ডেইজী চৌধুৰী
স্নেপশ্বট -১
তাই জানে তাইৰ স্বামীৰ কথা। কিদৰে তাইক মিছা মাতি অন্য যুৱতীৰ সৈতে চলাই আছে সি গোপন অভিসাৰ । বুকুৰ মাজতেই কষ্ট সহি একমাত্ৰ কন্যা সন্তুানসহ স্বামীৰ সৈতে কেইবছৰ আগতে বনভোজলৈ যাওঁতে উঠা ফটোখন তাই ফেচবুকৰ প্ৰফাইল পিকচাৰ হিচাপে আপলোড কৰিলে । কেপচন দিলে "Happy Us" অলপ সময়ৰ পিছত তাইৰ কমেণ্ট বক্স ভৰ্তি হ'ল । বিভিন্নজনে তাইৰ সৰু পৰিয়ালটোক সুখী বুলি, তাই ভাগ্যৱতী বুলি ওপচাই পেলাইছে । তাইৰ ওঁঠৰ ফাঁকেৰে এটি কৃত্ৰিম হাঁহি ওলাই গ'ল । এনেকৈ যে তাই নিতৌ অভিনয় কৰে সুখী হোৱাৰ !
স্নেপশ্বট - ২
তাৰ ইনবক্স ভৰ্তি হৈ গৈছে প্ৰাক্তন প্ৰেমিকাৰ ক্ষমা খোজা, অনুশোচনামূলক মেচেজেৰে । আগতে তাক এৰি অইনৰ সৈতে সম্পৰ্ক ৰখা, অইনৰ সৈতে সম্পৰ্ক গঢ়া ছোৱালীজনীয়ে এতিয়া তাক অইন এগৰাকীৰ সৈতে ৰিলেচনত অহা বুলি জ্ঞাত হোৱাৰ পৰাই সদায় একোটিকৈ আব্দাৰ সূচক মেচেজেৰে দিনটোৰ আৰম্ভণি কৰি একেধৰণৰেই দিনটো শেষ কৰে । গোটেই চছিয়েল মিডিয়া সেইজনীয়ে গেলাই দিছে । " অতীতলৈ ঘূৰি নাচাওঁ। তই তোৰ জীৱনত সুখী হ। " সি ৰিপ্লাই কৰি তাইৰ নম্বৰটো ব্লক কৰিলে ।
স্নেপশ্বট - ৩
তাৰ লগত কথা পাতি তাইৰ ভাল লাগে । ভাল লাগে মানে বিশ্বাস ও আছে তাৰ ওপৰত । ইমান আগৰ পৰা তাৰ লগত চিনাকি তাইৰ । তাক মনৰ কথা ক'ম বুলি ভাবোতেই তাৰ পৰা মেচেজ আহে । "মই তোক ভালপাওঁ। " আনন্দৰ চকুৰ পানীৰে নেদেখা হৈ ৰিপ্লাই কৰিবলৈ লওঁতেই ক্ৰিণত আকৌ তাৰ মেচেজ ভাহে । " চৰি ৰেহ, প্ৰিয়াক দিবলৈ লোৱা মেচেজ ভুলতে তোৰ তাত গ'ল। বেয়া নাপাবি। " ৩২ দন্ত নিকটাই থকা ইমজিটো তাৰ ৰিপ্লাইত দি গোটেই নিশাটো কান্দি চকু উখহাই ল'লে তাই ।
স্নেপশ্বট - ৪
ৱাটছএপত এগৰাকীয়ে দিয়া - " সি আকৌ বিয়া পাতিল হ'বলা" । বুলি ছোৱালী এজনীৰ সৈতে তাইৰ বিচ্ছেদিত স্বামীৰ সৈতে দিয়া ফটোখন এপলক চালে তাই । তাৰপিছত হেঁপাহ পলুৱাই কান্দিলে । ৱাটছএপটো অন কৰি তাইৰ জুনিয়ৰ এজনীলৈ ফটোখন চেণ্ট কৰি টাইপ কৰিলে - "কিবা এটা কষ্ট পাইছো । " অকণ সময় পিছত জুনিয়ৰজনীৰ ৰিপ্লাই আহিল -" সি নিজৰ অসৎ কামেৰে নিজৰ ইমেজ বনাইছে আৰু আপুনি নিজৰ সৎ ইমেজেৰে। লোকে এনেও অকলশৰীয়া নাৰীক আঘাত কৰি ভালপায় আৰু সেই আঘাত সহ্য কৰা মানুহ আপুনি । ভাগি নপৰিব। " ভাল লাগি গ'ল তাইৰ মনটো অকণ । কণমানি ল'ৰাটোক বুকুৰ মাজলৈ টানি আনি তাই মনতে আওৰালে "বেটা তোক তোৰ দেউতাৰৰ পৰিচয়েৰে নগঢ়োঁ । তই তোৰ মাৰাৰ পৰিচয়েৰে জগত জিনিব লাগিব । "
স্নেপশ্বট - ৫
সৰস্বতী পুজা। তাইৰ লগৰ সকলোবোৰ যাব স্কুলৰ পুজালৈ। যাবলৈ ওলাই ও তাইৰ মন নগ'ল । সৰু হ'লেও তাইৰ মনটোৱে কষ্ট পায় যেতিয়া লগৰ বোৰে মাকবোৰৰ সৈতে আহি পুজাৰ নিৰ্মালি লয় । তাইৰ মাক থাকিও নথকাৰ দৰেই । সিহঁতে বাস কৰা চহৰ খনৰ পৰা নিলগত চাকৰি কৰা তাইৰ মাকে বছৰত মাথোঁ দুবাৰহে ঘৰলৈ আহে । জন্মৰে পৰা দেউতাক, আইতাক আৰু আয়াৰ সৈতেই ডাঙৰ হৈছে তাই। মাকে কেতিয়াও তাইক সোধা নাই তাইৰ ভাললগা-বেয়ালগাবোৰ । ফোনোটো মাথোঁ খবৰ ল'ব লগা বাবেহে যেন লয় এনে লাগে তাইৰ । "মাজনী, কি হ'ল? বোলা আকৌ। " "নাই দেতা মন নাই ক'বলৈ লৈও তাই থমকিল। নাই এইজন মানুহক তাই না ক'ব নোৱাৰে । স্মিত হাঁহিটো মাৰি তাই দেউতাকৰ সৈতে স্কুললৈ ওলাই গ'ল ।
স্নেপশ্বট - ৬
"তহঁতৰ বুঢ়াই মোৰ সৈতে বিয়া দিবনে " বুলি সি তাইক এনেই জোকালে । কিন্ত তাই গম্ভীৰ হৈ গ'ল । তাৰ চকুত চকু থৈ তাই ক'লে " তোৰ দেউতাক মই কোনোদিনে নাই কোৱা নাই বুঢ়া বুলি, গতিকে মোৰ দেউতাকো নক'বি । মোৰ দেউতা মোৰ first boyfriend। মাৰ মৃত্যুৰ পিছত দেউতাই মোক ডাঙৰ দীঘল কৰিছে । " তাৰ মাত বন্ধ হৈ গ'ল । সি অনুশোচিত হৈ তাইক ক্ষমা খুজিলে ।