ধ্যান কক্ষ বা মেডিটেচন চেন্টাৰ আৱশ্যকতা
আমাৰ সকলো কাম পৰিচালনা কৰে মনে সেয়ে মনটো সুস্থ, সবল আৰু সকলো পৰিৱেশতে কাৰ্যক্ষম কৰি ৰাখিবলৈ হলে এই মনৰো যতন লোৱাটো প্ৰয়োজনীয়তা আছে বুলি ভাৱো। মনক যতন ল'ব পৰা এটা কাৰ্যকৰী মাধ্যম হ'ল ধ্যান বা মেডিটেচন। আজি এই বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ।
** ধ্যাননো কি ?
এডোখৰ নিৰি-বিলি ঠাইত থাকি মনক একান্ত ভাৱে নিজৰ আভ্যন্তৰীণ দিশৰ মনৰ গতি-বিধিক সুক্ষ্ম ভাৱে অনুধাৱন কৰাই হৈছে ধ্যান। এই ধ্যান বহু প্ৰাচীন কালৰ পৰাই প্ৰতি ধৰ্মাৱলম্বী লোকে অভ্যাস কৰি আহিছে যদিও ব্যস্ততাপূৰ্ণ জীৱনে আমাক এই অনুশীলনৰ পৰা লাহে লাহে আঁতৰাই লৈ গৈছে। তাৰ ফলতে আভ্যন্তৰীণ ভাবে অসুখী, মানসিক চাপ, মানৱীয় কিছু সজগুণ অভাৱ, অৱসাদ, কৰ্মোদ্যম, সুক্ষ্ম অনুভূতি ইত্যাদি দিশবোৰত অবক্ষয় হ'ব ধৰিছে।
** ধ্যান বা মেডিটেচনৰ আৱশ্যকতা
আজিৰ দিনত আমি পুৱাৰ পৰা ৰাতি শোৱালৈকে বিভিন্ন কামত ব্যস্ত থাকিব লগা হয়। এয়া আধুনিক যুগৰ বাস্তৱতা। এই অধিক ব্যস্ততাৰ মাজতো আমি নিজৰ মনটো সবল কৰি ৰাখি যাৱতীয় খোৰাক দিব লাগিব। তাৰ বাবে প্ৰতি দিনে ৫ ৰপৰা ১০ মিনিট সময় দি নিজকে মানসিক ভাবে চাপ মুক্ত কৰি মনক সঠিক ৰূপত পৰিচালনা কৰিব পাৰোঁহক। লগতে দিনটো কাৰ্যক্ষম তথা ঋণাত্মক চিন্তাক প্ৰতিহত কৰি মানসিক ভাবে সবল হৈ কামত ব্ৰতী হ'বলৈ সমৰ্থ হ'ব পাৰো। আমাৰ প্ৰতিজনৰে মনত অহৰহ চিন্তা বা ভাব অহাটো স্বাভাৱিক। ইয়াক দমন কৰি ৰাখি সুফল পাব নোৱাৰো, কিন্ত মেডিটেচনৰ যোগেদি এই চিন্তাক নিয়ন্ত্ৰণ কৰিব পাৰো। ধ্যানে মনৰ লগতে শৰীৰতো যথেষ্ঠ প্ৰভাৱ পেলায়। সমাজৰ প্ৰতিটো স্তৰৰ লোকে ধ্যানৰ পৰা অভাৱনীয় সুফল পাব পাৰে। বিশেষ ভাবে ক'ব পাৰি কোনো ব্যক্তি বিশেষে যেতিয়া নিজৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব তেতিয়া তাৰ যোগাত্মক প্ৰভাৱ ঘৰ খনত পৰিব তাৰ পাছত সমাজখনত পৰিব তাৰ পাছত ৰাজ্যখনত, দেশখনত এনেদৰে গোটেই পৃথিৱীতে প্ৰভাৱ পৰি আমালৈ যোগাত্মক ভাব কঢ়িয়াই আনিব। সেয়ে সমাজৰ সকলো স্তৰৰ লোকে এই ধ্যান বা মেডিটেচনক আকোঁৱালি লওঁক।
** আমাৰ অনুৰোধ চৰকাৰলৈ-
যদিহে সম্ভৱ হয় সকলো বিভাগতে একোটা ধ্যান কক্ষ স্থাপন হওঁক লগতে প্ৰতিদিনে প্ৰতিজন কৰ্মচাৰী, বিষয়াক কাম আৰম্ভ কৰা আগতে ধ্যান কক্ষত বহি যাতে ৫/১০ মিনিট সময় ধ্যান কৰিবলৈ উদ্যোগ লওঁক।
আশাবাদী ইয়াৰ ফলত কামৰ ফলাফল বহু পৰিমাণে আশাব্যঞ্জক হ'ব।
অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
০১/০২/২০২৬
