Type Here to Get Search Results !

ব'হাগ

 বিদ্যাজ্যোতি গগৈ


চ'তৰ কিনকিনিয়া বৰষুণত 
ফাগুনৰ পছোৱাই লঠঙা কৰা 
গছ লতাবোৰ জীপাল হ'ল
আৰু জীপাল হ'ল দুবৰী বন ।
প্ৰকৃতিয়ে সলাব নতুন সাজ 
গোলাপ তগৰ গন্ধৰ
মাতাল হব ব'হাগ ।
ডাকোৱাল কুলিয়ে দিব 
বহাগৰ বতৰা আৰু
মাজনিশা কেতেকীৰ হিয়া 
ভঙা কান্দোনত 
সাৰ পাব প্ৰকৃতি ।
আশাৰ বৰষুণজাকে 
বহাগক আনিব মাতি 
ন-পানীৰে উপচিব পথাৰ 
উজনি ভাতনী কৰিব 
দলনীৰ মাছ । 
জীপাল হব পানীমেটেকা
পথাৰৰ পচা নৰাৰ গন্ধৰ
কৃষকৰ অনাবিল আনন্দ 
কলা মেঘবোৰ আঁতৰি
আকাশ ফৰকাল হব 
সময় গতি কৰিব প্ৰকৃতিৰ
বিনন্দীয়া ৰুপত । 
গৰখীয়াৰ পেঁপাৰ সুৰে 
কাণে কাণে কৈ যায় 
উন্মনা বহাগ আছেহি ৰৈ ৰূপহী আইৰ দুৱাৰ ডলিত ।