Type Here to Get Search Results !

সেউজী ধৰণী ধুনীয়া কৰাৰ পণ লোৱা মহান প্ৰকৃতিপ্ৰেমীঃ যাদৱ পায়েং

 

ৰঞ্জিত চুতীয়া
ৰজাধাপ, সোণাৰি


                    অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ। ইয়াৰ দৈৰ্ঘ প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ। ১৯৮০ চনত অৰণ্য মানৱ যাদৱ পায়েঙে তাত অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। তেওঁ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্ত কৰিলে। প্ৰায় ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামাকৰণ কৰা হৈছে। বৰ্তমান এই অৰণ্যখনত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'লঃ অৰ্জুন, এজাৰ, গোলমোহৰ, চেগুন, মজ, শিমলু, বাঁহ আদি। প্ৰাণীৰ ভিতৰত গঁড়, ঢেকীয়াপতীয়া বাঘ, হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুণ ইত্যাদি। এই অৰণ্যখনলৈ বহুতো দেশী-বিদেশী পৰ্যটক অহা লগতে বিভিন্ন ঠাইৰ পৰা প্ৰকৃতি অধ্যয়ন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকল আহে।
                      এই গৰাকী মহান প্ৰকৃতিপ্ৰেমী যাদৱ পায়েং ওৰফে মুলাই জন্ম হৈছিল ১৯৫৯ চনৰ ৩১ অক্টোবৰত যোৰহাট জিলাৰ ককিলামুখৰ এটা মিচিং পৰিয়ালত। পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলি পায়েং। ২ নং মিচিং গাঁৱত পত্নী বিনীতা পায়েং, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে যাদৱ পায়েঙে বসবাস কৰে। গৰু আৰু ম'হ পালন কৰি গাখীৰ বিক্ৰী কৰাই তেখেতৰ একমাত্ৰ জীৱিকা।
                  ১৯৭৯ চনৰ মে’ মাহৰ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকৰী বানপানীত অসমৰ বিভিন্ন ঠাইৰ দৰে মাজুলী আৰু যোৰহাটৰ বিভিন্ন অংশ বানত জাহ গৈছিল। সেই বানপানীত বহুটো জীৱ-জন্তুৰ অকাল মৃত্যু হৈছিল। বালিচৰত মৰি থকা দ'ম দ'ম সাপৰ পোৱালিসমুহ দেখি তেওঁৰ অন্তৰত দুখ লাগিছিল। সেই সময়ত তেওঁ আছিল অষ্টম শ্ৰেণীৰ ছাত্ৰ। তেতিয়া পৰাই তেওঁ নিজৰ ঘৰ-বাৰী কাম বাদ দি ওচৰৰ গাঁৱৰ পৰা বাঁহৰ সঁচ আনি বালিচৰত শাৰী শাৰীকৈ পুতি দিছিল। বস্তাত ভৰাই বগৰী গুটি আনি সিঁচি দিছিল। বগৰী গছবোৰ বালিচৰত হোৱাৰ লগে লগে তালৈ পহুবোৰ অহাত অন্যান্য গছবোৰ হ'বলৈ ধৰিলে। তালৈ চৰাই-চিৰিকতি অহাত বহুটো গছ-গছনি বিস্তাৰ হ'ল। ক্ৰমশঃ ইটো-সিটো বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰি 'মুলাই কাঠনি' সৃষ্টি হ'ল। যি কাম বৰ্তমানলৈকে অসম তথা ভাৰতৰ বন বিভাগে কৰিব নোৱাৰিলে, সেই দুঃসাধ্য এজন সহজ-সৰল ব্যক্তিয়ে কৰিবলৈ সক্ষম হ'ল। চাপৰিৰ বালিত গছ ৰোপণ কৰি সুবিশাল অৰণ্য গঢ়ি তোলা এইজনা মহান ব্যক্তিয়ে প্ৰমাণ কৰি দেখুৱাই দিলে, 'কথাৰে নহয় কৰ্মৰেহে জগত জিনিব পাৰি'।
                    ১৯৮০ চনৰ পৰা বৰ্তমানলৈকে নিৰন্তৰ গতিত বালিচৰত বৃক্ষৰোপণ কৰি সেউজী ধৰণী ধুনীয়া কৰাৰ পণ লোৱা মহান প্ৰকৃতিপ্ৰেমী গৰাকীক বিভিন্ন অনুষ্ঠানৰ পৰা যথাযোগ্য সন্মান প্ৰদান কৰা হৈছে। ২০১২ চনৰ ২০ ৰ পৰা ২৫ এপ্ৰিলত নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ স্কুল অৱ এনভাইৰণমেন্টেল ছাইঞ্চে উদযাপন কৰা 'ধৰিত্ৰী দিৱস'ৰ কাৰ্যসূচীত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে তেওঁক 'ভাৰতৰ অৰণ্য মানৱ' (Forest Man of India) উপাধি প্ৰদান কৰে। সেই বৰ্ষতে উইলিয়াম ডগলাছ মেক্ মাষ্টৰ নামৰ এজন কানাডিয়ান ফটোগ্ৰাফাৰে নিৰ্মাণ কৰিছিল এখন তথ্যচিত্ৰ 'দ্য ফৰেষ্ট মেন'। ২০১৩ চনত সেই তথ্যচিত্ৰখনে কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ২০১৩ চনৰ ১৭ জুলাইত তেওঁক অৰণ্য সৃষ্টি কৰাৰ দৰে মহান কাম কৰাৰ বাবে মুম্বাই 'শ্ৰীসন্মুখানন্দ' নামৰ সুকুমাৰ কলা আৰু সংগীত সাধনাত ব্ৰতী অনুষ্ঠানটোৱে আগবঢ়োৱা 'সন্মুখানন্দ ডায়েমণ্ড বঁটা' ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ, পি, জে আব্দুল কালামে প্ৰদান কৰে। ২০১২ চনৰ ২৯ নৱেম্বৰত তেওঁক মুম্বাইত 'ছেংচুৰি এছিয়া ৱাইলড লাইফ বঁটা' (Sanctuary Asia Wildlife Award) প্ৰদান কৰে। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰী দিনা ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। ২০২০ চনত যাদৱ পায়েঙক ১২৮ সংখ্যক 'কমনৱেল্থ পইন্টছ অৱ লাইট এৱাৰ্ড' বঁটা বাবে নিৰ্বাচিত কৰা হয়। পৰিৱেশ সুৰক্ষালৈ আগবঢ়োৱা স্বেচ্ছামুলক অৱদানৰ বাবে ৰাণী দ্বিতীয় এলিজাবেথে তেওঁক এই স্বীকৃতি প্ৰদান কৰে আৰু ১১ মাৰ্চৰ এক অনুষ্ঠানত ব্ৰিটিছ উপ-উচ্চায়ুক্ত লিক্ লয়ে তেখেতক এই সন্মান প্ৰদান কৰে।
                   যাদৱ পায়েঙৰ জীৱন আৰু কৰ্ম আধাৰিত এখনি সচিত্ৰ ইংৰাজী ভাষাৰ গ্ৰন্থ ২০১৯ চনৰ ১৫ মাৰ্চত প্ৰকাশ হৈ ওলায়। গ্ৰন্থখনৰ নাম হৈছে ' The Boy who Grew a Forest: The True Story of Jadav Payeng' (অৰণ্য গঢ়া ল'ৰাজনঃ যাদৱ পায়েঙৰ সচাঁ কাহিনী)। শিশু-কিশোৰ বাবে যুগুতোৱা এই বিশেষ গ্ৰন্থখনৰ লেখিকা হৈছে ছ'ফিয়া গোলজ  (Sophia Gholz)। গ্ৰন্থখনে কেইবাটাও পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
               পায়েঙে এতিয়াও নিয়মীয়াকৈ গছ ৰোৱা, গছ প্ৰতিপালন কৰা কাম কৰি আছে। পূৰ্বৰ দৰেই তেওঁ গৰু-ম'হ পালন কৰি পাঁচজনীয়া পৰিয়ালটো চলায়। তেওঁ কেৱল ব্ৰহ্মপুত্ৰৰ চাপৰিতেই সীমাবদ্ধ নাথাকি ভাৰত তথা সমগ্ৰ বিশ্বখনেই সেউজীয়া কৰাৰ সপোন দেখিছে। বিশ্বৰ বিভিন্ন দেশলৈ  তেওঁ আমন্ত্ৰিত হৈছে আৰু তেওঁৰ চিন্তা-ধাৰা প্ৰসাৰ ঘটিছে।
                      আৰ্থিক অনাটনৰ বাবে আনুষ্ঠানিক শিক্ষা দশম শ্ৰেণীতেই সামৰিব লগা হৈছিল যাদৱ পায়েঙে। সেই সময়ত তেওঁ ড° যদুমণি বেজবৰুৱা নামৰ এজন উচ্চ শিক্ষিত ব্যক্তিৰ সান্নিধ্যলৈ আহিছিল। তেওঁ আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী। পাণ ৰুই তেখেতৰ পৰা পঁচিছশ টকা পাইছিল। তেওঁৰ পৰা পায়েঙে বহু প্ৰেৰণা লাভ কৰিছিল। পায়েঙে তেখেতক গুৰু হিচাপে মানি লয়। পায়েঙে আজি বহু বঁটা, সন্মান লাভ কৰিছে। এনেদৰে নিজৰ কৰ্ম আৰু জীৱন কাহিনীয়ে বিশ্বৰ যিকোনো প্ৰান্তৰে অলেখ মানুহক উদ্বুদ্ধ কৰিবলৈ সক্ষম হোৱা যাদৱ পায়েঙে একমাত্ৰ অসমীয়া। বিশ্বত আদৰ্শ ব্যক্তি ৰূপে প্ৰতিষ্ঠিত হোৱা, বিশ্বৰ প্ৰান্তে প্ৰান্তে অলেখ মানুহে নাম লোৱা দ্বিতীয় এজন অসমীয়া আজি পৰ্যন্ত বিৰল। ই অসমবাসী তথা ভাৰতবাসীৰ বাবে গৌৰৱ।
                     শেষত তেখেতৰ সপোনবোৰ সাকাৰ ৰূপ লওক, তেখেত সু-স্বাস্থ্যৰে দীৰ্ঘজীৱি হওক আৰু তেখেতৰ আদৰ্শৰে সকলোৱে বাট বোলক তাৰে কামনা কৰিলোঁ।