অৰুণ দুৱৰা, মিলন নগৰ, ডিব্ৰুগড়
শৰত আহে নীৰৱ হাঁহিৰে
আকাশত ৰূপালী বতাহ বলে
ধাননি পথাৰত সোণালী ঢৌ
গাঁওখনো উজ্বলে সেউজীয়া সপোন লৈ।
পাহাৰৰ বুকুত
মেঘে লিখে সুৰীয়া কবিতা
বট গছৰ ছাঁত বিয়পে ধূপ-ধূনাৰ গন্ধ
কোনে জানে এই মধুৰ পৱনত
লুকাই থাকে জীৱনৰ প্ৰেমময় সন্ধিয়া।
সৌ সুদূৰৰ মন্দিৰত
ফুলৰ সুবাসৰ পবিত্ৰতা আৰু
ধূলিৰ কোমলতা।
নামঘৰত ভোৰ তালৰ গুঞ্জন
গাভৰু বালিকাই খোপাত গুজে
শৰতৰ ধূলিৰ বগা মখমল।
চৰাইবোৰো গুঞ্জৰি ওলাল
গছৰ ডাল পাতৰ মাজত
বতাহৰ নাচত গাবলৈ সুৰে সুৰে।
আহ! জীৱনটো দেখুন শৰতৰ দৰে
ক্ষণিকতে অনন্ত সোৱাদ লয়।
চিৰদিন থাকে গন্ধ ভৰা আশা
এই শৰত প্ৰাণ পৰশা।
