-ৰফিকা বেগম
২০২৬ ...
মানে ২০২৫ ও গলগৈ ..
অৱশ্যে নতুন কথা নহয় দিয়ক ..
সেই যে মুঠি মূ্ঠি চাউল তুলি
নৰাৰে ঘৰ সাজি
হাফলুত পিকনিক খোৱা দিনবোৰ ..
তেতিয়াৰ পৰাই বছৰ গৈ আছে...
বিদ্যালয়ৰ পৰা মহাবিদ্যালয়,
লুৰুকিহাতৰ পৰা গোলাঘাট ,
গোলাঘাটৰ পৰা শিৱসাগৰ নাজিৰা ,
তেতিয়াৰ পৰাই বছৰ গৈ আছে..
আৰু এতিয়া .....
ছালত ৰেখা টানি বছৰ গৈ আছে..
চুলিত ৰূপালী প্ৰলেপ সানি বছৰ গৈ আছে..
চকুৰ শকত ফ্ৰেমৰ চচমাত বছৰ গৈ আছে..
সঘনাই মেডিকেল অহা যোৱা বাটত বছৰ গৈ আছে..
গৈ আছে, গৈয়েই আছে...
প্ৰতিটো বছৰে আমাৰ পৰা কাঢ়ি লৈ গৈ আছে
কিছু মানুহ ..
কিছু সম্পদ ..
কিছু সপোন ..
কিন্তু কৰবাত যেন আমিহে আগবাঢ়িব পৰা নাই
বছৰৰ সতে...
সেই একে
আগঘৰ - পাকঘৰ , পাকঘৰ - আগঘৰ..
কিন্তু এটা নিৰ্দিষ্ট ঠাইলৈ যে
আমি প্ৰতি বছৰে এখোজ আগ বাঢ়ি গৈ আছো
তাত কোনো সন্দেহ নাই ...
যৰ পৰা কোনেও কেতিয়াও আৰু
উভতি অহা নাই ...!!!
