Type Here to Get Search Results !

দিন মজুৰি

চৈয়দা চায়ৰা বেগম


 ৰ’দত ঘাম বৰষুণত ভিজা দেহা

হাতৰ মুঠিত হাতুৰি পিঠিত বোজা
পুৱাৰ পৰা দিনান্তৰলৈকে
দুৰ্বিষহ জীৱন গাঁথা
তোমালোকৰ বাবেই
মেহগনি পালেঙত আমাৰ
স্বস্তিৰ নিদ্ৰা
প্ৰতিজন শ্ৰমিকৰ শিল যেন হাতৰ মুঠি সৃষ্টিৰ আহিলা
প্ৰতিজন ঠেলাচালকৰ ঠেলাখনেই জীৱন জীৱিকা
শ্ৰমিকৰ শ্ৰমৰ মৰ্যাদা দিবলৈ আছেনে আমাৰ মানসিকতা
সু-উচ্চ অট্টালিকা
ৰেলআলি পকীবাট
পূঁজিপতিৰ সুখালয়
শিলহোৱা হাতৰ সৃষ্টি
ক্ষুধাৰ অগনিত
ৰ’দ কি বৰষুণ কি
জীবনৰ মাদকতানো কি
সকলো কাটি কৰি
কৰি যায় দিন মজুৰি
তথাপিও পাইনে সন্মান
পাইনে প্ৰাপ্য দিন মজুৰি !৷

নাজিৰা নগৰ