ডেইজী চৌধুৰী
গুৱাহাটী
বৰ্তমান ট্ৰেণ্ডিং শব্দটোৱে সমাজক বাৰুকৈয়ে কোবাই গৈছে। পৃথিৱীত বিভিন্ন প্ৰান্তৰ সৈতে পিছ পৰি ৰোৱা নাই অসমৰ এটাও চুক কোণ। আজিকালি আটাইৰে হাতে হাতে মোবাইল, ৫ জি স্পিডৰ মোবাইল ডাটাৰ ফলত ছেকেণ্ডত পৃথিৱীৰ বিভিন্ন বা-বাতৰি লাভ কৰাৰ লগতে বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠানৰ ৰিলছ ফটো ভিডিঅ' উপভোগ কৰিব পৰা যায় কিন্তু মনোৰঞ্জনৰ নামত আজিকালি সস্তীয়া জনপ্ৰিয়তাৰ নামত নিজকে উদঙাই দিয়া লোকৰ ফটো বা ভিডিঅৰেহে ছচিয়েল মিডিয়া ভৰি থাকে। মুকলিকৈ মোবাইলত ছচিয়েল মিডিয়া যেনে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব খুলিবলৈ লাজ লগা হ'ল ইয়াৰ আঁৰত আছে অসমৰ কিছুসংখ্যক সস্তীয়া কণ্টেট ক্ৰিয়টৰ। ভ্ৰমণ, খাদ্য বা কিছুসংখ্যক ভাললগা কণ্টেটৰ বাহিৰে অধিকাংশ লোকেই ভিউজৰ পিছত দৌৰি নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰি আছে। কণ্টেট যিয়েই নহওক লাগিলে সেয়া অদৰকাৰী বা অশ্লীলতাৰে ভৰা হওক ব্যাপক হাৰক শ্বেয়াৰ হৈ ভিউজ বঢ়াৰ বাবে একাংশ লোক উঠি পাৰি লাগি যায় তেনেধৰণৰ অদৰকাৰী কণ্টেট বনোৱাত। কোনোবাই তাত প্ৰশ্ন তুলিলে আৰম্ভ হৈ যায় অশ্ৰাব্য গালিৰ বৰষুণ। এনেধৰণৰ কণ্টেটৰ বাবে বহুসময়ত ভাল আৰু দৰ্কাৰী কণ্টেটে পাব লগীয়া স্থান নাপায়। চৰকাৰলৈ অনুৰোধ থাকিল অতি শীঘ্ৰে এনেধৰণৰ অদৰকাৰী আপত্তিজনক কণ্টেট বনাই সমাজত বিষবাষ্প বনোৱা একাউণ্টসমূহ ছীল কৰক লগতে আজিকালি যথেষ্ট সৰু সৰু ল'ৰা-ছোৱালীকো ভিউজৰ নামত অভিভাৱকে অধ:পতনে নিয়া দেখা গৈছে এনেবোৰ অভিভাৱকৰ প্ৰতিও চৰকাৰে কঠোৰ পদক্ষেপ ল'ব বুলি আশা কৰিলো। নিজৰ লগতে আনৰ কণ কণ ল'ৰা-ছোৱালীৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱা কণ্টেট ক্ৰিয়েটৰৰ দৰকাৰ নাই।
