ৰঞ্জিত চুতীয়া
ৰজাধাপ, সোণাৰি
ডাকঃ- সোণাৰি
জিলাঃ- চৰাইদেউ
পিন-৭৮৫৬৯০
শিক্ষা ৰাজনীতিৰ পৰা মুক্ত বুলি ভৱা হয় যদিও বহু সময়ত চৰকাৰে গ্ৰহণ কৰা শিক্ষামূলক আঁচনিসমূহ ৰাজনৈতিক মতাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা দেখা যায়। আমি জানো যে ভাৰতবৰ্ষৰ আধুনিক শিক্ষা ব্যৱস্থাত বৃটিছ শাসকৰ যথেষ্টখিনি অৱদান আছিল। দীঘলীয়া সময়ৰ ঔপনিৱেশিক শাসন আৰু বিভিন্ন ৰাজনৈতিক দলৰ চাপৰ বাবে তেতিয়াৰ পৰা সময়ে সময়ে ভাৰতবৰ্ষৰ শিক্ষামূলক আঁচনি প্ৰভাৱাম্বিত হৈ আহিছে। উদাহৰণস্বৰূপে, ১৮৩৫ চনৰ মেকলেৰ নীতিৰ দ্বাৰা ইংৰাজী ভাষাক ভাৰতবৰ্ষৰ শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাটো ইংৰাজী ভাষাক ভাৰতবৰ্ষত জনপ্ৰিয় কৰাৰ মূলতে ঔপনিৱেশিক উদ্দেশ্যত প্ৰয়োগ কৰা হৈছিল। স্বাধীনতাৰ পিছতো ৰাষ্ট্ৰীয় চৰকাৰে বৃটিছ শাসনে এৰি যোৱা শিক্ষা ব্যৱস্থাকে অনুসৰণ কৰিছিল।
ভাৰতীয় সংবিধানৰ নিদেৰ্শক নীতিৰ অধীনত থকা ৪২ নং অনুচ্ছেদৰ ২১(ক)ৰ জৰিয়তে শিক্ষা এটা অধিকাৰ বুলি বিবেচিত হৈছে। সংবিধানৰ ৯৩ তম সংশোধনীত ব্যক্তিগত স্বীকৃত বা অস্বীকৃত, সংখ্যালঘু শ্ৰেণীৰ শৈক্ষিক অনুষ্ঠানবোৰক বাদ দি সকলো শৈক্ষিক অনুষ্ঠানত অন্যান্য পিছ পৰা জাতি (OBC)ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যদিও ই বিশেষ ৰাজনৈতিক দলৰ আদৰ্শ প্ৰতিফলিত নকৰে; তথাপি এই নীতিৰ সকলো শাখাতে জনসাধাৰণৰ শৈক্ষিক মানদণ্ড উন্নত কৰিবলৈ ৰাজনৈতিক ভাৱে বিবেচনা কৰা হৈছে।
এখন গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষই সকলো নাগৰিকৰ বাবে শিক্ষা প্ৰদানৰ জৰিয়তে সমতা প্ৰতিষ্ঠা কৰিব বিছাৰে। তৎসত্ত্বেও স্বাধীনতাৰ ৭৫ বছৰ পিচতো ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত গ্ৰাম্য-চহৰীয়া অসমতা, লিংগ, জীৱিকা ভিত্তিত অসমতা বিৰাজ কৰি আছে। শৈক্ষিক অনুষ্ঠানত সংৰক্ষণৰ নীতি সম্পৰ্কে মতানৈক্য পৰিলক্ষিত হোৱা দেখা যায়। মন্তব্যবোৰ ৰাজনৈতিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়। সংৰক্ষণৰ নীতিয়ে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিছে, ই সত্য। কিন্তু সময়ে সময়ে সংৰক্ষণ নীতিৰ প্ৰয়োগৰ ক্ষেত্ৰত মূল্যায়নৰ অনুসন্ধান কৰাটো উচিত।
শিক্ষানুষ্ঠানত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ৰাজনীতিৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ৰাজনৈতিক চাপৰ ফলত বহু সময়ত উপযুক্ত প্ৰাৰ্থীজন নিৰ্বাচিত নহ'বও পাৰে। অতি সম্প্ৰতি এই ক্ষেত্ৰত আমূল পৰিবৰ্তন ঘটিছে, ই শুভ লক্ষণ। কিন্তু শিক্ষা ক্ষেত্ৰখনৰ আমোলা-বিষয়াসকলৰ নিযুক্তিৰ ক্ষেত্ৰত ৰাজনৈতিক চাপৰ কবলৰ পৰা মুক্ত হ'ব পৰা নাই। এনে ধৰণৰ ৰাজনৈতিক হস্তক্ষেপে শৈক্ষিক প্ৰশাসনত নঞৰ্থক প্ৰভাৱ পেলায়। সেয়েহে আমাৰ দেশত গুণগত শিক্ষা ব্যৱস্থাৰ কাৰণে কিছুমান ৰাজনৈতিক স্বজন প্ৰীতি ত্যাগ কৰা উচিত।
শিক্ষা ব্যৱস্থাৰ কাৰ্যকৰণৰ বাবে বাজেট হৈছে আন এটা গুৰুত্বপূৰ্ণ দিশ। কিন্তু এখন সাধাৰণ বাজেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এটা বিশেষ দল আৰু ইয়াৰ ৰাজনৈতিক আদৰ্শই তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। দেশৰ প্ৰত্যেক উন্নয়নমূলক খণ্ডৰ অনুদান অনুমোদনৰ ক্ষেত্ৰত আমোলা-বিষয়া, অন্যান্য পক্ষপাতী দল আদিয়ে ভূমিকা গ্ৰহণ কৰে। ৰাজনীতিৰ প্ৰভাৱতে শিক্ষাৰ বিভিন্ন স্তৰৰ মাজত অনুদান অনুমোদনত বৈষম্য দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, বুনিয়াদী বা প্ৰাথমিক শিক্ষাৰ উন্নতকৰণত চৰকাৰে যথেষ্ট গুৰুত্ব দিয়ে যদিও শিক্ষাৰ উচ্চতৰ পৰ্যায়ত অনুদান আনুপাতিকভাৱে কম দিয়া দেখা যায়। গতিকে অৰ্থনৈতিক অসমতা হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতিত এটা ডাঙৰ প্ৰত্যাহ্বান।
এইবোৰৰ উপৰিও যেতিয়া আমি শিক্ষাত ৰাজনীতিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰো তেতিয়া আমি পাঠ্যক্ৰম আৰু পাঠ্যসূচীত ৰাজনীতিৰ প্ৰভাৱৰ বিষয়েও বিবেচনা কৰিব লাগিব। বহু সময়ত এটা পাঠ্যক্ৰম ৰাজনৈতিক প্ৰকৃতিৰ জৰিয়তে প্ৰস্তুত হোৱা দেখা যায়। প্ৰকৃততে পাঠ্যক্ৰম এনেভাৱে প্ৰস্তুত কৰা উচিত যাতে ইয়াৰ যোগেদি শিক্ষাৰ্থীসকলৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে তেওঁলোকক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱস্থাৰ লগত পৰিচয় কৰাই দিব পাৰি। কাৰণ শিক্ষা আৰু ৰাজনীতিক পৃথক কৰিব নোৱাৰি। কিন্তু শিক্ষাৰ্থীজন কোনো বিশেষ ৰাজনৈতিক দলৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা অনুচিত।
ছাত্ৰ আৰু ৰাজনীতি দুটা পৃথক বিষয় হ'লেও পৰস্পৰৰ মাজত নিবিড় সম্পৰ্ক আছে। ছাত্ৰ-ছাত্ৰী তথা আমাৰ উঠি অহা প্ৰজন্মৰ ওপৰত ৰাজনীতিৰ প্ৰভাৱ আৰু ৰাজনীতিৰ ওপৰতো ছাত্ৰ-ছাত্ৰী তথা নতুন প্ৰজন্মৰ প্ৰভাৱ থাকিব। কিয়নো এই কোনোটোৱেই এৰি আমি আজি থাকিব নোৱাৰোঁ। কিন্তু সাম্প্ৰতিক সময়ছোৱাত ৰাজনীতি আৰু ইয়াৰ মানস পুত্ৰ দুৰ্নীতিৰ পাকচক্ৰত সকলো শক্তি যেন নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে। আজি সমগ্ৰ দেশখনৰ ছাত্ৰশক্তিও এই পাকচক্ৰৰ বলি হৈ দিক-বিদিক হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ একতা সভাৰ নিৰ্বাচনসমূহত দল সংগঠনৰ বেনাৰৰ তলত থিয় হৈ বহুজনে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এই বহিঃ শক্তিৰ প্ৰভাৱত শিক্ষানুষ্ঠানসমূহত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অভাৱনীয় পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পাইছোঁ। শিক্ষানুষ্ঠানসমূহৰ পৰা এনেধৰণৰ কু-কীৰ্তিবোৰ আঁতৰাবলৈ হ'লে প্ৰতিখন শিক্ষানুষ্ঠানৰ কতৃপক্ষ, শিক্ষক, অভিভাৱক, স্থানীয় সচেতন ৰাইজৰ যথেষ্টখিনি কৰণীয় আছে। তেওঁলোকক সঠিক পথসমূহ দেখুৱাই আগবঢ়াই লৈ যাবলৈ উচিত শিক্ষা, উচিত নিয়ন্ত্ৰণৰ লগতে প্ৰয়োজনীয় আদৰ্শসমূহ দেখুৱাব পাৰিব লাগিব।
