Type Here to Get Search Results !

সন্তানৰ জীৱন গঢ়াত মাতৃৰ ভূমিকা

 


ৰঞ্জিত চুতীয়া
সোণাৰি, ৰজাধাপ

                পৃথিৱীৰ প্ৰত্যেক পিতৃ-মাতৃয়ে বুকুত পুহি ৰাখে এটি সপোন - নিজৰ সন্তান সুন্দৰ হওক, ভৱিষ্যৎ জীৱন সুখময় হওক। পিতৃ-মাতৃৰে তেতিয়াই স্বৰ্গসুখ পায়, যেতিয়া তেওঁলোকৰ সন্তান প্ৰকৃতাৰ্থত ভাল মানুহ হয়। সন্তানক ডাঙৰ-দীঘল কৰিবলৈ জীৱনত যি কষ্ট তথা ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল, সেই সকলোবোৰ পাহৰাই দিয়ে এই অনাবিল আনন্দ জোৱাৰে। শিশু এটি জন্ম হোৱাৰ পৰা নিজৰ ভৰিত থিয় দিব পৰালৈকে এই  দীঘলীয়া সময়ছোৱাত মাক-দেউতাক দুয়োৰে যি অৱদান, সি অতুলনীয়। ইয়াক পৰিশোধ কৰাটো সন্তানৰ পক্ষে অসাধ্য।
                    সন্তান এটি ডাঙৰ-দীঘল কৰাত পিতৃ-মাতৃ দুয়োৰে ভূমিকা যদিও সমান বুলি কোৱা হয়, প্ৰকৃতাৰ্থত মাতৃ গৰাকীৰ দায়িত্ব অপৰিসীম আৰু অতুলনীয়। এগৰাকী নাৰীৰ বাবে মাতৃ হ'ব পৰাটো গৌৰৱৰ কথা, কিন্তু সঁচা অৰ্থত মাতৃত্বৰ গৌৰৱ অৰ্জন সহজ কথা নহয়। এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰা দিনৰ পৰাই তেওঁৰ ব্যক্তিগত জীৱন বুলি ভাৱিবলৈ একো নাথাকে। সেইদিন ধৰি তেওঁ যিকোনো কথাই দুটা জীৱনৰ বাবে ভাৱিব লগা হয়। এটি শিশু জন্ম হোৱা মানে এগৰাকী মাতৃৰ শৰীৰৰ বিচ্ছিন্ন হৈ পৰা এক অংশ। গতিকে মাতৃ আৰু সন্তানৰ সম্পৰ্ক সুকীয়া। মাতৃৰ কোলাত উম লৈ বুকুৰ অমৃত পান কৰি শিশু এটি প্ৰতি মুহূৰ্ততে মাতৃ গৰাকীৰ ওপৰত নিৰ্ভৰশীল হৈ ডাঙৰ-দীঘল হয়। এইবিলাক প্ৰকৃতিৰ নিয়মানুসৰি পৰিচালিত মাতৃ-সন্তানৰ পৱিত্ৰ সম্পৰ্ক। সেয়ে কোৱা হয় "জননী জন্ম ভূমি স্বৰ্গাদপী গৰিয়সী"। এই সম্পৰ্কই সন্তানৰ ওপৰত মাতৃৰ দায়িত্ব পিতৃতকৈ বেছি নিৰ্ধাৰিত কৰিছে।
                   সন্তানৰ জীৱন গঢ়াৰ বাবে বিদ্যালয় তথা শিক্ষক-শিক্ষয়িত্ৰীৰ অৱদান গুৰুত্বপূৰ্ণ। কিন্তু এইটো নহয় যে কেৱল বিদ্যালয়ত আহৰণ কৰা শিক্ষাৰে ল'ৰা-ছোৱালীৰ জীৱন গঢ়ি উঠিব। ল'ৰা-ছোৱালীৰ জীৱন গঢ়াৰ প্ৰথম শিক্ষাকেন্দ্ৰ কিন্তু ঘৰখনহে। ঘৰখন বুলিলেই পিতৃ-মাতৃৰ কথাই আহি পৰে। যদিওবা পিতৃ-মাতৃ বুলি কোৱা হয়, মূলতঃ মাতৃগৰাকীৰ ওপৰতহে অধিক নিৰ্ভৰ কৰে সন্তানৰ ভৱিষ্যৎ। সন্তানক সৎ, আদৰ্শবান, সুনাগৰিক হিচাপে গঢ়ি তোলাত মাতৃগৰাকীৰ ওপৰত অধিক নিৰ্ভৰ কৰে। সেয়ে নেপোলিয়ন বোনাপাৰ্টে মাতৃসকলক উদ্দেশ্যি কৈছিল, "তোমালোকে সু-সন্তান দিয়া, মই তোমালোকক এটা উন্নত জাতি দিম"।
                   সময় গতিশীল। সময়ৰ লগতে সমাজ ব্যৱস্থাৰো দ্ৰুত পৰিৱৰ্তন ঘটিছে। কথাতে কয় এতিয়া আৰু সেই ৰামো নাই অযোধ্যাও নাই। মানুহৰ থকা, খোৱা, চিন্তাচৰ্চা সকলো সলনি হৈছে। তদুপৰি এই বিশ্বায়ণৰ যুগত অৰ্থনৈতিক অৱস্থাৰ যি আমূল পৰিৱৰ্তন ঘটিছে তাৰ লগত খাপ খোৱাকৈ মানুহৰ জীৱন ধাৰণৰ প্ৰণালীও সলনি কৰিবলৈ বাধ্য হৈছে।
                 সমাজৰ বহুতো ইতিবাচক পৰিৱৰ্তনৰ ভিতৰত অন্যতম হৈছে নাৰী সৱলীকৰণ। বৰ্তমান সমাজত বহুতো উচ্চ শিক্ষিতা নাৰী সৃষ্টি হৈছে। কেৱল শিক্ষাৰ ক্ষেত্ৰতেই নহয়, আজিৰ নাৰী পুৰুষৰ লগত সমানে সমানে বিভিন্ন দিশত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। এক বুজন সংখ্যক নাৰীয়ে নিজকে ঘৰৰ চাৰি বেৰৰ মাজৰ আৱদ্ধ নাৰাখি বৃত্তিমুখী হৈ অৰ্থনৈতিক ভাৱে পৰিয়ালটোক স্বাৱলম্বী কৰা লগতে আনকো সহায়ৰ হাত আগবঢ়াব পৰা হৈছে।
                 বৰ্তমান সময়ত বহুতো মহিলাই ঘৰ-বাৰী, ল'ৰা-ছোৱালী, চাকৰি - এইসকলোবোৰ সমানে নিয়াৰিকৈ পৰিচালনা কৰি বিভিন্ন দিশত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কত চাকৰিয়াল মহিলাই দিনটো কৰ্মস্থলীত কটাই সুন্দৰভাৱে নিজৰ সন্তানক উপযুক্ত শিক্ষা প্ৰদান কৰি গঢ়ি তুলিছে। এনেবিলাক মহিলাই আন দহ গৰাকীক স্বাৱলম্বী হ'বলৈ অনুপ্ৰাণিত কৰে। অতি উৎসাহজনক কথাটো হৈছে চাকৰিয়াল মাতৃৰ সন্তানসকল সাধাৰণতে আত্মানিৰ্ভৰশীল হ'বলৈ সৰুৰে পৰা ঘৰখনত এটি অনুকূল পৰিৱেশ পায়। ইয়াৰ মূলতে হৈছে মাতৃগৰাকীৰ চাকৰি আৰু পৰিয়াল দুয়োতাকে সমানে পৰিচালনা কৰা দক্ষতা। চাকৰিয়াল মাতৃসকলে দৈনন্দিন জীৱনত নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা পালন কৰি অলপো আউল নলগাকৈ সন্তান আৰু পৰিয়ালৰ দায়িত্ব বহন কৰে।
                   মানুহৰ মাজত মানুহ হৈ জীয়াই থাকি এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰি উন্নত দেশৰ বাসিন্দা হ'বলৈ প্ৰথম আমাক লাগিব সু-শিক্ষা আৰু সু-স্বাস্থ্য।এই দুয়োবিধ অমূল্য সম্পদৰ অধিকাৰী হ'ব পাৰিলেহ আমি নিজকে প্ৰকৃতাৰ্থত মানুহ হিচাপে পৰিচয় দিব পাৰিম। ইয়াৰ বাবে আমাৰ প্ৰথম শিক্ষানুষ্ঠানখনেই হ'ল ঘৰখন অৰ্থাৎ পৰিয়ালটো। সেয়েহে মাতৃসকলে সেই দায়িত্ব মুৰ পাতি লৈ এখন সুস্থ সমাজ তথা এখন প্ৰগতিশীল দেশ গঠনত সজাগ হৈ উত্তৰপুৰুষসকলক সঠিক পথ দেখুৱাই একোজন সুনাগৰিক কৰি তোলাত মুখ্য ভূমিকত গ্ৰহণ কৰিব লাগিব।
                  এগৰাকী নাৰীয়ে নোৱাৰা কাম একো নাই। লাগে মাথোঁ মনত উৎসাহ আৰু শৰীৰত শক্তি। নাৰী হ'ল দেশৰ ধৰণী স্বৰূপ। বিশ্ব কবিৰ ৰবিন্দ্ৰনাথ ঠাকুৰে কৈছিল," A woman is the builder and moulder of a nation's destiny. Though delicate and soft as a Lily. She has a heart far stronger than that of man ".