চৈয়দা চায়ৰা বেগম
নাজিৰা
সহজ সৰল আৰু সামাজিক মূল্যবোধ আৰু দায়বদ্ধতাৰ লিখনিৰে সকলোৰে প্ৰিয় ড° ভৱেন্দ্ৰনাথ শইকীয়া দেৱ ৷
বিশিষ্ট নাট্যকাৰ ,সাহিত্যিক,চিত্ৰ নিৰ্মাতা ড° ভৱেন্দ্ৰনাথ শইকীয়া দেৱে জীৱনৰ কালচোৱাত নিৰবিচ্ছিন্ন ভাৱে সাহিত্য ,গল্প ৰচনাত ব্ৰতী আছিল ৷তেখেতৰ গল্প 'প্ৰহৰী', 'শৃঙ্খল','গহ্বৰ', ইত্যাদি উল্লেখ যোগ্য গল্প সংকলন ৷'শৃ্ঙ্খল ' গল্প সংকলন খনৰ বাবে ড° ভৱেন্দ্ৰনাথ শইকীয়া দেৱে ১৯৭৬চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ৷
ড° ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ এখনি গল্প সংকলন আছিল 'ঢোৰা সাপ' ৷তেখেতৰ এই গল্পটিত নাৰী জীৱনৰ এটি মননশীল চৰিত্ৰ সুন্দৰকৈ প্ৰকাশ কৰিছে ৷লগতে সমাজ জীৱনৰ বাস্তৱ দিশ এটাও প্ৰকাশ কৰিছে ৷ নাৰীৰ আবেদনময়তাক 'জানেকী'ৰ চৰিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিছে ৷ উল্লেখযোগ্য যে শইকীয়া দেৱৰ ৰচনাত তেখেতৰ বিশেষ স্বকীয়তাৰ প্ৰতিফলন দেখা পোৱা যায় ৷
ড° শইকীয়া দেৱেৰ শিশু সাহিত্যসমূহো উল্লেখযোগ্য ৷ এটা সময়ত যেতিয়া ৰেডিঅ আছিল সেই সময়ত ৰেডিঅ’ত শুনিছিলো তেখেতৰ শিশু নাট 'শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট -মহাদুষ্ট ৷
ড° ভৱেন্দ্ৰনাথ শইকীয়া দেৱে বিশেষকৈ হাস্য -ব্যংগমিশ্ৰিত ৰচনা সমূহ ছদ্মনামেৰে লিখিছিল আৰু এই সমূহ সৃষ্টি 'প্ৰান্তিক' আৰু সাপ্তাহিক কাকত 'বুধবাৰ'ত প্ৰকাশ হৈছিল ৷ 'সত্যপ্ৰিয় পাঠক'ছদ্মনামটি তেওঁ সৰ্বাধিক ব্যৱহৃত কৰিছিল ৷
। ২০০৩চনৰ ১৩আগষ্ট তাৰিখত তেখেতে মৃত্যু বৰণ কৰে যদিও তেখেতৰ সাহিত্যৰাজিয়ে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ৷ ১৯৯০চনত 'অসম উপত্যকা বঁটাৰ লগতে তেখেতক পদ্মশ্ৰী বঁটাও প্ৰদান কৰিছিল৷ অসমীয়া জাতীয় জীৱনৰ উত্তৰণত ড° ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ সাহিত্য কৰ্মৰ অৱদান অতুলনীয় ৷তেখেতৰ জন্ম ২০ফেব্ৰুৱাৰী১৯৩২চনত ৷নগাঁৱৰ ফৌজদাৰী পটিত ৷
এগৰাকী অদ্বিতীয় ব্যক্তিসত্বাৰে ড° ভৱেন্দ্ৰনাথ শইকীয়া দেৱলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি নিবেদিলো ৷
—————
চৈয়দা চায়ৰা বেগম
নাজিৰা ৷
