সৃষ্টিৰ দিন
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপজা দিন ১৯৭২ চনৰ ১৮ নৱেম্বৰ। এই বিশেষ দিনটো যে 'সৃষ্টিৰ দিন' এই কথাটো জুবিন ফেন ক্লাৱৰ কৰ্মকৰ্তা সকলৰ পৰা জানিবলৈ পালো। ভাল লাগিছে বিশেষ দিনটোক যথাযথ নামাকৰণে গোটেই অসমতে উদযাপন হৈছে। অসমক অতিকৈ ভাল পোৱা আৰু কৃষ্টি সংস্কৃতিৰে অসমক চহকী কৰি বিশ্বৰ আগত অসমৰ মান উজ্বলাই যোৱা শিল্পীজনাক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। এই জন্মদিনটো মহান শিল্পীজনৰ অবৰ্তমানত হোৱা প্ৰথমটো জন্মদিন। তেওঁ আজি আমাৰ মাজত নাই তথাপি তেওঁ কৰি যোৱা কামবোৰ, গীতবোৰ আৰু কথাবোৰ এতিয়াও আমাৰ হৃদয়ত আছে। জীৱিত কালতে তেখেতে কৈ গৈছে- মই এশ বছৰৰ বাবে কৰি থৈ যাম। ঠিক যেন তাৰেই প্ৰতিফলন আজি আমি দেখিবলৈ পাওঁ। তেখেতৰ অকাল বিয়োগৰ পাছতে তেওঁ কৰ্মৰাজীয়ে সকলোতে গঢ়িছে ৰেকৰ্ড আৰু ৰেকৰ্ড। আমি জীৱন কালত নেদেখা আৰু নুশুনা বহু কথা। এইবোৰেই যেন ইংগিত বহন কৰিছে অলৌকিক গুণ সম্পন্ন ভগৱান সদৃশ শিল্পীজনৰ অমৰত্ব কথা। এতিয়া আমি মাথো তেওঁৰ আদৰ্শৰে বাট বুলিব লাগে। প্ৰতি পলে পলে তেওঁ স্মৃতিক উজ্বীৱিত কৰিব লাগে।
জন্মদিনটো অসমীয়া জাতিৰ বাবে প্ৰকৃতাৰ্থত 'সৃষ্টিৰ দিন' হওঁক তাকে অন্ত:কৰণে আশা কৰোঁ।
অৰুণ কোঁৱৰ
সম্পাদক- সমলয়।
১৫/১১/২০২৫
