ডেইজী চৌধুৰী
গুৱাহাটী
পৃথিৱীৰ বিভিন্ন সমস্যাৰ ভিতৰত এটা প্ৰধান সমস্যা হৈছে বৰ্ণ বৈষম্যৰ সমস্যা। কৃষ্ণাংগ লোকসকলক মূলতে ইয়াৰ বলি হোৱা বুলি ভবা হয় যদিও বিশ্বৰ বহুকেইখন দেশত বৰ্ণ বৈষম্যৰ সন্মূখীন হোৱা লোকৰ উদাহৰণ দেখা যায়। ভাৰতবৰ্ষই এই তালিকাত নিজৰ নাম ৰাখিছে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক চিংকি, চাইনিজ, কোৰিয়ান ইত্যাদি নামেৰে নামাংকিত কৰি। ঘটনাই ইমান দূৰলৈ শিপাইছে যে বিগত বছৰটোৰ শেষত উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰাৰ উদীয়মান যুৱক এঞ্জেল চাকমাই দলবদ্ধ আক্ৰমণৰ বলি হৈ অতি কম বয়সতে নিজৰ জীৱনটোৱেই হেৰুৱালে। এয়া শাৰীৰিক আক্ৰমণ। কিন্তু প্ৰতিদিনে ভাৰতৰ বিভিন্ন ঠাইত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে ঠাট্টা মস্কৰাৰ সন্মূখীন হয়। নিজ ঘৰৰ পৰা অন্য ৰাজ্যলৈ গৈ অধ্যয়ণ নাইবা কৰ্মসূত্ৰেই হওক তেঁওলোকে অন্য ভাৰতীয় লোকৰ আগত নিজৰ শাৰীৰিক গঠন, খাদ্য, সংস্কৃতি ইত্যাদিৰ বাবে ব্যংগাত্মক কথাৰ সন্মূখীন হয়। ইয়াকে লৈ আজিলৈ কিমান প্ৰতিবাদ, প্ৰবন্ধ, আলোচনা হ’ল তাৰ সীমাসংখ্যা নাই। বহুকেইখন বোলছবি, চুটিছবি আনকি বাতৰিকাকত বা আলোছনীতো এই বিষয়ে প্ৰকাশ পাইছে। কিন্তু উত্তৰ-পূৰ্বাঞ্চলক উপলুঙা কৰাটো যেন এচামৰ প্ৰিয় কাম হৈ পৰিছে। যি কেইখন ৰাজ্যৰ বাবে ভাৰতবৰ্ষই শত্ৰুৰ হাতৰ পৰা দেশৰ এখণ্ডক বচাই ৰাখিব পাৰিছে সেই কেইখন ৰাজ্যৰ প্ৰতি ভাৰতৰ অইন ৰাজ্যৰ মানুহৰ কিয় এনেধৰণৰ ব্যৱহাৰ বুজি নাপাঁও। এঞ্জেল চাকমাই মৃত্যুৰ আগমূহুৰ্তলৈ নিজক ভাৰতীয় বুলি কৈও দানৱৰুপী মানৱৰ হাতত প্ৰাণ হেৰুৱালে। এটা উজ্জল ভৱিষ্যত স্তিমিত হ’ল। আজি আমি এজন চুবুৰীয়া ভাতৃ হেৰুৱাইছো, কিন্তু এঞ্জেল চাকমাৰ পিতৃ-মাতৃয়ে MBA ডিগ্ৰী গ্ৰহণ কৰি থকা পুত্ৰক চিৰদিনলৈ হেৰুৱালে। ইমান দুখদায়ক ঘটনা দেখি থকা পিছতো কিছুমানৰ মনত একোৱে অনুকম্পাৰ সৃষ্টি হোৱা নাই, হবনো কিয় তেঁওলোকৰ মতে উত্তৰ-পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ অংশই নহয়।সচেতন মহলে এতিয়াই এই বিষয়ত সচেষ্ট নহ’লে অনাগত দিনত আমি হেজাৰজন এঞ্জেল চাকমাক হেৰুৱাব লাগিব!!
আগতে দেখিছিলো ভাৰতীয় সকল বৰ্ণ বৈষম্যৰ বলি হৈছিল অষ্ট্ৰেলিয়াত কিন্তু এতিয়া খোদ ভাৰতীয়ই বৰ্ণ বৈষম্যৰ বলি হৈছে ভাৰতবৰ্ষত। ইয়াকে লৈ বলিউদে দুখনমান বোলছবিও নিৰ্মাণ কৰিছে। কিন্তু এইবোৰ এতিয়া বোলছবিত আবদ্ধ হৈ থকাৰ কথা হৈ থকা নাই। উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে দেশৰ ৰাজধানীত প্ৰতিদিনে বৰ্ণ বৈষম্যৰ বলি হয়, মানসিক নিৰ্যাতনৰ বলি হয়। কিছুমানৰ মতে যুৱতীসকলৰ পোচাকৰ বাবে হয় তেন্তে যুৱকসকলে কি অল্পবস্ত্ৰ পৰিধান কৰে যাৰ বাবে তেঁওলোকে মানসিক নিৰ্যাতনৰ বলি হয় ?
ডেইজী চৌধুৰী
গুৱাহাটী
