মনে মানি ল’ব নিবিচৰা শাশ্বত সত্যটোৱেই হৈছে
সাংস্কৃতিক জগতখনৰ মহানায়ক সকলোৰে মৰমৰ জুবিন গাৰ্গৰ অকাল বিয়োগ ৷
অনাকাংক্ষিত এই অৱতাৰী শিল্পী জনাৰ মৃত্যুত প্ৰথমেই অশ্ৰুঅঞ্জলি নিবেদিলো ৷
জুবিন গাৰ্গ আছিল অসমীয়া মহাজাতিৰ মহান জন চেতনা ৷তেখেতৰ গীত,কবিতা,কথাছবি সকলোতে এটি সুন্দৰ ধাৰা আছিল ৷নৱপ্ৰজন্মৰ পথপদৰ্শক আছিল ৷ শিশুৰ পৰা বৃদ্ধ জনলৈকে জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু আছিল ৷কিয়নো তেওঁ বিশাল ব্যক্তিত্বৰ অধিকাৰী আছিল ৷
তেখেতৰ 'বুহুম'কবিতাৰ এটি মোৰ ভাল লগা পংক্তি
'মোৰ উদং পথাৰত তোৰ বৰ উৎপাত
মই গছৰ সন্তান
মই পাহাৰৰ সন্তান
মই নদীৰ সন্তান
মোক চুই দিলেই জ্বলি যাব এবুকু বহ্নিমান'
জুবিন গাৰ্গে প্ৰকৃতিক ভাল পাইছিল ,জীৱ-জন্তুবোৰক ভাল পাইছিল তেওঁ মানুহক ভাল পাইছিল ৷এনে এজন মানৱ সম্পদ হেৰুৱাই আমি অতি মৰ্মাহত হৈছো ৷ তেওঁ জীয়াই থাকোতে মানুহক বহুত দি গ’ল আৰু মৃত্যুৰ পিছত বহুত শিকাই গ’ল ৷তেওঁ শিকাই গ’ল মনৰ সংকীৰ্ণতা দূৰ কৰিবলৈ৷তেওঁ শিকাই গ’ল সাম্যধাৰা৷
জুবিন গাৰ্গ ঐক্য সমন্বয়ৰ প্ৰতীক আছিল ৷ তেখেতৰ কোনো ধৰ্ম,জাতি নাছিল ৷তেখেতে মানুহৰ মাজত থাকি মানুহক ভাল পাইছিল ৷তেখেতৰ মৃত্যুয়ে এক ইতিহাস ৰচি থৈ গ’ল ৷মহান গুণেৰে পুষ্ট জুবিন গাৰ্গ এগৰাকী সংগীত শিল্পী,কবি,ছবিনিৰ্মাতা,অভিনেতা, পৰিচালক আছিল ৷বিভিন্ন ভাষাত তেখেতৰ সুমধুৰ কণ্ঠৰে গীত সমূহত কণ্ঠ নিগৰাই গ’ল ৷
জুবিন গাৰ্গৰ জন্ম —১৯৭২চনৰ ১৮নবেম্বৰত
মৃত্যু—২০২৫চনৰ ১৯চেপ্তেম্বৰত ৷
এনে এজন শিল্পীপ্ৰাণ শিল্পীৰ মৃত্যুত পুণৰবাৰ শ্ৰদ্ধাঞ্জলি নিবেদিলো ৷
------------
চৈয়দা চায়ৰা বেগম
নাজিৰা নগৰ ৷