ৰফিকা বেগম
নাজিৰা
তুমি সুধিছা মোৰ খবৰ..
কেনেকৈ কওঁ মনৰ বতৰ..
এই ফৰকাল
এই গোমা
এই খৰ...
কেতিয়াবা নিশা বোৰো মলিন হয় ..
কেতিয়াবা দিন বোৰো গহীন হয় ..
কেতিয়াবা নিৰ্জনতাই ও পাতে কোলাহল ..
চকুত চকু থৈ
বুকুত হাত থৈ
মোৰ বুলি কবলৈ
কোনো যে নাই
নাই কোনো নাই...
নাই কোনো নাই...
তলসৰা শেৱালীৰে মালা গাঁঠি
খোপাত পিন্ধাই দিবলে
কোনো যে নাই
নাই কোনো নাই...
নাই কোনো নাই...
সেই গান নাই
সেই প্ৰাণ নাই
উদং উদং আজি মনৰ চোতাল
সেই কায়া নাই
সেই ছায়া নাই
নিমাত নিতাল নিশা
ইমান জয়াল...
ইমান জয়াল...।
