১৯ ছেপ্টেম্বৰ ২০২৫। আমাৰ বাবে অভিশপ্ত দিন। এই দিনটোতেই হেৰুৱালোঁ আমাৰ অসমবাসীৰ হিয়াৰ আমঠুক। হাৰ্টথ্ৰৱ..এৰা হাৰ্টথ্ৰৱ! সকলোৰে নয়নৰ মণি!যাৰ গানত মুগ্ধ সকলো, যাৰ মাতত প্ৰাণ পায় সকলোৱে। ল'ৰাৰ পৰা ডেকালৈ, ডেকাৰপৰা বুঢ়ালৈ, ছোৱালী, বুঢ়ী সকলো তেওঁৰ অনুৰাগী। তেওঁৰ গীতত আৰম্ভ হয় দিন , শেষ হয় ৰাতি। পুৱাৰ ভাগত তেওঁ গোৱা হৰিনাম , নাহৰ বুলি চিঞৰটো মাৰিলেই ব'হাগ ব'হাগ লগা মন, নতুন গান বুলিলেেই জুবিনৰ গান, ঝুমুৰ বুলিলেও তেখেতৰ গান, আমনি লাগিলেও জুবিনৰ গান, দুখ লাগিলে- আনন্দ লাগিলেও জুবিনৰ গান।মুঠতে তেখেতৰ গান শুনিলেই আপোন পাহৰা মন। অকস্মাতে হেৰুৱাই পেলালোঁ আমি আমাৰ হাৰ্টথ্ৰৱক। শুনি বিশ্বাস নহৈছিল। বাৰে বাৰে ভাবিছিলোঁ কথাটো মিছা হওক। কিন্তু ইতিমধ্যে সকলো শেষ হৈছিল। কায়িকভাৱে তেখেতক আমি চিৰদিনলৈ হেৰুৱালোঁ। কেৱল শিল্পী বুলিলেই ভুল হ'ব! কি নাছিল তেওঁ? মানৱ দৰদী, সহানুভূতিশীল, প্ৰকৃতিপ্ৰেমী, এক সুকীয়া সত্ত্বা! আনৰ বিপদত মুক্তহস্তে সকলোৱে সহায় কৰিব নোৱাৰে। কিন্তু তেওঁ পাৰে। আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হ'ব জানে তেওঁ। জানিছিল বুলি নাই লিখা। কাৰণ তেওঁ আছে আমাৰ মাজত । সুৰ হৈ বৈ থাকিব প্ৰতিজন অসমীয়াৰ বুকুত, মনত, প্ৰাণত। সৰুসজাইলৈ হিলদল ভাঙি আহিল ভগৱানৰ কায়িক অৱয়ৱ শেষবাৰলৈ দৰ্শন কৰিবলৈ। এছিয়াৰ প্ৰথম বৃহত্তম সমদল তেওঁৰ বাবে। আচৰিত নহয়নে? ইয়াৰপৰাই বুজিছে সকলোৱে কিমান ভাল পালে এনেকৈ মানুহৰ সাগৰ সৃষ্টি হ'ব পাৰে?
তেওঁ দেখুৱাই দিলে শংকৰ-আজানৰ দেশ কাক কয়? জাতি ভেদ পাহৰি সকলো এক হৈ প্ৰাৰ্থনা জনালে সকলোৱে নিজৰ ভগৱানৰ বাবে। সমাধিক্ষেত্ৰ সমাধি নহৈ পৱিত্ৰ মন্দিৰলৈ পৰিৱৰ্তিত হ'ল। সোণাপুৰ ভৰি পৰিল ধূপ-চাকিৰ পোহৰ আৰু সুবাসত। এয়াই পৰিৱৰ্তন।
৪০ টাতকৈও অধিক ভাষাত ৩৮০০০ গীত গালে। সকলোৰে বাবে গাই গ'ল অজস্ৰ গীত। বিহু,ঝুমুৰ, হৰিনাম, টোকাৰী গীত, জিকিৰ, হিন্দী গীত, নেপালী গীত, কি গোৱা নাই তেওঁ? অসমবাসীক বহুত বহুত মূল্যৱান সম্পদ দি গ'ল। প্ৰতিটো গীতেই যেন তেওঁৰ লগত মিলি গ'ল। সকলোৱে "মায়াবিনী ৰাতিৰ বুকুত" গালে সমস্বৰে। "মায়াবিনী"য়ে সঁচাকৈ মায়া লগাই থৈ গ'ল। সেয়েহে লাখ লাখ অনুৰাগী।
তেখেতৰ সমাধিতো তেওঁক অকলে এৰি দিয়া নাই। ভগৱানক অকলে এৰে কোনসতে? দিনে-নিশাই সংগ দিছে অনুৰাগীয়ে। অসমবাসীৰ তেজে তেজে ,শিৰে শিৰে শিপাই আছে তেখেতৰ গীত, আদৰ্শ। সকলোৱে তেওঁক আকাশে-বতাহে দেখিছোঁ। এয়া একমাত্ৰ সম্ভৱ তেওঁৰ প্ৰতি থকা অনুৰাগীৰ শ্ৰদ্ধা, ভালপোৱাৰ বাবে। "জুবিন অৱতাৰী পুৰুষ", "জুবিন ভগৱান"- সকলোৰে মুখে মুখে। সঁচাকৈয়ে ভগৱান! নহ'লেনো ইমান প্ৰতিভাৰ অধিকাৰী হয়নে? গীতৰ লগতে বাদ্যযন্ত্ৰ বজোৱা, অভিনয়, পৰিচালনা সকলো সুন্দৰকৈ সমাপন কৰে। নিজলৈ একো নৰখাকৈ কোনে দান দিব পাৰে? ধেমেলীয়া কথাৰে হঁহুৱাই আমোদ দিব, অন্যায় দেখিলে প্ৰতিবাদ কৰিব ... সকলোৱে নোৱাৰে। তেওঁ পাৰে।
কেৱল অসমতেই নহয় সমগ্ৰ বিশ্বই তেওঁক চিনে।
১৯৫ খন দেশৰ ১২৪ খন দেশেই তেওঁৰ বাতৰি ল'বলৈ ইণ্টাৰনেটত চাৰ্চ কৰিছে। তেখেতৰ গীতৰ মাজতে আমি তেখেতক বিচাৰিব লাগিব। আমাৰ মাজত তেওঁ সদায় আছে ,থাকিব।
প্ৰগতি গগৈ চাংমাই,নাজিৰা