✍️ ৰীতে ৰিদম
তুমি নথকাৰ অনুভৱত
এই বিশাল পৃথিৱীত এখনি অশ্ৰু নৈ
যি নৈ বৈ গৈ সমুদ্ৰ বক্ষত
খেলিছে বেদনাৰ ঢৌ মাথোঁ ঢৌ।
কেতিয়াও নাভাগৰো বুলি কৈ
তুমি ভাগৰি পৰা দিনটোৰ পৰা
কবিৰ কাপত–
অপ্ৰতিৰোধ্য এসাগৰ অশ্ৰু নিগৰা কবিতা
আৰু চিত্ৰশিল্পীৰ তুলিকাত
তেজেৰে অকাঁ তোমাৰ প্ৰাণৰ প্ৰতিমা।
তুমি নথকাৰ অনুভৱত
মায়াবিনী ৰাতিৰ বুকুত
কেৱল তোমাৰ প্ৰতিচ্ছবিৰ বিজুলি চমকা ছায়া
দুচকুত অশ্ৰু
কাহানিও ৰঙা ৰুমালে মচিব নোৱাৰা।
এতিয়া ৰজাবিহীন ৰাজ্যত
কেনেকৈ যে বাস কৰোঁ
কেনেকৈ সহো দানৱৰ নিষ্ঠুৰতা…!
তুমি বিহীনতাৰ পৃথিৱীত
কাৰ আদৰ্শৰে লিখোঁ গান আৰু কবিতা।
তুমি নথকাৰ অনুভৱত
ৰৈ ৰৈ নহয়, অহৰ্নিশে বিনাইয়ে আছে
আৰু বিনাই থাকিব আজীৱন
দুখৰ ভৰত বিদীৰ্ণ কলিজা।
কবিৰ কবিতাৰ পৰা নিগৰিছে অশ্ৰু
গানৰ পৰা সৰি পৰিছে অশ্ৰু
শিৰে শিৰে তেজে তেজে ঢৌ দুখৰ পাগলাদিয়া
তেজৰ ধমনিত আৱেগবিহ্বল ঢৌত
অনুৰাগীয়ে হেৰুৱাইছে জীয়াই থকাৰ আশা।
