Type Here to Get Search Results !

সাগৰ তলীত শুবৰে মন...



**********************
সাগৰ তলীত শুই পৰাৰ লগে লগেই মানুহ জন...
এটা জাতি কান্দোনত ভাঙি পৰিল ...
লগে লগেই বিদ্যালয় কাৰ্য্যালয়,
মছজিদ নামঘৰ , তিনি আলি চাৰি আলি..
আনকি প্ৰতি অসমীয়াৰ ঘৰে ঘৰে 
হাজাৰ হাজাৰ বন্তি জ্বলি উঠিল ...

মোৰ এই ক্ষুদ্ৰ জীৱন কালত 
বহুতো শিল্পী সাহিত্যিকৰ স্বৰ্গ যাত্ৰা দেখিলোঁ ...
কিন্তু এনে অলৌকিকতা প্ৰথম  দেখিলোঁ ...
জীৱনত প্ৰথম বাৰ 
আকাশক ডাৱৰেৰে প্ৰতিমূৰ্তি সজাই 
কাৰোবাক শ্ৰদ্ধাঞ্জলি জনোৱা দেখিলোঁ ...
গৰু , ঘোঁৰা , বান্দৰ, কাছ আদি জীৱই 
প্ৰথম বাৰ কোনোবা মানুহক 
শ্ৰদ্ধাঞ্জলি জনোৱা দেখিলোঁ ...
আনকি কোনোবা মানুহৰ মৃত্যুত 
প্ৰথমবাৰ এটা পক্ষীক 
আত্মহত্যা কৰাৰ দৰে বিৰল দৃশ্য দেখিলোঁ ...

সঁচাকৈ তেওঁ এজন কেৱল শিল্পীয়েই আছিল নে ?
এজন সাধাৰণ মানুহ আছিল নে ?
নে কিবা ঐশ্বৰিক শক্তি আছিল তেওঁৰ মাজত ...

মৃত্যুৰ পিছত হে দেখিলোঁ...
ইংৰাজীৰে Go back বুলি 
উন্মাদ গঢ়ক উভতাই পঠিওৱাৰ দৰে দৃশ্য ...
শুনিলো মাত দিলেই 
চৰাই চিৰিকতিও উৰি আহি
তেওঁৰ হাতত আহি পৰাৰ কথা ...
জীৱিত কাছৰ মুখত
আঙুলি দিয়াৰ দৰে কথাবোৰো শুনিলো
চচক্ষে প্ৰত্যক্ষ কৰা কিছু ব্যক্তিৰ পৰা ...
আৰু শুনিলো
তেওঁৰ আমন্ত্ৰনত বতাহেও আহি
তেওঁৰ দেহা জুৰ পেলোৱাৰ সেই বিৰল কাহিনী ...

সঁচাই তেওঁ বাৰু সাধাৰণ মানুহ নে ....

আজি তেওঁৰ শ্মশান থলী মন্দিৰ হ'ল...
দিনে নিশাই হাজাৰ হাজাৰ বন্তিৰ পোহৰে
অকলে থাকি বেয়া পোৱা মানুহ জনক 
সংগ দিয়া হ'ল...
তেওঁ বিচৰাৰ দৰেই 
জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে
লাখ লাখ মানুহ একেলগে
একেখন মঞ্চতে একত্ৰিত হ'ল...

নিয়ম নমনা মানুহ জনৰ বাবে
লগতে বহুতো নিয়ম ভঙ্গ হোৱা দেখিলোঁ ...
ফটো সমুখত লৈ কোনোবা জন মৌলবিক
কোৰান পাঠ কৰাৰ দৰে বিৰল দৃশ্য দেখিলোঁ...
কেতিয়াও নেদেখা নুশুনা
মুক্তাব , মাদ্ৰাছাত 
মায়াবিনীৰ সুৰ তোলা দেখিলোঁ ...
জাতি ধৰ্ম নথকা মানুহ জনৰ পত্নীক
কোৰান উপহাৰ দিয়া দেখিলোঁ ...

এছিয়াৰ ভিতৰতে সৰ্বকালৰ সৰ্ববৃহৎ
অন্তিম যাত্ৰাৰ সমদল
প্ৰথম বাৰ দেখিলোঁ ...
পৃথিৱীৰ ১১৪ খন দেশে গুগলত 
তেওঁৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰা শুনিলো ...

তেওঁ কৈ যোৱা প্ৰতিটো কথা 
আখৰে আখৰে 
সকলোকে পালন কৰা দেখিলোঁ ...
দেশে বিদেশে ভিন্ন ভাষাত , ভিন্ন ৰূপত
মায়াবিনীক প্ৰাৰ্থনা হোৱা দেখিলোঁ ...

তেওঁৰ জীৱনৰ প্ৰতিটো স্তৰ প্ৰতিটো সময়
সাঁচি ৰখাৰ
সকলোৰে এক আচৰিত হেঁপাহ দেখিলোঁ ...

গামোচাৰ পাহাৰ 
প্ৰথম বাৰ দেখিলোঁ ...
শ্ৰদ্ধাঞ্জলিৰ নামত
কাৰোবাক ডিঙিৰ সোণৰ চেইন খুলি
উচৰ্গা দিয়া দেখিলোঁ ...
আনকি দহ বছৰৰ আগতে
তেওঁ জিৰণি লোৱা শিল এচতা 
সংৰক্ষণ কৰা দেখিলোঁ ...
তেওঁৰ একালৰ সহপাঠী
এটি গীতৰ নায়িকা জোনমনিক
মিডিয়াই বিচাৰি চলাথ কৰা দেখিলোঁ ...

তেওঁ মৃত্যুৰ আগতে কৈ যোৱা
এটা এটা কথা সত্য হোৱা দেখিলোঁ ...
আৰু যে কত কি.....

সঁচাকৈয়ে তেওঁ সাধাৰণ মানুহ আছিল নে...
নে কোনো অৱতাৰী আত্মা...

জুবিন দা অমৰ হওঁক...
প্ৰতি অসমীয়াৰ বুকুৱে বুকুৱে তেওঁ জীয়াই থাকক...
বিশ্বৰ চোকে কোনে তেওঁ জীয়াই থাকক ...
গৰিমা বৌৰ সেউতাত তেওঁ জীয়াই থাকক ...

ধুমুহাৰ সতে যাৰ
বহু যুগৰে নাচোন...
তেওঁৰ পুণ্য ক্ষেত্ৰত অনন্ত কাললৈ বাজি থাকক...
" মায়াবিনী ৰাতিৰ বুকুত
 দেখা পালো তোমাৰ ছবি " ...!!!

____ৰফিকা বেগম / নাজিৰা / শিৱসাগৰ / ১/১০/২০২৫