Type Here to Get Search Results !

দহন



চয়নিকা ৰাজখোৱা

জোনাকৰ নাই স্নিগ্ধতা ,
ৰ'দৰো হেৰাল আজি ৰৌদ্ৰতা !
জোনাকীৰো যে নাই জিলমিল ,
প্ৰাণৱন্ত হৃদয়ো আজি স্পন্দনহীন!
সুৰৰ সোপানে সোপানে যে
নাই কোনো মূৰ্ছনা!

আদ্ৰতা হেৰাল নিয়ৰৰ ,
বৰষুণো আজি যেন শুষ্ক  !
নজানো শুনো কোলাহল, 
যেন আজি গান অনাদি অনন্ত...
তথাপিও, 
দুপৰ নিশা নাহৰে যে ৰৈ ৰৈ বিনাই ??