Type Here to Get Search Results !

জীৱনত সফল হ'বলৈ হলে এই পাঁচটা অভ্যাস এৰি দিয়ক

 


আমি সকলো জীৱনত সকলো দিশতে সফল হ'ব বিচাৰো কিন্তু বিচৰা ধৰণে বহু জনেই সফল হ'ব নোৱাৰো। ইয়াৰ কাৰণবোৰ ফহিয়াই চোৱা যায় তেতিয়া আমাৰ কিছু অভ্যাসেই সফলতাৰ বাটত অন্তৰায় হৈ পৰে। সফলতাত অন্তৰায় ৰূপে থিয় দিয়া আমাৰ নিজৰ কিছু অভ্যাসৰ কথা আলোচনা কৰিব বিচাৰিছো।

১) আনৰ প্ৰতি অভিযোগ  কৰা-
সাধাৰণতে যিকোনো কথাতে আনক আমি অভিযোগ কৰোহঁক। কিন্ত ধৈৰ্য সহকাৰে ভালকৈ বিবেচনা নকৰি সহজে পোৱা অভিযোগকক আদৰি লও। জীৱনত যদিহে সফল হ'ব বিচাৰো তেতিয়া কিন্তু আনক কৰা অভিযোগ অভ্যাসক সলনি কৰিব লাগিব।
২) আনৰ সৈতে তুলনা কৰা-
 আমি সহজাত আমাৰ নিজৰ কাম-কাজ, সম্পত্তি নতুবা লৰা-ছোৱালী শিক্ষা ইত্যাদিবোৰ আনৰ সৈতে বহু সময়ত তুলনা কৰো। কিন্তু সকলোৱে ভিন্ন পৰিৱেশ আৰু পৰিস্থিতিৰ মাজেৰে আহে সেয়ে সমস্যা সমূহো বেলেগ হ'ব পাৰে। এনে ক্ষেত্ৰত নিজকে আনৰ লগত তুলনা নকৰি নিজৰ প্ৰয়োজনীয়তা আৰু সমস্যা সমাধানত গুৰুত্ব দিব লাগে। জীৱনত সফল হ'বলৈ হলে উক্ত অভ্যাসো সলনি কৰিব লাগিব।
৩) আনক অপ্ৰয়োজনীয় ভাৱে দোষাৰোপ কৰা-
সাধাৰণতে আমি নিজৰ ভুলবোৰক আত্মবিশ্লেষণ কমকৈ কৰি আনক সহজে দোষাৰোপ কৰি ভাল পাওঁ।
এই অভ্যাসো এৰিবলৈ চাব লাগিব।
৪)পুৱা পলমকৈ শুই উঠা-
সফল ব্যক্তি সকলৰ জীৱনী পৰা দেখা যায় যে অধিক সংখ্যক সফল ব্যক্তি সোনকালে শুই উঠে। দিনটো পৰিকল্পনা কৰা উত্তম সময় পুৱা। সেয়ে সফল হ'বলৈ হলে সোনকালেই উঠাৰ অভ্যাস গঢ়িবই লাগিব।
৫) কোনো কাম সম্পূৰ্ণকৈ নকৰা-
বহু সময়ত বিশেষ ভাল কাম কৰি গৈ থাকো যদিও কঠিন সমস্যা আহিলেই সেই কাম এবাৰ-দুবাৰ চেষ্টা কৰি অৱশেষত এৰি দিও। ইয়াৰ ফলত আমি সফলতাৰ পৰা বঞ্চিত হও। কিন্তু জীৱনত সফল হ'বলৈ হলে আমি হাতত লোৱা কামটো শেষ নোহোৱা পৰ্যন্ত কৰি যাব লাগিব।
  আহক, আমি আজিৰ পৰা যদিহে এনে অভ্যাস আছে তেনেহলে সলনি কৰি সকলোৱে জীৱনত সফল হ'বলৈ প্ৰয়াস কৰো।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১/৪/২০২৪