প্ৰগতি গগৈ চাংমাই
নাজিৰা।
শীতৰ হীমসনা কুঁৱলীজাক
দূবৰিৰ আগত বহিল দলিচা পাৰি,
কিচিৰ-মিচিৰ মাতেৰে চৰাইজাকে
দি গ'ল পুৱাৰ বতৰা।
কুঁৱলীৰ মায়াময় পৰিৱেশ
যেন বগা চাদৰৰ আৱেশ,
প্ৰকৃতিৰ নিয়ম নহয় ভংগ
থাকিব প্ৰতিদিন প্ৰতিনিয়ত।
ফুলে-ফুলে সজাইছে
নিয়ৰৰ টোপালে,
চাই ৰম যেন অনন্তকাললৈ।
প্ৰকৃতিৰ এনে শোভা ক'ত দেখা পাম
কুঁৱলীৰ মোহনীয়া ছন্দ ক'তো নাপাম,
নিয়ৰৰ টোপালত জিলিকে আভা
যেন একোটি মৰমৰ সোণপৰুৱা।
পথাৰৰ দাৱনীক কুঁৱলীয়ে কৰিব আমনি
সোণগুটিৰ পথাৰখন ধৰে যে ছানি,
কুঁৱলী সৰে লঠঙা ডালত
দি যায় অনাবিল সৌন্দৰ্য
আৰু সম্ভাবনাৰ সঁফুৰা।
কুঁৱলী ৰূপোৱালী বাখৰ যেন
মায়াবী প্ৰকৃতিৰ দুভৰিৰ নুপূৰ,
উন্মনা ফাগুনক ৰিঙিয়াই
বাজি উঠিব প্ৰাণচঞ্চল বাঁহী।
কাৰোবাৰ হৃদয় প্ৰবাহত ধ্বনিত হ'ব
প্ৰেমৰ মধুৰ গুঞ্জন,
ভাল লাগে কুঁৱলীৰ
বাখৰুৱা বগা আচ্ছাদন।
