Type Here to Get Search Results !

​স্মৃতিৰ মুখা

 

সুভাষ মজুমদাৰ
ঢালিগাঁও বঙাইগাঁও


​পাহৰি গৈছোঁ বুলি কোৱা সহজ, 
কিন্তু পাহৰি থকাটো টান,
স্মৃতিবোৰে জানো মিছা যুক্তিত হাৰ মানিব খোজে?
বুকুৰ ভিতৰত ধুমুহা বলে, 
বাহিৰত শান্ত-স্থিৰ,
অকলশৰীয়া নাৱিকে যেন বায় নিজৰে ভগা নাওখন।
নীৰৱতা মানেই মুক্তি নহয়, 
নীৰৱতা মানে এক শীতল যুঁজ—
য’ত নিজৰ সৈতে নিজৰেই চলে অহৰহ যুঁজ।
মুখা পিন্ধি হাঁহি থাকোঁ মই, 
সকলোৱে ভাবে ঠিকেই আছোঁ,
কাৰোবাৰ জানো চকু পৰে 
মনৰ আঁৰত জমা হোৱা লীন কষ্টৰ ওপৰত?

​যাক ভাবি দিনটো আৰম্ভ হৈছিল 
আৰু ৰাতিটো পাৰ হৈছিল,
তেওঁ জানো উভতি আহে? 
তেওঁ দেখোন এতিয়া আন কাৰোবাৰ।
তেওঁ চাগে আজি হাঁহিছে সুখত, 
নতুন গানৰ সুৰত,
আৰু মই আজিও আছোঁ মৰীচিকা খেদি
সেই বহু দূৰত।

​ভালপোৱা হেৰালে মানুহ হেৰায়, 
হেৰায় নিজৰ মন,
পুৰণি মইজন কেতিয়াবাই মৰি গ’ল, 
হ’ল বিসর্জন।
বিশ্বাস আজি শিল হৈ পৰিল, 
হাঁহিটো অতি শেঁতা,
হৃদয়ত এতিয়া কেৱল নিঃসংগতাৰ গান।

​পাহৰি যোৱা নহয়, 
আমি কেৱল সহিবলৈ শিকি যাওঁ,
কষ্টৰ সৈতে সাজি ঘৰ 
জীয়াই থকাটোৱেই অভ্যাস নিজৰ।

স্মৃতিৰ চিতা জ্বলি থাকক নীৰৱ গভীৰ নিশা,
মই অকলেই খোজ দিম শূন্য হাতে
সদায় সাৱটি সেই মুখাৰ আঁৰৰ মুখা
যি নহয় পাহৰিব পৰা।