মোগলৰ ৰণশিঙাত
কপিল বুকু,
আহোম সেনানীৰ !
নৰীয়া পাৰ্টিৰ পৰা পলকতে
উঠিল আহোম সেনাপতি,
গড় বান্ধে, শত্ৰুক ভেটিবলৈ
এলেহুৱা বনুৱাই টোপনিয়াই,
ক্ৰধৰ অগনি ফালি
ধুমুহাৰ বেগেৰে,ৰণ-ঘোঁৰা
ছেঁকুৰাই বীৰ লাচিতে ।
হাতত হেংদাং, বুকুত দুঃসাহস,
চকুত টোপনি হেৰাই!
মোগলৰ গৰৰ্জনত
স্বদেশ ৰক্ষাৰ্থে
দুচেও কৰিলে নিজ
মোমায়েকক ।
হে বীৰ লাচিত,
তোমাৰ দেশ প্ৰেমৰ
দুৰ্দান্ত সাহসক
যুগে যুগে জাতিয়ে
জনাব সশ্ৰদ্ধ প্ৰণাম।
সেই সপ্তদশ শতিকাৰ
যুগমীয়া খ্যাতিৰ
স্বাক্ষৰ বহন কৰি আছে
আজিও লুইতৰ বুকুৱে ।
স্বদেশ প্ৰেমত বলিয়ান
অসম গৌৰৱ বীৰ লাচিতৰ
কথা সোঁৱৰি
আজিও ৰিঙিয়াই মাতে
শৰাইঘাটে ।
