Type Here to Get Search Results !

সাৰ পালে আকৌ আহিবা তুমি...




আকাশে গাতে ল'বৰে মন
সাগৰৰ তলিতে শুবৰে মন
     এটা সত্তা এতিয়া আকস্মিক ভাৱেই শুই পৰিছে, অনন্তকাললৈ। আমাৰ বাবে যিটো হৈ পৰিছে এতিয়া অতি ৰহস্যময়।
  ১৯৭২ চনৰ ১৮ নৱেম্বৰত জন্ম হোৱা এটা শিশুৱে ছয়টা মাহৰ পাছতেই খোজ কাঢ়িবলৈ সক্ষম হৈছিল, ভাবিলে আচৰিত লাগে। আচৰিত হ'লেও ই সত্য। পিছৰ জীৱন কালতো কথাত ল'ৰামতীয়া ,কাম আৰু আচৰণত ল'ৰামতীয়া, কিন্তু নিজস্ব বৈশিষ্ট্যৰে বিদ্যমান হৈ নিজক আগুৱাই লৈ জুবিন গাৰ্গ নামৰ এটা সত্তা হ'ল। অসমৰ এটা মৰমৰ সত্তা , যাৰ গান শুনি ফুল কুমলীয়া ল'ৰাৰ পৰা আবাল বৃদ্ধলৈকে জুবিন বুলি বুজি পোৱা হ'ল। সংগীত সমুদ্ৰত অনবৰতে উটি ভাঁহি থকা হ'ল। তেওঁ গীত ৰচনা কৰে,গীতৰ সুৰ দিয়ে আৰু কণ্ঠৰ যাদুৰে সকলোৰে হৃদয় জয় কৰে। তেওঁ অসমীয়া আধুনিক গীতৰ এটি ধাৰা সৃষ্টি কৰি সেই ধাৰা মানুহৰ প্ৰাণে প্ৰাণে বোৱাই দিলে। আন গীতিকাৰৰ গীততো প্ৰাণঢালি কণ্ঠ নিগৰালে।কবি , গীতিকাৰ,সংগীতশিল্পী, বিভিন্ন বাদ্যবিশাৰদ, সংগীত পৰিচালক, চিনেমা পৰিচালক প্ৰকৃতি প্ৰেমী এইজন সকলোতে পাৰ্গত। অনবৰতে এই কামবোৰতেই লাগি থাকিল। নিজে এই সংগীতৰ সমুদ্ৰখনত জড়িত হৈ কিমান জনক গীত গাবলৈ সাহস আৰু প্ৰেৰণা যোগালে ঠিক নাই। যিসকলে এই সত্তাটোৰ সৈতে নিবিড়ভাৱে একাত্মবোধ হৈছে, তেওঁলোকে নিশ্চয় পিছ হুহুকিব লগীয়া হোৱা নাই। আনহে নালাগে তেওঁৰ সান্নিধ্য নোহোৱাকৈও তেওঁৰ গীতৰ প্ৰতি অনুৰাগ থকা বহু প্ৰতিভায়ো উজ্জ্বলি উঠা দেখিছোঁ আৰু বহু সময়ত এনেবোৰ খবৰ প্ৰকাশ পাইছে। আচলতে কিমান ভাল পালে এজন শিল্পীৰ অনুৰাগীয়ে তেওঁক অনুকৰণ কৰি আগবাঢ়ি যাব পাৰে। ভাবি আচৰিত লাগে কেতিয়াবা। কি আছে এই জুবিন নামৰ সত্তাটোত।
তেওঁ নদীৰ দৰে গতিশীল হৈ নিজৰ বাট নিজেই পোনাই আগবাঢ়ি যোৱাৰ আৰু সাগৰৰ তলিত শান্তিৰে শুই পৰাৰ পোষকতা কৰে। আচলতে ইয়াতেই তেওঁৰ জীৱন দৰ্শনৰ ছবিখন উন্মোচিত হৈ পৰে। তেওঁ মূলতঃ মানুহ ভাল পায়, কোনো জাতি,ধৰ্ম চিনি নাপায় আৰু সেই আবেষ্টনিৰ মাজত সোমাই থাকিব নিবিচৰা অজ্ঞেয়বাদী। তেওঁ কাঞ্চনজংঘা। তেওঁৰ মন ইউক্লিপটাছৰ দৰেই ওখ। এইটো কেৱল কথাতেই সীমাবদ্ধ নহৈ কামেৰে প্ৰকাশ কৰিছে। সেয়েহে নিজৰ যি আছে তাৰ পৰাই, জীৱনৰ ছন্দ হেৰাই যাব বিচৰাজনক অকুণ্ঠচিত্তে সাহস যোগায়। সুখী হৈ সেই সকলেও মানৱতাৰ গোন্ধ লৈ নিজক আগুৱাই লৈ যাব পাৰে।
অসমে জুবিন নামৰ যিটো আপুৰুগীয়া সম্পদ লাভ কৰিছিল, সেই সম্পদৰ দ্বাৰা অনেক সৰু সৰু সম্পদৰ উত্থানৰ বাট প্ৰশস্ত হৈছিল । তেওঁৰ দৰে এটা প্ৰতিভা অসমে লাভ কৰি অতিশয় গৌৰৱান্বিত। সমাজৰ যিবিলাক খাটি খোৱা মানুহ তেওঁলোকক জুবিনে খুব ভাল পাইছিল। সৰু সৰু কাম কৰি নিজৰ ওপৰত ভৰসা ৰাখি জীৱনক জীয়াই তোলা সহজ সৰল মানুহখিনিৰ বুকুত অমল সাহস যোগাইছিল। বিভিন্ন সময়ত বিভিন্ন কাৰণত তেওঁৰ ওচৰত সহায় বিচাৰি অহা সকলক অতি আন্তৰিকতা আৰু শ্ৰদ্ধাৰে বিচৰা সহায় কৰিবলৈ ভাল পোৱা আৰু  সৰু সৰু মানুহক ভাল পাবপৰা গুণটো তেওঁৰ অন্তৰাত্মাত যেন প্ৰোথিত হৈ আছিল।
     জুবিনে মানুহক ভালপোৱা গুণটোৰ বাবেই হয়তো ঘূৰাই তেওঁক গুণমুগ্ধ সকলে আশাশুধীয়াকৈ ভাল পাইছিল। শিশুসুলভ মনৰ এইগৰাকী শিল্পীয়ে এখন সংস্কৃতিসম্পন্ন পৰিবেশৰ মাজত জন্মগ্ৰহণ কৰি নিজক গঢ়িবলৈ সৰুৰেপৰাই সংগীতকে বিশেষ ভাৱে বাচি ল'লে। কাৰণ , সংগীতে মানুহৰ বুকুত অতি সহজে ঠাই ল'ব পাৰে।
তেওঁ বাধ্যতামূলক ভাৱে আনুষ্ঠানিক শিক্ষা বহুত বেছি লৈ নামৰ অন্তত তালিকা দীঘলীয়া নকৰিলেও  জ্ঞানৰ মাত্ৰা সহজে কোনোবাই ঢুকি পাব নোৱাৰাকৈয়ে যে দীঘলীয়া এইটো অতি সহজেই অনুমেয়। অধিক গ্ৰন্থ অধ্যয়ন কৰি প্ৰাপ্ত হোৱা ভাষা জ্ঞানৰ যোগেদি সেয়ে তেওঁ চল্লিশ টাকৈ ভাষাত আঠত্ৰিছ হেজাৰ গীত গাব পৰাতো তেনেই সহজ কথা নাছিল। তদুপৰি নিজে এটা দুটাকৈ নহয়,পাঁচ হেজাৰ গীত ৰচনা কৰি সুৰ দি কণ্ঠ দিয়াটোৱেই তেওঁক অন্য এক মাত্ৰা প্ৰদান কৰে। এইবোৰ তেনেই সহজ কথা নাছিল।
জীৱন যাত্ৰাত আগবাঢ়ি গৈ থাকোঁতে আপোনভোলা স্বভাৱৰ জুবিনক সৰুৰেপৰাই বাট পোনাই নিবৰ বাবে সহযোগিতাৰ প্ৰয়োজন হৈছিল। কাৰণ  আপোনভোলা স্বভাৱৰ বাবে বিভিন্ন সময়ত বাটত উজুটি খাব লগীয়াও নোহোৱা নহয়। তথাপিও তেওঁ দৃঢ়ভাৱে নিজ বাটেৰে আগবাঢ়ি গৈছিল। তেওঁৰ জীৱন বাটৰ নিঃস্বাৰ্থ সহযোগী সকল সেয়ে ধন্যবাদৰ পাত্ৰ।
                     জাতি,ধৰ্ম, বৰ্ণৰ উৰ্দ্ধত মানবীয় গুণেৰে সকলোৰে  প্ৰিয়ভাজন হোৱা এই শিল্পী সত্তা, যিজন ব্যক্তিৰ পৰা এটা অনুষ্ঠানত পৰিণত হৈছিল, তেওঁক নিকট সমাজখনে পিছলৈ দিবলগীয়া ৰক্ষণাবেক্ষণ খিনি দিছিল নে?
অৱশেষত আমি মানুহক ভালপোৱা,অসমৰ কৃষ্টি, সংস্কৃতি, প্ৰকৃতিৰ প্ৰতি আকৃষ্ট শক্তিশালী মনৰ এই সত্তাটো অনাকাংক্ষিত ভাৱে আৰু অতি আচম্বিতে কেনেকৈ হেৰুৱাবলগীয়া হ'ল  তাকেই ভাৱি আচৰিত হৈছোঁ। আপোনভোলা স্বভাৱৰ বাবেই তেওঁ নিজকে সুৰক্ষা দিবলৈ কোনোদিনে নিশিকিলে ।
১৮ নৱেম্বৰৰ জন্মদিনলৈ আগবাঢ়ি গৈ আছিল তেওঁ, যিটো দিন পোৱা হ'লে ৫৩ টা বছৰ  সম্পূৰ্ণ হ'লহেঁতেন
মাত্ৰ। এইকেইটা বছৰতে তেওঁ যিমান কৰিলে, শতবৰ্ষ গৰকিও আন বহুতে কৰিব পৰা নাই। তেওঁ আৰু কৰিবলগীয়া আছিল অসমৰ সাংস্কৃতিক জগত খনৰবাবে,অসমৰ মানুহে তেওঁৰ পৰা পাবৰ বাবে থাকি গ'ল। গুচি যোৱাৰ সময় নহৈছিল। সেয়ে অসমৰ মানুহ এতিয়া বাকৰূদ্ধ হৈ পৰিছে। যিখিনি দিলে সেইখিনি সকলোৱে অতি আন্তৰিকতাৰে সুঁৱৰিছে।
সঁচাকৈয়ে এটা শক্তিশালী কণ্ঠ হঠাতে  কিয় ৰুদ্ধ হ'ল।
  বহুত ভাষাত গান গোৱাৰ লগতে সকলোতে সলসলীয়াকৈ কথা ক'ব পৰা দূৰদৰ্শী চিন্তাধাৰাৰ আৰু অতি শক্তিশালী একক কণ্ঠ হ'ব পৰা জুবিন নামৰ সত্তাটোক অৰ্থাৎ অসমৰ এই সম্পদটোক হেৰুৱায় তেওঁক ভালপোৱা মানুহ  সকলো মৰ্মাহত হৈছে । তেওঁৰ দৰে সম্পদ অসমে সহজে হয়তো নাপাব। তেওঁ কোৱা কথা, তেওঁ গোৱা গীতবোৰ দেখোন তেওঁৰ জীৱন পৰিক্ৰমাত প্ৰতিভাত হৈ পৰিছে। ভাবিছোঁ এনে সত্তাৰ পুনৰাবিভাৰ্ৱ  হ'ব লাগে। 
         যিখিনি তেওঁ এই কম সময়তে অসমক দিলে চিৰদিনৰ বাবে নিঃশেষ নোহোৱাকৈ সংৰক্ষিত কৰি ৰাখিব লাগে।
---
অৰুণা চেতিয়া খাটনিয়াৰ।
৪/১০/২০২৫