Type Here to Get Search Results !

সম্পাদকীয়

 


ব্যক্তিত্বৰ অৱলোকন


এই পৃথিৱীৰ বুকুত জনম লৈ ইতিহাস ৰচনা কৰি যোৱা বিশেষ ব্যক্তিত্বৰ অৱলোকন---
১) যীচু খ্ৰীষ্ট -ক্ৰুছবিদ্ধ হৈ মৃত্যু।
২) বুদ্ধদেৱ- শিষ্যৰ ঘৰত বিষযুক্ত খাদ্যৰে অৱশেষত মৃত্যু
৩)মহাত্মা গান্ধী- প্ৰাৰ্থনা সভাত আততায়ীৰ গুলিত মৃত্যু।
৪) ছক্ৰেটিছ- বিহপান কৰিবলৈ বাধ্য কৰিছিল, বিহপান কৰি হাঁহি হাঁহি মৃত্যুক আকোৱালি লৈছিল।
৫) আব্ৰাহীম লিংকন- পৰিয়ালৰ সৈতে সভাত থকা সময়ত আততায়ী গুলিত  মৃত্যু।
৬) জুবিন গাৰ্গ-  মৃত্যু ??? এতিয়াও স্পষ্ট হোৱা নাই।সময়ে উত্তৰ দিব।
কালৰ বুকুত এনেলোক সকল এই ধৰালৈ বিভিন্ন ৰূপত আহে আৰু আগলৈ আহিব। তেওঁলোকে একোটা ইতিহাস ৰচনা কৰি কৰ্মৰে আমাক জীৱন পাঠ দি অমৰ হয়। 
এই পৃথিৱী এনেকৈয়ে আগবাঢ়ি গৈ আছে আৰু গৈ থাকিব, এচামে ক্ষমতা আৰু স্বাৰ্থপূৰণৰ বাবে কাৰোবাক বলি সজাব আৰু কিছুৱে সমস্ত জীৱকুলৰ বাবে হাঁহি হাঁহি নিজকে বলিদান দি সমাজক শিক্ষা দি আছে আৰু দি যাব।
অন্তত,কাল বা সময়ে  ত্যাগীজনৰে গুণগান গাই যাব, ভুগীজন সদায় কাল বা সময়ৰ বুকুত লীন হৈ পৰিব।
এয়াই কালৰ বিচাৰ। 

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১/১/২০২৬