Type Here to Get Search Results !

অন্য কবিতা

 

শৰৎ ভৰালী
লালুক,লখিমপুৰ

         ১/
আবেলিৰ ৰ’দজাক পিঠিত লৈ
দিনটো হেৰাই গ’ল
ঠেঁটুৱৈ লগা শীতৰ এন্ধাৰত ৷
আকৌ অংকিত হয় এখন ছবি
কৰুণ চেপা যান্ত্ৰনা আৰু হাঁহিৰ ৷

             ২/
বুজিছা এইবাৰ পুহৰ মেজি চেঁচাপোৰা কৈ গ’ল 
কুঁৱলীৰ আঘাতত আকাশখন ফেঁকুৰি উঠিল ৷
কিন্তু মাঘৰ জুইকুৰা টগবগাই জ্বলিল
ল’ৰালিৰ জীয়া ছবিখন চকুৰ পঁচাতে পুৰিবলৈ তুম্‌ৰলি হৈ উঠিল ৷

             ৩/
বিষাদিত আকাশৰ সেওঁতা ফালি
উদিত সুৰুজ আহিছে নামি
ভাগৰুৱা সপোনবোৰক নাশি ৷