-ৰঞ্জিত চুতীয়া
" মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য।"
মৃত্যু এক চিৰন্তন সত্য। জন্ম হ'লে এদিন সকলো প্ৰাণীৰ মৃত্যু অনিবাৰ্য। মৃত্যু শব্দটো সহজ ভাবে ল'ব নোৱাৰিলেও এই শব্দটোৰ ওচৰত সকলোৱে এদিন হাৰ মানিবই লাগিব। এই সকলোবোৰ জানিও আমি যেতিয়া এগৰাকী বিশেষ প্ৰতিভাৱান ব্যক্তিক অকালতে হেৰুৱাব লগা হয় তেতিয়া আমাৰ মন দুখত ভাৰাক্ৰান্ত হৈ পৰে। এই দুখ, এই বেদনা লিখি বা কৈ প্ৰকাশ কৰা অসম্ভৱ। যোৱা ইংৰাজী ২০২৫ চনৰ ১৯ ছেপ্তম্বৰত এনে এজন প্ৰতিভাৱান ব্যক্তিক হঠাৎ হেৰুৱাই গোটেই অসম তথা ভাৰতবাসীয়ে শোকত ম্ৰিয়মাণ হৈ পৰিছিলোঁ, পৰিছিলোঁ বাকৰুদ্ধ হৈ।
গীতৰ পৰা কবিতালৈ, লোকগীতৰ পৰা পশ্চিমীয়া সংগীতলৈ, সংগীতৰ মহাসমৰৰ এগৰাকী বীৰ যুদ্ধা জুবিন গাৰ্গ হ'ল লাচিত দেশৰ সাংস্কৃতিক সৈনিক। সংগীত বিশ্বখন হাতৰ মুঠিলৈ আনিব বিচৰা,ইউকেলিপ্টাচৰ দৰে ওখ জুবিন গাৰ্গে ৰাজ্য তথা দেশৰ পৰিসীমা অতিক্ৰম কৰি সাত সাগৰ তেৰ নদী পাৰ হৈ বিদেশতো কণ্ঠৰ অমৃত বিলাইছিল। এয়া কেৱল অসমৰ বাবেই নহয় ভাৰতবাসীৰ বাবে গৌৰৱ।
অসম তথা ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী, সংগীত পৰিচালক গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ প্ৰয়োজক, চলচ্চিত্ৰ পৰিচালক, অভিনেতা, চিত্ৰ্যনাট্যকাৰ, বাদ্য যন্ত্ৰী, কবি, সমাজ কৰ্মী, মানৱ দৰদী জুবিন গাৰ্গ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত। জুবিনৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ (ছদ্ম নাম কপিল ঠাকুৰ) আৰু মাতৃৰ নাম ইলি বৰঠাকুৰ (বিয়াৰ পূৰ্বে ইলি অধ্যাপক)আছিল। জুবিনৰ দুগৰাকী ভগ্নী - জংকী বৰঠাকুৰ আৰু পামী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। দুভাগ্যজনক ভাবে ২০০২ চনৰ ১২ জানুৱাৰীত তেজপুৰৰ ওচৰত ঘটা এটা মটৰ দুৰ্ঘটনাত জংকী মৃত্যু হয়। আন গৰাকী ভগ্নী ড° পামী বৰঠাকুৰ এগৰাকী অধ্যাপক। ড° বৰঠাকুৰে সাংগীতিক ভূগোলত গৱেষণা কৰি ডক্টৰেট অৰ্জন কৰে। তেওঁ বৰ্তমান অসমস্থিত ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত অধ্যাপিকা হিচাপে কৰ্মৰত।জুবিনৰ প্ৰকৃত নাম জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল। পাছত গাৰ্গ গোত্ৰ নামটোত জুবিনে প্ৰৱেশিকা পৰীক্ষাৰ সময়ত নিজেই সংযোজন কৰি ল'লে। জুবিনৰ পিতৃৰ পৰিয়াল শিৱসাগৰ জিলাৰ জাঁজীৰ অন্তৰ্গত তামুলিছিগা গাঁৱত আছিল।
২০০২ চনৰ ৪ফেব্ৰুৱাৰীত জুবিন গাৰ্গে অসমৰ গোলাঘাটৰ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াক বিয়া কৰায়। গৰিমা শইকীয়া গোলাঘাটৰ শান্তিপুৰৰ সুৰেন্দ্ৰনাথ শইকীয়া আৰু ৰুণুমী শইকীয়াৰ একমাত্ৰ জীয়ৰী। তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ সম্পূৰ্ণ কৰে।
জুবিনৰ পিতৃৰ চাকৰি-জীৱনৰ প্ৰথমছোৱাত সঘনাই ইঠাই সিঠাইলৈ বদলি হ'বলগীয়া হৈছিল। সেয়ে জুবিনে ল'ৰালি কালতে বিভিন্ন ঠাইৰ ভিন্ন অভিজ্ঞতা লাভ কৰিছিল।জুবিনৰ পিতৃয়ে কপিল ঠাকুৰৰ ছদ্ম নামত কবিতা, গল্প, প্ৰবন্ধ আৰু উপন্যাস লিখিছে। মাতৃ ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী,অভিনেত্ৰী আৰু সু-গায়িকা আছিল। তেওঁ জুবিনক ঘৰতে সংগীত শিক্ষা প্ৰদান কৰিছিল। জুবিনে মাতৃকে নিজৰ জীৱনৰ প্ৰথম গুৰু বুলি বিবেচনা কৰিছিল।
জুবিন গাৰ্গে বি বৰুৱা কলেজত পঢ়ি থাকোঁতেই ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য সংগীতৰ শাখাত একক পৰিৱেশনত স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াতেই জুবিনে কণ্ঠশিল্পী ৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা আৰু তেওঁ নিজৰ ওপৰত বিশ্বাসৰ ভেটি দৃঢ় হয়। ১৯৯৩ চনৰ দুৰ্গা পুজাৰ ষষ্ঠী দিনা এন কে প্ৰডাকচনে পৰিৱেশন কৰা প্ৰথম এলবাম 'অনামিকা'ই মুক্তিলাভ কৰিছিল। অসমৰ আকাশে-বতাহে মুখৰিত হৈ পৰিল অনামিকা। অসমীয়া সংগীত জগতত জুবিন গাৰ্গ নামৰ এটা কণ্ঠ আৱিভাৱ হৈছিল। যি কণ্ঠই সলাই পেলাইছিল অসমীয়া সংগীতৰ ধাৰা, পৰিভাষা, সকলো ধাৰণা। ইয়াৰ পিছত ৪০ টা ভাষাত ৩৮০০০ গীতত কণ্ঠ নিগৰাই জুবিন গাৰ্গ হৈ পৰিল প্ৰতিজন অসমীয়াৰ বুকুত শিপাই থকা এক সুৰীয়া সত্ত্বা।
মুনীন বৰুৱাৰ 'হিয়া দিয়া নিয়া' (২০০০চন) ছবিখনৰ যোগেদি সংগীত পৰিচালক হিচাপে আত্ম প্ৰকাশ কৰা জুবিন গাৰ্গৰ সংগীতে অসমীয়া ছবিৰ বাণিজ্যিক দিশটো বহুখিনি সহায় কৰিছিল। 'তুমি মোৰ মাথোঁ মোৰ' জুবিন গাৰ্গে অভিনয় আৰু পৰিচালনা কৰা তেওঁৰ প্ৰথমখন অসমীয়া চিনেমা। ইয়াৰ পিছত জুবিন গাৰ্গে ৩৭ খনতকৈ অধিক ছবিত সংগীত পৰিচালনা কৰা লগতে ২২ খনতকৈ অধিক ছবিত অভিনয় কৰিছে।
জুবিন গাৰ্গে সাহিত্য জগতৰ লগতো জড়িত হৈ ২০১৭ চনত তেওঁ কাব্য গ্ৰন্থৰ বাবে সেউতী-সেউজী বঁটা লাভ কৰিছিল। ১৯৯৬ চনত চেনেল ভি মিউজিক এৱাৰ্ডছ আৰু স্ক্ৰীণ এৱাৰ্ডছত জুবিন গাৰ্গে 'চান্দনী ৰাত' এলবামৰ বাবে শ্ৰেষ্ঠ ভাৰতীয় পপ এলবাম হিচাপে নিৰ্বাচিত হয়। ২০১১ চনত আমেৰিকাৰ ইলিনয়ৰ অক ব্ৰুকত অনুষ্ঠিত হোৱা অসম অধিৱেশনৰ দ্বাৰা জুবিন গাৰ্গক বছৰৰ অতিথি শিল্পী হিচাপে সন্মানিত কৰা হয়। ২০২৪ চনৰ ২৭ মে'ত জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰা হয়। ২০০৯ চনৰ ৫৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটাত অ-কাহিনীমুলক ছবি ইৰ'জ অৱ চাইলেঞ্চৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল।
জুবিন মানেই এক অনুষ্ঠান। অসমৰ চুকে-কোণে এই অনুষ্ঠানৰ প্ৰভাৱ অপৰিসীম। ৰোগীৰ পৰা শিল্পীলৈ সহায়ৰ হাত আগবঢ়োৱ, বানপানীৰ পৰা গঁড় হত্যাৰ বিৰুদ্ধে মাতমতা, প্ৰকৃতিৰ সুৰক্ষালৈকে কি কৰা নাই এই অনুষ্ঠানে।
জন্মগত ভাবে জুবিন আছিল স্পষ্টবাদী, সাহসী আৰু আপোচবিহীন জনতাৰ শিল্পী। তেওঁ জেদী অথচ হৃদয় আছিল অতি দয়ালু। দৰিদ্ৰ জনৰ বাবে তেওঁ আছিল দেৱদূত। সকলোৱে হৃদয়ত বাহ সাজিব পৰা তেওঁ আছিল সৰ্বকালৰ আটাইতকৈ দয়ালু অসমীয়া ডেকা।
এই গৰাকী বহুধা ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি ২০২৫ চনত ১৯ ছেপ্টম্বৰ তাৰিখে ছেইন্ট জ'নছ দ্বীপৰ সমীপত অনাকাংক্ষিত ভাবে মৃত্যু হয়। তেখেতৰ মৃত্যুৰ বিষয়ে বতৰ্মানেও ন্যায়লয়ত গোচৰাধীন হৈ আছে। এনে এগৰাকী মহান ব্যক্তিক অকালতে হেৰুৱাই অসমীয়া জাতিৰ এক অপূৰণীয় ক্ষতি হ'ল। যাক আমি বহু যুগলৈ হয়তো অপেক্ষা কৰিব লাগি।
সদৌ শেষত লাচিত দেশৰ সাংস্কৃতিক সৈনিক গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কমনাৰ কৰাৰ লগতে অনতি পলমে মৃত্যুৰ ৰহস্য ফাদিল হোৱা কামনা কৰোঁ। জুবিন অসমৰ এটুকুৰা হীৰা, ই আকাশত চন্দ্ৰ- সূৰ্য থকালৈকে জিলিকি ৰ'ব।
…………………………+………………………