Type Here to Get Search Results !

ব'হাগ

 জীনামণি বৰগোহাঁই দুৱৰা



ব্যস্ততাৰ   মাজতে
আকৌ এবাৰ
আহি পালেহি ব'হাগ
কুলি কেতেকীৰ মাত
গছে গছে  নতুন পাত
কি  যে  বিনন্দিয়া
তুমি  ব'হাগ।
ঢোলৰ   গুমগুমনিত   
ৰজনজনাই   যায়,
হুঁচৰিৰ নাচৰ তালত
মন  মোহি   যায় ।
কলিজাৰ আমঠু বিহুটিক আদৰাৰ
গাত আজি ততে নাইকিয়া অসমীয়াৰ।
কৰযোৰে ঈশ্বৰক কৰোঁ প্ৰাৰ্থনা
বাপতি -সাহোন ৰঙালী বিহুতে
মনৰ কালিমা দূৰ কৰি নিয়া।