Type Here to Get Search Results !

এলাহ কেনেকৈ দূৰ কৰিব পাৰি

 সম্পাদকীয়



দিনটো পুৱা পৰা গধূলি শুৱালৈকে আমি বিভিন্ন কামত ব্যস্ত হৈ থাকো। এই ব্যস্ততা ভৰা জীৱনত কেতিয়াবা আমি ক'ব নোৱৰাকৈ কাম কৰিবলৈ একেবাৰে মন নাযায় বা এলাহ ভাৱ আহে। সেই সময়ত কি কৰি নিজকে পুনৰ কৰ্মোদ্যম কৰিম তাৰেই কিছু কথা আলোচনা কৰিব বিচাৰিছো।
 এলাহনো কিয় হয় , এই বিষয়ে যদি চাওঁ তেতিয়া দেখা যায় যে- দেহ-মনে যেতিয়া ভাগৰুৱা অনুভৱ কৰে তেতিয়া কোনো কাম কৰিবলৈ মন নোযোৱা হয়। ইয়াৰ প্ৰতিকাৰৰ বাবে আমি কি কৰিব পাৰোহঁক তলত দাঙি ধৰা হ'ল।
এলাহ দূৰ কৰিবলৈ তিনিটা কথাত বিশেষ মনোনিৱেশ দিব লাগিব-
১)জীৱনত ডাঙৰ আৰু স্পষ্ট লক্ষ্য থাকিব লাগিব।
২) দেহ আৰু মনৰ প্ৰতি বিশেষ লক্ষ্য দিব লাগিব
৩) এলাহ প্ৰৱণ ব্যক্তিৰ পৰা আতঁৰি থাকিব লাগিব।
 আপুনি হয়তু ভাবিছে এলাহৰ লগতনো স্পষ্ট লক্ষ্য কি সম্পৰ্ক আছে ? নিশ্চয়কৈ আছে, কিয়নো আমাৰ যদি কামত ডাঙৰ আৰু স্পষ্ট লক্ষ্য থাকে সেই লক্ষ্যই আমাক এলাহৰ পৰা বচাই ৰাখি অহৰহ কামটো কৰিবলৈ অনুপ্ৰাণিত কৰি ৰাখিব। কেতিয়াবা এলাহ আহিলেও কিন্তু কামটো কৰিবলৈ লক্ষ্যই সোৱঁৰাই থাকিব।
এতিয়া দেহৰ কথালৈ আহো-দেহৰ বাবে প্ৰয়োজনীয় খাদ্য, জিৰণি, ব্যায়াম, চাফ-চিকুনতা ইত্যাদিবোৰ প্ৰয়োজন হয়। ইয়াৰ বিপৰীতে হলে দেহলৈ ভাগৰুৱা ভাৱ বা এলাহ আহে।
মনৰ ক্ষেত্ৰটো মনটো বহু সময়ত কোনো কষ্টকৰ কাম কৰাৰ বিৰত থকাটো বিচাৰে কিন্তু এনে সময়ত মনকো নিজেই নিৰ্দেশ দিব পাৰিব লাগিব কামটো কৰিবলৈ ইচ্ছুক হোৱাত। এনেদৰে মনক পৰিচালনা কৰি এলাহ দূৰ কৰিব পাৰো।
তৃতীয় দিশটো হৈছে পৰাপক্ষত এলাহ প্ৰৱণ ব্যক্তিৰ পৰা আতঁৰি থাকি নিজৰ মাজত কৰ্মোদ্যম জাগ্ৰত কৰি ৰাখিব লাগিব।
সংগই মানুহৰ জীৱনত বিশেষ প্ৰভাৱ পেলায়।
আহক, সকলোৱে আমাৰ সফল জীৱনৰ অন্তৰায় ৰূপী এলাহক এনেদৰে দূৰ কৰোহঁক। সকলো পৰিয়াল কুশলে থাকক তাৰেই আশাৰে।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১/৬/২০২৪