অৰুণ দুৱৰা,মিলন নগৰ, ডিব্ৰুগড়।
১৯৪২ চন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়। গাঁওখনৰ মাজ মজিয়াত এজোপা ঠাল ঠেঙুলিৰে ভৰা বিশাল বটবৃক্ষ। গছজোপা মাথোঁ গছ নহয়।সেয়া সাক্ষী বহু সপোন, বহু কথা, বহু নীৰৱ হাঁহাকাৰৰ। সেই গছজোপাৰ তলত বহি এগৰাকী শিক্ষয়িত্ৰী ৰূপালী মেমে প্ৰতিদিনেই এখন চিঠি পঢ়ে।সেয়া মেমৰ হৃদয়ৰ এক গোপন ইতিহাস,এটা অলেখ বিপদৰ মাজতো জীয়াই থকাৰ প্ৰেমৰ আখ্যান।
ৰূপালী মেম মধুবন গাঁৱৰ এখন বিদ্যালয়ৰ এগৰাকী কৃতি শিক্ষয়িত্ৰী। সুগঢ়ী মাটি ৰঙা মেখেলা চাদৰৰ পৰিহিত। চকুত সপোন আৰু আশাৰ আভা। আনহাতে অবিনাশ এজন বিপ্লৱী।অসম তথা ভাৰতৰ স্বাধীনতাৰ বাবে লোক চক্ষুৰ অগোচৰে লুকাই কাম কৰা স্বাধীন মনৰ সুঠাম যুৱক। তেওঁ লোকৰ প্ৰথম দেখা সাক্ষাত হয় এখন বিদ্যালয়ৰ পাঠাগাৰৰ প্ৰাঙ্গণত হোৱা এখন সভাত।কথোপকথন আৰম্ভ হয় দেশ আৰু সাম্প্ৰতিক সময়ৰ সাহিত্যৰ মাজেৰে আৰু তেতিয়াৰ পৰাই দুয়োয়ে দুয়োৰ বাবে হৃদয়ৰ দুৱাৰ খোলা ৰাখে।
বিপ্লৱৰ দায়িত্বৰ বাবে অবিনাশে গাঁৱ এৰি যায় যদিও তেওঁৰ নিভাজ প্ৰেম আঁতৰি নাযায়। তেওঁ ৰূপালীৰ বাবে প্ৰতি সপ্তাহত এখন চিঠি লিখে আৰু সেই চিঠি গোপনে থৈ আহে সেই বট জোপাৰ গুৰিত থকা এচটা শিলৰ তলত। ৰূপালীয়ে সেই চিঠিবোৰ পঢ়ি মৃদু ভাবে হাঁহে। কেতিয়াবা চকুপানী মোচি নীৰৱে আকাশ খনলৈ চাই ৰয় আৰু তাৰ পিছত নিজকে সম্বৰণ কৰি উত্তৰ লিখে।চিঠি সমূহত কেতিয়াবা লিখে -"মই প্ৰতি নিশা তোমাৰ কণ্ঠস্বৰ মনত পেলাই শুব বিচাৰোঁ।"আৰু কেতিয়াবা অবিনাশে লিখে-"দেশ স্বাধীন নোহোৱালৈকে মই মোৰ মুখ ঘূৰাব নোৱাৰিম, কিন্তু মোৰ এই ঠুনুকা হৃদয় তোমাৰ ওচৰতে আছে আৰু সদায় তোমাৰ ওচৰতে থাকিব।"
ধৰা পৰাৰ আশংকাত অবিনাশে একে ঠাইতে নাথাকে। বৃটিছ চৰকাৰৰ গুপ্তচৰে প্ৰতিদিনে তেওঁৰ সন্ধানত পিতপিতাই ঘূৰি ফুৰে। এইদৰে চুঙ সলাই ঘূৰি ফুৰি থকাৰ মাজতে এদিন তেওঁক দেখা পালে সেই বট গছৰ তলত ৰূপালীৰ চিঠি অন্বেষণ কৰি ফুৰোঁতে। গাঁওখনৰ কিছুমান লোকে সন্দেহ কৰে তেওঁক তাত তেনেকৈ দেখি। বিদ্যালয়তো তদন্ত আৰম্ভ হয়। ৰূপালীয়ে চকুত চকু থৈ সোধে -"মই চিঠি লিখা বন্ধ কৰিমনে অবিনাশ? কিন্তু তেওঁ উত্তৰত ক'লে -"যদি মোৰ বাবে বিপদ আহে তেন্তে মোক পাহৰি যোৱা। যদি প্ৰেম সত্য হয় তেন্তে মোক তোমাৰ হৃদয়ত সাঁচি ৰাখিবা।"তেওঁ মুখ মণ্ডলত প্ৰেমৰ সাগৰ সদৃশ গহীনতা।
ভাৰত ত্যাগ আন্দোলনৰ ভৰপক তেতিয়া । গোটেই দেশ আন্দোলনত তোলপাৰ। আৰু তাৰ মাজতে এদিন অবিনাশ ধৰা পৰে এটা চিক্ৰেট অপাৰেশ্যনত। গাঁওখনৰ বাট পথ বোৰত বৃটিছ সৈন্যৰ পদচালনা। ৰূপালীকো সোধা পোছা কৰে। তেওঁ ক'লে মাথোঁ -"মই দেশৰ শিশুক শিক্ষা দিয়া শিক্ষয়িত্ৰী। সকলোকে তাৰ মাজতে মই হৃদয়ৰো প্ৰেমৰ শিক্ষা দিছোঁ।"
অবিনাশ গ্ৰেপ্তাৰ হোৱাৰ পিছৰ পৰা বট গছ জোপা তেতিয়াৰ পৰা নীৰৱ হৈ পৰে। নাই কোনো চিঠি, নাই মানুহৰ পদ চিহ্ন। ৰূপালীয়ে আশাৰে বাট চোৱাৰ বাদে নাছিল কোনো গত্যন্তৰ,তালৈ আহি পঢ়ে মাথো কেতিয়াবা পুৰণি চিঠিবোৰ।। সেই বোৰেই আছিল ৰূপালীৰ জীৱনৰ প্ৰাণ স্পন্দন।
গছজোপা তেতিয়াও সিহঁতৰ প্ৰেমৰ সাক্ষী হৈ আছিল। তিনি বছৰ পাৰ হৈ গ'ল।১৯৪৫ চন। অবিনাশ জেইলৰ পৰা মুকলি হৈ ওলাই আহিল সদম্ভে।সি খোজেৰে নিজৰ গাঁৱ খনলৈ ঘূৰি আহিল যদিও সংকোচ আৰু সংশয়ে তাৰ মন বাউল কৰি তোলে- যদি ৰূপালীয়ে তাক পাহৰি গৈছে।বা আগতে অহাৰ দৰে প্ৰতি দিনে লোক চকুৰ অগোচৰে সদায় তালৈ আহে।
কিন্তু ৰূপালীৰ হৃদয়ত তেতিয়া কিহে খেলা কৰিছিল।তাক জনাৰ একো অৱকাশ গাঁওবাসীৰ নাছিল।গধুলি কানিমুনি বেলিত ৰূপালী গছজোপাৰ তললৈ আহি বহি আছিল বিষণ্ণ অথচ অন্যমনস্ক হৈ। তাইৰ হাতত এখন পুৰণি চিঠি। যেতিয়া চিঠিখনত চকুৰ স্পৰ্শ হ'ল তেতিয়া চিঠিৰ শব্দবোৰ মূক হৈ ৰ'ল। মাত্ৰ বিষণ্ণ বতাহে চিঠিয়ে ক'ব নোৱৰা কথাবোৰ তাইৰ কৰ্ণ লৈ বোৱাই আনি ৰূপালীক বিব্ৰত কৰিলে। কোনো হাইউৰুমি নাই, নিৰ্বিকাৰ পৰিবেষ। মাত্ৰ বট জোপাই যেন বিৰবিৰাই ক'লে -"এইয়া জীৱনৰ প্ৰকৃত প্ৰেমৰ দস্তাবেজ,যাক হয়তো ইতিহাসৰ পাতত কোনো কালে লিখা নহ'ব। কিন্তু এই কাহিনী ইয়াৰ মাটিত প্ৰোথিত হ'ব নীৰৱে আৰু হৃদয়ৰ নিভৃত কোণত।
