Type Here to Get Search Results !

বৰষুণৰ কথা

 নিজুমনি বৰা


এই যে টপৰ টপৰ  শব্দবোৰ 
সিহঁতে কথাপাতিছে জানা
মনকৰিছো  একান্ত আলাপবোৰ  কৰিবলৈ 
ঠিক  সময়ে বাছি লৈছে। 
আৰু কথাবোৰ ইমান যে  শুৱলা
মই আৰু এটা কথা মন কৰিছো ,
মানুহবোৰ শুৱাৰ পাছতহে
সিহঁত আলাপত বহে ।
মানুহৰ হুলস্থুলত হয়তো সিহঁত 
অতিস্ত হয় চাগৈ।।
কথাবোৰ কান পাতি শুনিলো
প্ৰেমৰেই আলাপ চলিছে ।
এৰা সিহঁঁতে প্ৰেমালাপ কৰিছে
মুখেৰে এটা মিচিকিয়া হাঁহি সৰি পৰিল।
এতিয়া পৃথিৱী মৃত ।
বৰষুণৰ প্ৰেম গভীৰলৈ গতি কৰিছে।
কথা পাতি পাতি সিহঁত চাগে 
মতলীয়া হৈ পৰিছে। 
উস্‌ বৰষুণৰ কথাবোৰ কিযে ভাল লগা।

লখিমপুৰ   দোলপতা           
ফোন: ৬০০০৪৫৯০৬৫