Type Here to Get Search Results !

সম্পাদকীয়

 

গীত যেতিয়া প্ৰাৰ্থনা হৈ পৰে

সকলো জীৱনলৈ এদিন মৃত্যু অহাটো শাশ্বত। কিন্তু কিছু লোকৰ মৃত্যু কেতিয়াও সহজে ল'ব নোৱাৰি। তাৰেই প্ৰতিফলন ঘটিল অসম তথা অসমীয়া হৃদয়তো। যোৱা ১৯ চেপ্তেম্বৰত সুদূৰ চিংগাপুৰৰ পৰা অহা অবাঞ্চিত খবৰটোত সকলোৱে হতবাক হৈ গৈছিল। খবৰটো সঁচা নহওঁক বুলি সকলোৱে প্ৰাৰ্থনাও কৰিছিল কিন্ত নিয়তিৰ শেষ বিধানক মানি ল'ব লগা হৈছিল মনত হাজাৰ দুখ, ক্ষোভ আৰু প্ৰশ্নৰে। এনেকৈয়ে 'মায়াবিনী ৰাতিৰ বুকুত' গীতটি সোণাপুৰত শেষ যাত্ৰাৰ সময়ত প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছিল। স্তব্ধ হৈ পৰিছিল অসম, অনুৰাগী লগতে সমাজৰ সকলো স্তৰৰ লোক।
'জুবিন গাৰ্গ' আছিল সকলোৱে বাবে এক মহান শিল্পী সত্তা। জুবিনৰ কন্ঠত যেনেকৈ যাদু আছিল লগতে বুকুত আছিল প্ৰকৃত মানৱতা। প্ৰকৃতিৰ প্ৰতি প্ৰেম, প্ৰতি জীৱকূলৰ প্ৰতি দয়া, সমাজৰ আৰ্তজনৰ প্ৰতি আছিল কৰুণা লগতে আগবঢ়াইছিল সহায়ৰ হাত। তাৰ মাজতে সমাজৰ অনিয়ম আৰু অন্যায়ৰ প্ৰতিবাদো কৰিছিল নিৰ্ভীক আৰু স্পষ্ট ভাষাৰে। যিবোৰ মুখেৰে কৈছিল সেইবোৰ কামেৰেও কৰি দেখুৱাই গৈছে। এজন শিল্পীৰ মাজত ইমান গুণৰ সমাহাৰ হোৱাটো বিৰল।
  তেখেতৰ এই অকাল মৃত্যুৰ ন্যায় বিচাৰি অনুৰাগী, পৰিয়াল, অসমবাসী লগতে সমাজৰ সকলো স্তৰৰ লোকে আজি দাবী কৰিছে। সেয়ে সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে।
 তেখেতৰ হেৰুৱাই আমি আজি সকলোৱে ম্ৰিয়মান। তথাপি নিয়তিৰ বিধান মানিবই লাগিল। এই দুখৰ সময়ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এই সংখ্যাটো আগবঢ়ালো তাৰেই এয়া প্ৰয়াস। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো। ওম শান্তি।
হে মহান শিল্পী,
তুমি ভাল পোৱা প্ৰাৰ্থনা সদৃশ গীতৰ কলিটিৰে জনালো সমলয় হৈ শতকৌটি প্ৰণাম-

মায়াবিনী ৰাতিৰ বুকুত
দেখা পালো তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত………

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
১১/১০/২০২৫