---------------------সুৰভি বৰপাত্ৰ গোহাঁই
শিৱসাগৰ
ম'বাইল নম্বৰঃ-৯১০১৪৩০৯২৬
হে সুৰৰ সম্ৰাট, নিৰ্ভীক বীৰ
কথা আছিল তোমাৰ
নদীৰ ঢৌৱে ঢৌৱে ঢৌ তুলি
বৈ গৈ সাগৰত মিলিত হোৱাৰ,
কিন্তু তুমি বাৰু কিয়
মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ বৈ
সাগৰৰ অটল তলিত
শুই পৰিলা তুমি
এৰি থৈ সোণৰ অসম ভূমি ।
তোমাৰ গীতৰ সুৰে
সাগৰৰ উৰ্মিমালাৰ স'তে
উমলিব, নাচিব, গাব মৃদু কৰলৱে
অসমী আইৰ হিয়াৰ আমঠু
জুবিন জীয়াৰ গান।
শোকস্তদ্ধ আজি জগত জননী
জুবিন বিহীন দিন ৰাতি
শূন্য কৰিলা অসমীৰ বুকু
আকাশে বতাহে ধ্বনিত
হায় জুবিন, হায় জুবিন !
সুজলা সুফলা শস্য শ্যামলা
অসম ভূমি এৰি
নৰীয়া গাৰেই
কিয় গুছি গ'লা সূদুৰলৈ
প্ৰাণৰ মমতা এৰি থৈ
আহিলা তুমি পাৰ্থিৱ শৰীৰ লৈ ।
বসন্ত আহিব প্ৰকৃতি বুকুলৈ
পৰিভ্ৰমী চৰাইজনীয়ে
ইনাই বিনাই কান্দিব
তুমি বিহীন অসমীয়া জাতি,
উকা হৈ ৰ'ব বিহুৰ তলি
আকাশ বতাহ ৰজন জনাই
কোনে বাৰু গাব হিয়া উজাৰি
"মায়াবিনী ৰাতিৰ বুকুত "।
সাগৰ প্ৰেমী হৈ নালাগে থাকিব
সূদুৰ সাগৰৰ অটল তলিত
চোৱাচোন তন্দ্ৰালস দুচকু মেলি
সন্মুখত তোমাৰ জন সমুদ্ৰ
সবাৰে আকুল আহ্বান
তুমি উঠা তুমি উঠা
মাতাচোন তুমি আঁছা বুলি ।
হে বিশ্ব বৰেণ্য মহান শিল্পী
সূৰ্য উঠা দেশৰ একোণত
এটি মাত্ৰ সুৰ হৈ
অচিৰেই থিতাপি লোৱা
আই অসমী সেউজী গৰ্ভত
ভূমিস্থ হোৱা এটি দেৱ শিশু হৈ
আমাৰ হিয়াৰ আমঠু হৈ
তুমি আকৌ আহাঁ অসমীৰ বুকুলৈ।