথেপেনা বৰগোহাঞিয়ে গদাপাণিৰ কথাত আপোচ নকৰিলে।আৰু দিন বাৰ ঠিক হলত জয়মতীয়ে দিয়া কৱচ কাপোৰ আৰু হেংদাং গ্ৰহণ কৰি গদাপাণিয়ে চকলং প্ৰথাৰে জয়মতীক বিয়া কৰালে।স্বামী আৰু স্বামীৰ জীৱনক সকলোতকৈ বেছি প্ৰাধান্যতা দি জয়মতীয়ে গদাপাণিৰ পানি গ্ৰহণ কৰিলে।লাই আৰু লেচাই নামে দুটি পুত্ৰ সন্তানৰো জন্ম হৈছিল জয়মতী আৰু গদাপাণিৰ যুগ্ম জীৱনৰ সাক্ষীস্বৰূপে।
সেই সময়ত দেশৰ ৰাজ-সিংহাসনক লৈ ৰজা বিষয়ববীয়া আৰু আন ৰাজ বিষয়াসকলৰ মাজত যথেষ্ট খাম-খেয়ালি চলি আছিল।তেতিয়াৰ দিনত অংগক্ষত হোৱা যিকোনো কোঁৱৰে ৰাজসিংহাসনত বহিব নোঁৱাৰে।আৰু সেয়হে ৰাজবিষয়া লালুকসোলা বৰফুকনে ৰাজ্যৰ কোঁৱৰ সকলক অংগক্ষত কৰাবলৈ সেনা পঠিয়াই।লালুকসোলা বৰফুকনে তেতিয়া নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে-নিজ ফৈদৰ ১৪বছৰীয়া কোঁৱৰ ল'ৰাৰজাক ৰজা পাতে।বৰগোহাঞিৰ পুত্ৰ হোৱাৰ লগতে ৰূপ-গুণ,বল-বীৰ্য, সকলো ফালৰ পৰা উপযুক্ত গদাপাণিৰ অংগক্ষত কৰাবলৈয়ো বৰফুকনে চুলিকফাক পঠিয়াইছিল।এই খবৰ গদাপাণি আৰু জয়মতীৰ কাণত পৰাত জয়মতীয়ে গদাপাণিক পলাই যাবলৈ অনুৰোধ কৰিলে।গদাপাণিয়ে জয়মতীৰ কথা ৰাখি কাষৰীয়া নগাপাহাৰৰ ফালে গৈ নিজৰ প্ৰাণ ৰক্ষা কৰে।চুলিকফা আৰু তেওঁৰ সৈন্যই গদাপাণিক নাপাই জয়মতীক নি জেৰেঙা পথাৰত বান্ধি থয়।জেৰেঙা পথাৰতে জয়মতীক সৌকা আৰু চমতাৰে কোবাই গৰম পানী ঢালি দিয়া হৈছিল জয়মতীৰ শৰীৰত।শৰীৰত ঢৌ ফুটিছিল জয়মতীৰ।কেইবাদিনো ধৰি আশুৰিক অত্যাচাৰ কৰাৰ পাছতো জয়মতীয়ে গদাপাণিৰ কথা নকলে।অৱশেষত সকলো দুখ সহ্য কৰি জয়মতীয়ে মৃত্যুক আকোঁৱালি ললে।।
স্বামী আৰু দেশৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰিলে জয়মতীয়ে।এই কথা অসমৰ ইতিহাসত চিৰস্থায়ী হৈ ৰ'ব যুগে যুগে।ত্যাগৰ প্ৰতীক স্বৰূপ জয়মতী।আৰু অসমৰ গৌৰৱ জয়মতী।জয়মতীৰ দৰে সাহসী আৰু মহীয়ান নাৰী প্ৰত্যেক ঘৰতে থাকক।হয়তো তেতিয়া নাৰীৰ প্ৰতি পুৰুষৰ দৃষ্টিভংগী সকলোৰে সলনি হ'ব আৰু সন্মানপূৰ্বক ব্যৱহাৰ কৰিব।
তিনিচুকীয়া-অসম