Type Here to Get Search Results !

শিশুবোৰ আমাৰ




চৈয়দা চায়ৰা বেগম
নাজিৰা ৷


ওঁঠবোৰ নীলা হোৱাৰ আগতেই
শিশুবোৰ শিশু হৈ থাকক
তেজবোৰ বিষাক্ত হোৱাৰ আগতেই 
শিশুবোৰ শিশু হৈ থাকক
শিশুবোৰ আমাৰ
আমি শিশুবোৰৰ লগৰী হওঁচোন
অখাদ্যত আসক্ত নহওক শিশুবোৰ
কোনোবা আন্ধাৰ গলিত নিচাসক্ত নহওঁক শিশুবোৰ
সুস্বাস্থ্য,সুখাদ্য
সু পৰিৱেশ আৰু শিক্ষা,বস্ত্ৰ
মৌলিক অধিকাৰ সমূহ শিশুৰ প্ৰাপ্য
দিওচোন শিশুক এই অনুকুল পৰিৱেশ
প্ৰতিজন পিতৃৰ আৰু প্ৰতিগৰাকী মাতৃৰ বুকুৰ এগছি চাকি হৈ থাকক শিশুবোৰ
শিশুবোৰ সমাজৰ
শিশুবোৰ দেশৰ
শিশুবোৰ আমাৰ ৷