Type Here to Get Search Results !

বিহুৱা পেঁপাৰ মাতত ব’হাগ

 ছৈয়দা চায়ৰা বেগম


বসন্তৰ আকাশত মেঘৰ আখৰা
আউল-বাউল হৈ ঢপলিয়াই আহে  বৰদৈচিলা
ন-পানীয়ে নোৱাইধোৱাই
কুহিঁপতিয়া সাজেৰে বিৰিষ সজাই
 তাৰুণ্য নৈৰ গতিত জাঁজৰি
পাতৰ আঁৰত কুলিৰ অমিয় সুৰ ধ্বনি
চাৰিওফালে উছাহ
ফুলৰ মিঠা মিঠা সুবাস
পথাৰত বিহুৱা পেঁপাৰ মাতত ব’হাগ ব’হাগ
চোতালত হুচৰি
গৃহস্থৰ কুশল কামনা কৰি
হিয়াৰ বাকৰিত আমাৰ ব’হাগৰ বিহুটি ৷

নাজিৰা