ৰিতুপৰ্ণ শৰ্মা
বেলতলা
হিত্য তীৰৰ অমৃত গাথাৰ চতুমাত্ৰিক
আকাশ ধিয়াই সময় শব্দ সপোন
লুইত নন্দিনীৰ স্বপ্নৰ ৰূপকথা
বিৱৰ্তনৰ বিন্যাস কেলেণ্ডাৰত
জীৱন বাটৰ এক অনুভূতি
আত্মোপলদ্ধিৰ ইতিবাচক সত্যানুসন্ধান
সুৱাস বিচাৰি সমীক্ষাৰ ৰূপৰেখা
সম্পৃক্ত অমানুহৰ অব্যক্ত মলয়
ছেচ্ছাস্থলীৰ বিচিত্ৰতাৰ প্ৰতিভাত
আত্মসন্তুষ্টিৰ বাগী লগোৱা প্ৰতাৰণা
হৃদয় জুৰুৱা কুল কুল প্ৰতিধ্বনিৰ
প্ৰশান্তিময় একাত্ম সেউজ অনুভৱ
সুশ্ৰাব্য সুৰৰ গৰিমাত প্ৰাণ পাই উঠে
ভাৰক্ৰান্ত মনৰ অপূৰ্ণতাৰ আলোক
প্ৰতিদিনৰ স্বোতস্বিনী সোঁৱৰনিৰ অভিশাপ
বিলীন হৈ যায় আকাশৰ গভীৰতাৰ মাজত
চচ্ছল কঁহুৱাৰ শুভ্ৰ হাঁহিটি
গীত গাই অতীতে গৰকা অস্তিত্বহীন নাওঁখনিত
কম্পিত ছয়াময়াৰ লুকা-ভাকুত
মৰিচীকাৰ ঢাপলি মেলা উদগ্ৰীৱ জীপল।।
