গীতাঞ্জলি দেৱী
অফিচলৈ যাবলৈ মোৰ সদায় ল'ৰা-ল'ৰি হয় । ল'ৰাটোৰ আউল মাৰি, ৰান্ধি-বাঢ়ি খাই-বৈ ওলাওঁ মানে মোৰ পলমেই হয় । তথাপিও দহ বজাতে নহ'লেও চাৰে-দহমান বজাত অফিচ পাবলৈ সদায় যত্ন কৰোঁ । সিদিনাও তেনেকুৱা এক ল'ৰা-ল'ৰি । আমি অফিচ যোৱাৰ এক ঘণ্টামানৰ আগতে বিকি খৰ-ধৰকৈ আমাৰ ঘৰলৈ আহিল । তাইৰ পিন্ধনত এযোৰ বগা আৰু তাত জিকাফুলীয়া ৰঙৰ ফুল থকা পাতিয়ালা চুৰিদাৰ-কামিজ । চুলিখিনি এডলীয়াকৈ বেনী গুঠিছে । ভৰিত এযোৰ কোলহাপুৰী ফ্লেট চেণ্ডেল । ওঁঠত সামান্য লিপষ্টিক লগাইছে তাই । কাণত এযোৰ ঝুমকা । এখন হাতত এটা সৰু ফিটাৰ ঘড়ী আৰু আনখন হাত খালি হৈ আছে । খুউব ধুনীয়া লাগিছিল তাইক সিদিনা । মই তাইক আগতে এনে ৰূপত দেখাই নাছিলোঁ । তাইক সদায় ট্ৰেকচ্যুট, জিঞ্চ, টি চাৰ্ট আদি পিন্ধাহে দেখি আহিছোঁ । সেইবাবে ,আজি তাইক এনে ৰূপত দেখি কিবা এটা বেলেগ-বেলেগ লাগিল ।
:: ওৱা , আজি একদম বেলেগ ৰূপত সাজি-কাচি ওলাই আহিলি যে ? কোনফালে যাৱ ? বিকিক দেখাৰ লগে-লগে মই সুধিলোঁ ।
তাই সামান্য হাঁহিলে । এনেয়ে হোৱাই-নোহোৱাই ঢেক-ঢেকাই থকা ছোৱালীজনী আজি যেন কিছু গহীন ।
:: মই মানে এফালে যাওঁ বাইদেউ । হেৰি মানে , মোৰ মানে আজি বিশেষ কাম এটা আছে । আজিৰ দিনটোৰ বাবে মই যাব পাৰিম নহয় ?
কথাখিনি কওঁতে প্ৰথমে অলপ হঁহাৰ দৰে কৰিলে আৰু কথাবোৰ ক'বলৈ গৈ তাই যেন অলপ ঘেঁহালে । কিছু যেন ভয়, কিছু সংকোচ । মন কৰিলোঁ তাই মোৰ চকুলৈও চোৱা নাই । ইফালে-সিফালেহে চাই আছে । কি হৈছে বাৰু তাইৰ ? সন্দেহৰ ভাৱ এটাই মোৰ মনত অগা-দেৱা কৰিলেহি । তাই পুনৰ খৰ-ধৰকৈ মোৰ অনুমতি বিচাৰিলে ।
:: মই যাব পাৰিম নহয় ? মোৰ এটা বিশেষ কাম আছে…
:: যা । পিছে তই অকলে যাবিনে ? লগত আৰু কোনোবা যাব ?
:: যাব , যাব । মোৰ লগৰ ছোৱালী এজনী যাব ।
:: যা তেন্তে । দেৰি হ'লে ফোন কৰিবি ।
স্ব-নিৰ্ভৰশীল ছোৱালী এজনীক বেছি সুধি থাকিবলৈও মোৰ ভাল নালাগিল । তাতে তাই মোৰ অফিচৰহে সহায়কাৰী । কিন্তু ঘৰুৱা হিচাপে মই তাইৰ অভিভাৱক নহয় । গতিকে মই তাইক বেছি একো নুসুধিলোঁ । মোৰ ইতিবাচক উত্তৰটোলৈহে যেন তাই বাট চাই আছিল । খেলি থকা অংকিতক সাৱটমাৰি চুমা এটা খাই তাই ল'ৰা-ল'ৰিকৈ মোৰ কোঠাৰ পৰা ওলাই গ'ল ।
:: মই যাওঁ বাইদেউ । ফোন কৰিম বাৰু । যাওঁতে মোলৈ এবাৰো নোচোৱাকৈ কৈ গ'ল । তাই আগফালৰ বাৰাণ্ডাত ৰৈ থকা অংকিতৰ দেউতাককো মাত লগাই যোৱা শুনিলোঁ ।
:: চাৰ , মই এফালে যাওঁ । বাইদেউক সুধিলোঁ । যাবলৈ কৈছে । যাওঁ চাৰ ,থাকক ।
কিয় নাজানো মোৰ মনটো কিবা এটা ভাল নালাগিল । বিকি যেন আজি বেছ গহীন । আমি সদায় দেখি থকা, লগ পাই থকা বিকিজনী এইজনী নহয় । তাই যোৱাৰ পাছত মই আৰু মোৰ হাচবেণ্ডেও তাইৰ আজিৰ এই আচহুৱা আচৰণটোৰ কথাকে পাতিলোঁ ।
কৈ যোৱা মতে বিকিয়ে ফোন কৰিছিল। দুপৰীয়া ডেৰমান বজাত মোৰ কৰ্মব্যস্ত টেবুলখনৰ একাষে নিৰৱে পৰি থকা মোবাইলটো সেইসময়ত হঠাতে বাজি উঠিছিল । দুটা ৰিং হওঁতেই মই মোবাইলটো ৰিচিভ কৰিছিলোঁ ।
:: হেল' । অঁ , বিকি ক' । ক'ত আছ' তই ? হেল্ল' , হেল্ল'…
মোবাইলটো ৰিচিভ হোৱা বুলি গম পোৱাৰ পাছতো কিছু সময় সিফালৰ পৰা কোনো প্ৰত্যুত্তৰ পোৱা নাছিলোঁ । " ওৱান ওৱে" হৈ গ'ল নেকি বাৰু ? - মই ভাবিলোঁ ।
:: বিকি … মই পুনৰ মাত লগালোঁ ।
:: অঁ বাইদেউ , শুনি আছোঁ । মই মানে … কথা এটা ক'বলৈহে ফোন কৰিছিলোঁ ।
::ক' , কি হ'ল ?
:: মানে বাইদেউ , মই কি ক'ম ভাবিকে পোৱা নাই । মানে বাইদেউ …
:: কি নো আজি ৰাতিপুৱাৰে পৰা তই মানে, মানে কৰি আছ' , মই হ'লে একো বুজা নাই । মোৰ মনে কৈছে তোৰ কিবা এটা হৈছে । কিবা বিপদ-আপদ হৈছে যদি খুলি ক' ।
:: নহয় বাইদেউ । মই মানে, আমি কৰ্ট মেৰেজ কৰিলোঁ । বা ই দে উ …… । "
তাৰ পাছত এটা উশাহৰ কঁপনি … আৰু এটা উচুপনি…।
::কি ?
মই উচপ খাই উঠিলোঁ । ক্ষন্তেক সময়ৰ বাবে মোৰ কাণ দুখনেৰে একো নুশুনা যেন লাগিল । তথাপি নিজক চম্ভালি পুনৰ তাইক সুধিলোঁ -
:: আমি মানে ? তই আৰু কোন ? কৰ্টত বিয়া পাতিলি ? কাৰ লগত ? দৰা কোন ?
মই একেলগে কৰা প্ৰশ্নবোৰৰ উত্তৰ বিকিয়ে নিদিলে । বৰঞ্চ আৰু কিছু নিৰৱতাৰ মাজত তাই মোক এৰি দিলে । মই একো শুনা নাই । দুটা মোবাইলৰ সংযোগ সীমাত হাজাৰ নিৰৱতাৰ কোলাহল । উস্ বুকুৰ গভীৰতালৈকে যেন শিপাই গৈছে এই নিৰৱতা । এক কথাত শূন্যতা ।
মই সেপ এটা ঢুকি পুনৰ মাতিলোঁ ।
:: বিকি …
মাতটো চাগে মোৰ স্পষ্টকৈও ওলোৱা নাছিল ।
::বাইদেউ , মই আৰু অদ্বীপে কৰ্ট মেৰেজ কৰিলোঁ ।
-জোৰকৈ যেন কথাষাৰ ক'লে তাই ।
:: কি ! - পুনৰ উচপ খাই উঠিলোঁ মই ।
"তই এয়া কি কৰিলি বিকি !" - বাক্যটো মোৰ ডিঙিৰ পৰা নোলাল । কি শুনালে তাই মোক এইবোৰ ? কিবা এক অজান ভয় আৰু শংকাত মই কঁপি উঠিলোঁ । মোৰ ডিঙি শুকাই গ'ল । মূৰটোৱে একো কাম নকৰা যেন লাগিল ।
হে ভগৱান ! ক'ত তাইৰ খেলুৱৈ প্ৰেমীক নিহাৰ ? আৰু ক'ত এই গুণ্ডা প্ৰকৃতিৰ অদ্বীপ ? মই বিবুধিত পৰিলোঁ । কেনেকৈ কি হ'ল !
বিকিৰ এই হঠকাৰী সিধান্তক মই অকনো মানি ল'ব পৰা নাই ।
মই লগে-লগে অফিচৰ সকলোকে বিকি আৰু অদ্বীপৰ কৰ্ট-মেৰেজৰ কথা জনালোঁ । মোৰ দৰে কোনেও এই কথাটো সহজে ল'ব নোৱাৰিলে । কাৰণ অদ্বীপ নামৰ ল'ৰাটোৰ আঁৰত এক ডকাইতৰূপী চেহেৰা লুকাই আছিল । তাৰ বহু কৰ্ম-কাণ্ড আমি জানিছিলোঁ । সেইকাৰণে আমি সচকিত হৈ পৰিলোঁ । কিন্তু, তাই এনেকুৱা এটা মূহুূৰ্ত্তত মোক বিয়াৰ দৰে এক পবিত্ৰ আৰু সামাজিক বান্ধোনটোৰ কথা জনালে যে এতিয়া আৰু তাইক বাধা দিব পৰা অৱস্থাত নাই । মই নালাগে কোনেও তাইক একো এষাৰ ক'বলৈ সাহস কৰিব নোৱাৰিলে । কিন্তু, বিকিৰ অনুপস্থিতিত সকলোৱে তাই কৰা কামটো ভাল নহ'ল বুলি মত পোষণ কৰিলে । মোৰ মূৰ ঘূৰাই যোৱাৰ দৰে লাগিল । হাতত লোৱা চাহৰ কাপটো মোৰ হাততে থাকিল । টেবুলৰ ওপৰত পৰি ৰোৱা ফাইল-পত্ৰবোৰৰ আখৰবোৰ মই চকুৰে মনিব নোৱাৰা হৈ পৰিলোঁ।
এয়া কি কৰিলে বিকিয়ে ? নিহাৰৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো বিকিৰ জীৱনলৈ অদ্বীপ কেনেকৈ আহিল ? তাই অদ্বীপৰ প্ৰেমত কেনেকৈ পৰিল ? একোৱেই গম নাপালোঁ আমি । এক অজান ভয়- আংশকাত মই কঁপি উঠিলোঁ । কাম-বন তাতে এৰি মই অফিচৰ পৰা ওলাই আহিলোঁ । কামিনী , অৰ্পিতা ইহঁত কোনোবা এজনীয়ে নি:শ্চয় মোক বিকিৰ বিষয়ে সবিশেষ ক'ব পাৰিব । অফিচ এৰি মই আগবাঢ়িলোঁ । নিজৰ অজানিতে গৈ বিকিহঁত থকা ঘৰটোৰ দুৱাৰত হাত দিলোঁ ।
বন্ধ দুৱাৰত ঢকিয়াই মই কেইবাবাৰো কামিনী , কামিনী বুলি মাতিলোঁ । দুই মিনিট মান যোৱাৰ পাছত অৰ্পিতা আহি দুৱাৰখন খুলি দিছিল । কোঠাটোত অৰ্পিতাৰ বাহিৰে আৰু কোনো নাছিল । এটা আহল-বহল কোঠা । এইটোতে অৰ্পিতা, কামিনী আৰু বিকি একে লগে থাকে । অৱশ্যে মই কোনো দিন সিহঁতৰ থকা ঘৰটোলৈ অহা নাছিলোঁ । অৰ্পিতাই মোক ভিতৰলৈ মাতি নি বহিবলৈ দিলে । কোঠাটোৰ ভিতৰ সোমাইহে মই মন কৰিলোঁ তাইৰ মনটো মৰা । অৰ্পিতাৰ চকুহাল ৰঙা পৰি উখহি আছিল । মুখখন অসম্ভৱ ধৰণেৰে সেঁতা । তাইৰ ভিতৰত যেন কিবা এটা অন্তৰ্দ্বন্দ্ব চলি আছিল । কিন্তু যিমান পাৰে তাই মোৰ ওচৰত সহজ হ'বলৈ যত্ন কৰিছিল । যিমান পাৰে তাই ওঁঠত হাঁহি বুলাবলৈ যত্ন কৰিছিল ।
:: বাইদেউ , কামিনী নাই । তাই বিকিৰ লগত গৈছে । অলপ আগতে ফোন পালোঁ বিকি আৰু অদ্বীপৰ বিয়া হৈ গৈছে । কৰ্টৰ পৰা গৈ সিহঁতে শিৱ মন্দিৰত মালা পিন্ধাই বিয়া পাতিছে ।
শেষলৈ তাইৰ মাতটো থোকাথুকি হ'ল ।
: অহ্ ! মোৰ মুখেৰে মাত্ৰ এইটো শব্দহে সৰি পৰিল ।
কথাখিনি কৈ অৰ্পিতা তল মূৰ কৰি বহি থাকিল । মই আচৰিত হ'লোঁ ।
"মই বুজা নাই অৰ্পিতাই বিকি বিয়া হৈ যোৱাৰ কাৰণে দুখ কৰিছেনে নে অন্য কিবা কথাত দুখ কৰি আছে ? "
কথাটো ভাবিলোঁ যদিও মই অৰ্পিতাৰ মনৰ কথা জানিবলৈ ইচ্ছা প্ৰকাশ নকৰিলোঁ । বৰঞ্চ তাইক বিকিৰ বিষয়ে সুধি ইয়াকে গম পালোঁ যে বিকি আৰু নিহাৰৰ ব্ৰেক-আপ হ'ল । আজি প্ৰায় এমাহৰ আগতে বিকি আৰু নিহাৰ ইটোৱে-সিটোক লগ পাইছিল । নিহাৰে বিকিৰ পৰা আঁতৰি যোৱাৰ সিধান্তক জনাইছিল ।
বেচেৰীজনীয়ে খোৱা-শোৱা বাদ দি কেইবাদিনো কন্দা-কটা কৰি কটালে । অৰ্পিতা , কামিনী , বিকিৰ বায়েক আৰু নবৌয়েক সকলোৱে বুজাই-বঢ়াই তাইক সুস্থিৰ কৰি তুলিছিল । কিন্তু ভিতৰি-ভিতৰি যেন বিকি একেবাৰে সুস্থিৰ হোৱা নাছিল । ইতিমধ্যে নিহাৰে বেলেগ এজনী ছোৱালী বিয়া কৰাইছে । ছয় বছৰীয়া প্ৰেমৰ এক কৰুণ সমাপ্তিক বিকিয়ে সহজ ভাৱে ল'ব পৰা নাছিল । ইতিমধ্যে ফেচবুক-ওৱাটছ্ এপৰ জড়িয়তে অদ্বীপৰ স'তে বিকিৰ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল । বিকিয়ে দুবাৰ মান অদ্বীপক লগো পাইছিল । বিকিয়ে তাইৰ জীৱনৰ সকলো কথা অদ্বীপ আগত খুলি কৈছিল । বিকিৰ দুখত অদ্বীপ যেন সমভাগি হৈ পৰিছিল । এনেকৈয়ে সিহঁতে ফোনত প্ৰায়ে কথা পাতিছিল আৰু এদিন হঠাতে অদ্বীপে তাইক তাৰ প্ৰেমৰ কথা জনাইছিল । কিন্ত বিকিয়ে লগে-লগে তাক কৈছিল -
:: যদি তুমি মোক ভালপোৱা , মোক এতিয়াই বিয়া কৰোঁৱা । মোৰ আৰু প্ৰেম-চেম কৰি থাকিবৰ মন নাই । "
এয়া মাত্ৰ এক সপ্তাহৰ আগত সিহঁতৰ এই কথা-বতৰা ।
এই গোটেই কথাবোৰৰ সাক্ষী আছিল কামিনী আৰু অৰ্পিতা নামৰ বিকিৰ সহকৰ্মী বান্ধৱী দুগৰাকী ।
তাৰ পাছত আজি এয়া । কি আচৰিত ! এনেকৈও মানুহে বিয়া পাতেনে ? কি হৈছে আজি যুগৰ ল'ৰা-ছোৱালীবোৰৰ ? অদ্বীপৰ বিষয়ে বিকিয়ে কিমান জানিছিল বাৰু ? আমি বহু আগতেই অদ্বীপক জানিছিলোঁ । কিন্তু এতিয়া বিকিক তাৰ বিষয়ে জনোৱাৰ উপায় নাই । মই অৰ্পিতাৰ পৰা বিদায় লৈ
বিকিহঁতৰ কোঠাৰ পৰা ওলাই আহিলোঁ ।
ওৰেটো ৰাতি বিকিৰ কথাই মোৰ মনলৈ আহি থাকিল । কি কাম কৰিলে বিকিয়ে ? অদ্বীপ যে তাইৰ যোগ্য নহয় আমি জানিছিলোঁ । তথাপি ভাবিলোঁ বিয়াৰ পাছত অদ্বীপ নি:শ্চয় ভাল হ'ব । বিকিয়ে নি:শ্চয় তাক সলনি কৰি পেলাব ।
বিকিয়ে কৰ্ট মেৰেজ কৰাৰ পাছদিনা তাইৰ পৰা এখন ছুটিৰ আবেদন পত্ৰ পাইছিলোঁ । পোন্ধৰ দিন ছুটি বিচাৰি কৰা আবেদন পত্ৰখন পোৱাৰ পাছত মই তাইলৈ ফোন কৰি খবৰ লৈছিলোঁ । তাই কৈছিল-
:: বাইদেউ , আমি ভালে আছোঁ । অদ্বীপৰ ঘৰলৈ আমাক যাবলৈ দিয়া নাই । ভাড়াঘৰ এটা লৈছোঁ । তাতে আছোঁ । এওঁ মাক-দেউতাকৰ স'তে কথা পাতিছে । ঘৰৰ মানুহবোৰ চাগে মান্তি হ'ব । হয়তো দুই-এদিনতে আমাক ঘৰলৈ যাবলৈ দিব ।
তাইৰ দুচকুৰ সপোন আৰু আশাবাদী মনটোৰ উমান পাই ভাল লাগিছিল ।
দিনবোৰ পাৰ হৈ গৈছিল । এদিন গম পালোঁ বিকি তাইৰ শহুৰেকৰ ঘৰলৈ গৈছে । সিহঁতহাল দুদিনমান অদ্বীপৰ ঘৰতে থাকিল । তাৰপাছত পুনৰ সিহঁত ভাড়াঘৰটোলৈ ঘূৰি আহিল । ইতিমধ্যে তাইৰ পোন্ধৰদিনীয়া ছুটিও শেষ হৈছিল।
অফিচত জইন কৰাৰ দিনা তাই নীলা ৰঙৰ এম্ব'ড্ৰাৰী কৰা ধুনীয়া মেখেলা-চাদৰ এযোৰ পিন্ধি আহিছিল । দীঘলীয়াকৈ লোৱা শিৰৰ সেন্দুৰ আৰু কপালৰ ফোঁটটোৱে তাইক তুলি ধৰিছিল
সিদিনা তাই আমাক চাহ-মিঠাই খুৱাইছিল ।
আমাৰ সকলোৰে সন্মুখত আগৰ সেই ৰাংঢালী বিকিজনীৰ ঠাইত এতিয়া এজনী বেলেগ বিকি । মই তাইক আলেঙে-আলেঙে মন কৰি থাকিলোঁ । আমাৰ সকলোৰে আগত তাই সহজ হ'বলৈ যত্ন কৰি হাঁহি-মাতি থাকিলেও তাইৰ মনটো যেন বিষাদেৰে ভৰি আছে । মাজে-মাজে অফিচ ৰূমৰ বাহিৰলৈ গৈ তাই কাৰোবাৰ লগত ফোনত কথা পাতিছিল । কথাবোৰ কিবা তৰ্ক কৰাৰ দৰে লাগিছিল । একো সুধিব পৰা নাছিলোঁ তাইক । মনতে ভাবিলোঁ, ঘৰলৈ মাতি নি তাইক কথাবোৰ ভালকৈ সুধিব লাগিব । কিন্তু মোৰো ব্যস্ততা । তাৰোপৰি অফিচৰ ছুটিৰ সময় হোৱাৰ লগে-লগে তাইক নিবলৈ অদ্বীপে বাইকখন লৈ অফিচৰ সন্মুখত ৰৈ থকা হ'ল । ৰাতি দেৰিলৈকে থকা দূৰৈৰে কথা আগৰ দৰে তাই মোক সময় নিদিয়া হ'ল । মই সুধিম বুলি ভবা কথাবোৰ একো সুধিব পৰা নাছিলোঁ । তাইও যেন মোৰ ওচৰত কিবা সংকোচভাৱে থকা হ'ল ।
আগৰ ৰাংঢালী বিকিজনী যেন হেৰাই গ'ল ক'ৰৱাত । কথাই পতি হাঁহি থকা বিকিজনী বহুত গহীন হৈ পৰিল । ডেকা দা আৰু ভড়ালীহঁতৰ স'তে আগৰ দৰে ধেমালি নকৰা হ'ল । মুঠতে বিকিৰ মাজত এক সাংঘাটিক পৰিবৰ্তন আহিল । নিহাৰৰ স'তে তাইৰ এৰা-এৰি হোৱা ঘটনাটোৱে তাইক বৰ বেয়াকৈ হতাশ কৰিলেনে নে অদ্বীপৰ স'তে বিয়া হৈ তাই সুখী হ'ব পৰা নাই সেইটোহে মই একো বুজিব পৰা নাই । হয়তো দুয়োটা ঘটনাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াত বিকি বৰ বেয়াকৈ বিধ্বস্ত হৈ পৰিছে ।
এনেদৰেই চাৰিমাহ পাৰ হ'ল । বিকিৰ স'তে মোৰ যোগা-যোগ কমি আহিল । বিকিয়ে পুনৰ দীঘলীয়া ছুটি ল'লে । বিকিৰ ছুটিৰ সময়তে মইও ছুটি লৈ যোৰহাটৰ নিজা গ'লো । তাৰ পৰা আমাৰ ডাঙৰ খুড়াৰ ঘৰ গোলাঘাটলৈ দুদিন থকাকৈ গৈছিলোঁ ।
গোলাঘাটৰ পৰা ঘূৰি অহাৰ দিনা আবেলি প্ৰায় চাৰিমান বজাত এটা অচিনাকি নম্বৰৰ পৰা মোৰ মোবাইললৈ ফোন আহিল। হেল' বুলি ৰিছিভ কৰোঁতে ক'লে -
:: বাইদেউ , মই অৰ্পিতাই কৈছোঁ ।
: অঁ , কোৱা ।
:: বাইদেউ , বিকি … বি কি আৰু নাই । বিকি ঢুকাইছে … ।
:: কি ? কেনেকৈ ? কেনেকৈ কি হ'ল অৰ্পিতা ?
::বি কি জ্বলি গ'ল অ'……বাইদেউ …
এটা দীঘলীয়া উকি মাৰি অৰ্পিতাই চিঞৰি -চিঞৰি কান্দি দিলে ।
সেই মূহুূৰ্ত্তটোতে যেন পৃথিৱীখন মোৰ বাবে স্থৱিৰ হৈ গ'ল । গাড়ী চলাই থকা অংকিতৰ দেউতাকৰ হাত এখন খামুচি ধৰি মই গোটেই মানুহজনী কঁপি-কঁপি ক'ব নোৱাৰা হ'লো । ইফালে মোৰ কোলাত অংকিত শুই আছে । তেওঁ ৰাষ্টাৰ দাঁতিলৈ গাড়ীখন নি ৰখাই মোৰ মুখত পানী মাৰি দিলে ।
অলপ সচকিত হৈ মই চিঞৰি উঠিলোঁ - "বিকি …"
চিটত মূৰটো পেলাই চকু মুদি দিলোঁ। অংকিতৰ দেউতাকে মোক অলপ পানী খোৱাই দিলে ।
::কি হৈছে ? কাৰ ফোন ?
মোৰ অৱস্থা দেখি এওঁ মোক সুধিলে । বিকি হেৰাই যোৱাৰ খবৰটো মোৰ মুখেৰে ওলাবই খোজা নাছিল । তথাপি এওঁক ক'লো । এওঁকো দুখত ভাগি পৰা দেখিলোঁ । তেওঁ লগে-লগে দুই , তিনিজন মানুহলৈ ফোন কৰিলে । কি ঘটনা ? বিকিৰ কি হৈছিল ? বিকি আচলতে কেনেকৈ ঢুকাল ? এই সকলোবোৰৰ উৱাদিহ সুধি তেওঁ যাৰে-তাৰে লগত কথা পাতিলে । সকলোৰে পৰা পোৱা উত্তৰত আমি নিশ্চিত হ'লো বিকিৰ মৃত্যু স্বাভাৱিক নহয় । বিকিৰ শৰীৰৰ আশী শতাংশই জ্বলি গৈছে । ডিব্ৰুগড়ৰলৈ নি থকা অৱস্থাত বিকিয়ে শেষ নি:শ্বাস ত্যাগ কৰে । বিকিৰ পেটত এটা দুমহীয়া ভ্ৰূণ । অকণমানি ফুলকলিটো জুইৰ তাপতে গলি গ'ল ।
#আগলৈ…