Type Here to Get Search Results !

বৈপৰীত্য যাত্ৰা

 

বাবু শৰ্মা 
বশিষ্ঠ
কামৰূপ মেট্ৰ।


নীলিমাৰ আকাশত মেলি দিয়া
কল্পনাৰ ঠাঁচবোৰ নিৰব মনে
সুহুৰিয়াই থকা ডাৱৰৰ অদৃশ্য ৰেখা
স্মৃতিৰ বলুকা বিষাদৰ কোলাহল 
তড়িত গুঞ্জনৰ
অভেদ্য উৱলি যোৱা 
জীৱন নাটৰ শেষ পৃষ্ঠা
নিৰুদ্ধ অনামী কুসত্বাৰ
হৃদয়ৰ শ্যামলীয়া প্ৰভাতৰ আউসী
হেপাঁহৰ কোলাহল হুমুনিয়াহ
অমাৱস্যা নিশাৰ জোনাকী বাটত
ৰঙহীন ঠেৰু ছিঙিব নোৱাৰা 
স্থিতপ্ৰজ্ঞ ক্লান্তিহীন বিপ্লৱ বীজ
অস্থিত্বৰ জাহাজত আজন্ম মুক্ত চহা
সঞ্জিৱনী বিচাৰি পঁচোৱা কঁহুৱনিৰ
চন্দ্ৰাৱলী গভীৰ নিশাত
সীমাহীন অমৰ শিল্পৰ অলংকাৰ
কংক্ৰিটৰ বহু দূৰত চৰাঘৰত
তেজৰঙী বিষাদ স্মৃতিৰ মৌন অৱসাদ।