- ডেইজী চৌধুৰী
মাহৰ মূৰত এক অস্পষ্ট যন্ত্ৰণাৰ সন্ধিক্ষণে মনত পেলায় তুমি নামৰ নাৰীক
প্ৰথম দুদিন জগতৰ সকলো অশৌচ মূৰ পাতি
তৃতীয়টো দিনত কেনেদৰে নাৰী পৱিত্ৰ হৈ পৰে সেই ৰহস্যৰ কোনেও কাহানিও নুবুজা ধেৰ কথা
নাৰী হ'লেহে বুজিবা
নাড়ীৰ পৰা নাৰী হোৱাৰ খেলখনৰ বিড়ম্বনা ।
